প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজীৱ গান্ধী ইউনিভাৰ্চিটী অৱ হেল্থ ছায়েন্সেছৰ ২৫সংখ্যক প্ৰতিষ্ঠা দিৱস প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনূবাদ

Posted On: 01 JUN 2020 12:19PM by PIB Guwahati

এই বিশিষ্ট বিশ্ববিদ্যালয়খনৰ ২৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্বোধন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছো৷ এই বিশ্ববিদ্যালয়ৰ সৈতে জড়িত প্ৰতিগৰাকী চিকিসক আৰু বিজ্ঞানীসমূদায়ক মই অভিনন্দন জ্ঞাপন কৰিছো৷ বিগত বছৰসমূহত আপোনালোকে শিক্ষণৰ সমান্তৰালভাৱে ঔষধ ব্যৱস্থাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য কাম কৰিছে৷

 

২৫ বছৰ মানে এই বিশ্ববিদ্যালয় এতিয়া তৰুণ হৈ উঠিছে৷ এই বয়সত বহু ডাঙৰ চিন্তা কৰাৰ লগতে উন্নত কাম কৰিব পাৰে৷ মোৰ বিশ্বাস অনাগত দিনত বিশ্ববিদ্যালয়খনে উকৰ্ষতাৰ নতুন শিখৰত উপনীত হ’ব৷ মই ক’ভিড-১৯ পৰিস্থিতি মোকাবিলা কৰাত কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ শলাগ লৈছো৷ বন্ধুসকল, স্বাভাৱিক সময়ত এই দিৱস অতি জাকজমকতাৰে উদযাপন কৰা ’লহেতেন৷ এই বিশ্ব মহামাৰী নোহোৱা হ’লে মই বাংগালুৰুত এই বিশেষ দিনটোত আপোনালোকৰ মাজত থাকিলোহেতেন৷

কিন্তু বৰ্তমান বিশ্বই বিগত দুখন বিশ্বযুদ্ধৰ পাছত সৰ্ববৃহসংকটৰ সন্মখীন হৈছে৷ বিশ্ব যুদ্ধৰ আগত আৰু পাছত হোৱাৰ পৰিৱৰ্তনৰ দৰে ক’ভিডৰ আগত আৰু পাছতো একেদৰে ব্যাপক পৰিৱৰ্তন হ’ব৷

বন্ধুসকল, এই সময়ছোৱাত বিশ্বই আমাৰ চিকিসক, নাৰ্ছ, মেডিকেল ষ্টাফ আৰু বৈজ্ঞানিক সমূদায়ৰ ফালে আশা আৰু কৃতজ্ঞতাৰে চাই আছে৷ বিশ্বই আপোনালোকৰ পৰা যত্ন আৰু আৰোগ্য দুয়োটাই বিচাৰে৷

ক’ভিড-১৯ বিৰোধী ভাৰতৰ যুঁজখনৰ মুলতে ভাৰতৰ সাহসী চিকিসক সমূদায় আৰু আমাৰ ক’ৰোনা যোদ্ধাসকল৷ সৈনিক সাজ অবিহনে চিকিসক আৰু চিকিসা কৰ্মীসকলো একো একোগৰাকী সৈনিক৷

এই ভাইৰাছ অদৃশ্য হ’ব পাৰে, কিন্তু আমাৰ ক’ৰোনা যোদ্ধাসকল অপৰাজেয় আৰু এই অদৃশ্য আৰু অপৰাজেয় মাজৰ যুঁজত আমাৰ চিকিসা কৰ্মীসকলৰ জয় নিশ্চিত৷

বন্ধুসকল, আগতে গোলকীকৰণৰ বিতৰ্কত অৰ্থনৈতিক দিশবোৰে গুৰুত্ব লাভ কৰিছিল৷ এতিয়া, বিশ্বই ঐক্যবদ্ধ হৈ উন্নয়নৰ মাৱককেন্দ্ৰিক দিশবোৰৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব৷

প্ৰতিখন দেশে আগতকৈ স্বাস্থ্য খণ্ডক অধিক সুবিধাসম্পন্ন কৰিব লাগিব৷ বন্ধুসকল, বিগত ৬ বছৰত স্বাস্থ্য খণ্ড আৰু চিকিসা শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা কেতবোৰ পদক্ষেপে দেশৰ স্বাস্থ্যখণ্ডত যথেষ্ট অগ্ৰগতি লাভ কৰিব বুলি কয়৷ আমি দেশৰ স্বাস্থ্য খণ্ডৰ উন্নতিৰ বাবে আমি ব্যাপক ভাৱে চাৰিটা স্তম্ভত কাম কৰিছোঃ

প্ৰথমটো হৈছে-প্ৰতিৰোধমূলক চিকিসা৷ ইয়াৰ ভিতৰত যোগা, আয়ুৰ্বেদ আৰু সাধাৰণ ফিটনেচক গুৰুত্ব দিয়া হৈছে৷ জীৱনশৈলী সম্পৰ্কীয় ৰোগ নিয়ন্ত্ৰণৰ বাবে ৪০ হাজাৰতকৈ অধিক আৰোগ্য কেন্দ্ৰ মুকলি কৰা হৈছে৷ স্বচ্ছ ভাৰত অভিযানৰ সফলতাও প্ৰতিৰোধমুলক চিকিসাৰ আন এক মুখ্য অংশ৷

দ্বিতীয়টো হৈছে-সহজলভ্য চিকিসাঃ আয়ুষ্মান ভাৰত-বিশ্বৰ সৰ্ববৃহ স্বাস্থ্য সেৱা আঁচনি ভাৰতত গ্ৰহণ কৰা হৈছে৷ দুবছৰতকৈ কম সময়ৰ ভিতৰতে এই আঁচনিৰ জৰিয়তে ১ কোটিতকৈ অধিক লোক উপকৃত হৈছে৷ এই আঁচনিৰ হিতাধিকাৰীৰ ভিতৰত মহিলা আৰু গাঁৱত বসবাস কৰা লোকৰ সংখ্যাই সৰ্বাধিক৷

তৃতীয়টো হৈছে-যোগানৰ দিশটো উন্নয়ন সাধনঃ আমাৰ দৰে এখন দেশৰ উপযুক্ত চিকিসা আন্তঃগাঁথনি থাকিব লাগে৷ দেশৰ প্ৰতিখন জিলাত মেডিকেল কলেজ বা স্নাতকোত্তৰ চিকিসা প্ৰতিষ্ঠান গঢ়ি তোলাটো সুনিশ্চিত কৰা হৈছে৷

দেশত ২২খন এইমছ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে৷ বিগত পাঁচ বছৰত আমি ৩০ হাজাৰ এমবিবিএছ আৰু ১৫ হাজাৰ স্নাতকোত্তৰ আসন যোগ দিবলৈ সক্ষম হৈছো৷ স্বাধীনতাৰ পাছত পাঁচটা বছৰত যিকোনো এখন চৰকাৰে বৃদ্ধি কৰা আসনৰ ভিতৰতে এয়া সৰ্বাধিক৷ সংসদত আইন গৃহীত কৰি ভাৰতৰ চিকিসা পৰিষদৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় চিকিসা হিচাপে গঠন কৰা হৈছে৷ ইয়াৰ দ্বাৰা দেশৰ মেডিকেল শিক্ষা বিশ্ব মানৰ কৰি তোলাৰ প্ৰচেষ্টা লোৱা হৈছে৷

চতুৰ্থ স্তম্ভটো হৈছে—সকলো প্ৰকল্পৰ দ্রুত ৰূপায়ণ৷ কাগজে-কলমে কোনো চিন্তাধাৰা বাস্তবায়িত কৰাটোৱেই আটাইতকৈ ডাঙৰ কাম৷ সেয়েহে এইবোৰ ৰূপায়ণ কৰাটো অতি জৰুৰী৷

 

এইখনিতে মই ভাৰতৰ ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ সাফল্যৰ কথাটো উল্লেখ কৰিব বিচাৰিছো, যাৰ ফলত মহিলা আৰু শিশুসকল উপকৃত হৈছে৷ ভাৰতে ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নির্মূল কৰাৰ বাবে ২৪ ঘণ্টা কাম কৰি আহিছে৷ সমগ্ৰ বিশ্বত ২০৩০ চনৰ ভিতৰত যক্ষ্মা ৰোগ দূৰীকৰণৰ পৰিকল্পনা কৰা হৈছে৷ ভাৰতে এই ক্ষেত্ৰত বছৰ পূৰ্বেই এই ৰোগ নির্মূল কৰিব৷ মিচন ইন্দ্ৰধনুষৰ জৰিয়তে বছৰত টীকাকৰণৰ হাৰ গুণ বৃদ্ধি পাইছে৷ বন্ধুসকল, কেন্দ্ৰই বৰ্তমান এক নতুন আইন অনাৰ ক্ষেত্ৰত অনুমোদন জনাইছে৷ ইয়াৰ ফলত, স্বাস্থ্য আৰু সেৱাৰ সৈতে জড়িত ৫০ বিধৰ ক্ষেত্রত বৃত্তি সৃষ্টি হ’ব৷ এই আইন প্ৰণয়ন কৰিলে দেশত পেৰা মেডিকেল কর্মীৰ ঘাটি দূৰ হ’ব৷ ভাৰতে অন্য দেশতো দক্ষ কর্মী প্ৰেৰণ কৰিব পাৰিব৷

 

বন্ধুসকল, মই তিনিটা বিষয় লৈ আলোচনা কৰাৰ বাবে আপোনালোকক আহ্বান জনাইছো৷

প্ৰথমটো টেলিমিডিচিনৰ উন্নতি৷ টেলিমেডিচিনক আৰু অধিক ব্যাপকৰূপত জনপ্রিয় কৰি তোলাৰ বাবে আমি কি নতুন মডেলৰ বিষয়ে চিন্তা কৰিব পাৰো?

 

আনটো বিষয় স্বাস্থ্য খণ্ডত মেক ইন ইণ্ডিয়া কাৰ্যসূচী ৰূপায়ণ৷ এই ক্ষেত্রত প্রাথমিকভাৱে যি অগ্ৰগতি দেখা গৈছে, তাক লৈ মই অতি আশাবাদী৷ আমাৰ দেশৰ পাদনকাৰীসকলে পিপিই কিট প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছে আৰু ক’ভিড যোদ্ধাসকলৰ বাবে কোটি পিপিই কিট যোগান ধৰা হৈছে৷ একেদৰে, আমি সকলো ৰাজ্যত .২০ কোটি মেক ইন ইণ্ডিয়া এন-৯৫ মাস্ক যোগান ধৰিছো৷

তৃতীয়টো হতথ্য প্ৰযুক্তিক স্বাস্থ্য সেৱাত কিদৰে কামত লগাব লগোৱা৷ মই নিশ্চিত যে আপোনালোকে ম’বাইলত আৰোগ্য সেতু এপটো আপোনালোক ডাউনলোড কৰিছে৷ স্বাস্থ্য বিষয়ত সজাগ ১২ কোটি লোকে আৰোগ্য সেতু এপটো ডাউনলোড কৰিছে৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত এইটো অতি সহায়ক৷

 

বন্ধুসকল, মই জানো এই বিষয়ত আপোনালোক সকলোৱেই খুব চিন্তিত৷ এই যুদ্ধৰ প্ৰথম শাৰীত থাকি যিসকলে কাম কৰিছে, সেই কর্মৰত চিকিসক, নাৰ্ছ, স্বাস্থ্য কর্মীকে ধৰি অন্যান্যসকল আক্ৰমণৰ বলি হৈছে৷ মই এই বিষয়ত স্পষ্টকৈ জনাব বিচাৰিছো যে আক্ৰমণ, গালি পৰা আৰু দুর্ব্যৱহাৰ কেতিয়াও সহ্য কৰা নহ’ব৷ যি কোনো ধৰণৰ আক্ৰমণৰ পৰা আপোনালোকক ৰক্ষা কৰিবলৈ সকলো ধৰণৰ পদক্ষেপ হাতত লোৱা হৈছে৷ আমি সন্মুখৰ শাৰীত থাকি যিসকলে যুদ্ধ কৰিছে, তেওঁলোকৰ বাবে ৫০ লাখ টকাৰ বীমাৰ ব্যৱস্থা কৰিছো৷

বন্ধুসকল, মই অতিশয় আনন্দিত যে বিগত ২৫ বছৰত এই বিশ্ববিদ্যালয়ৰ যাত্ৰাত হাজাৰ হাজাৰ চিকিসক আৰু পেৰা মেডিকেল কর্মী গঢ় দিছে, যিসকলে সংকটৰ এই সময়ত দৰিদ্ৰ লোকসকলৰ সেৱা কৰিছে৷ মই নিশ্চিত যে এই বিশ্ববিদ্যালয়ে ভৱিষ্যতেও উন্নত মানৰ স্বাস্থ্য কর্মী গঢি তুলিব, যিসকলক লৈ ৰাজ্য আৰু দেশ গৌৰৱবোধ কৰিব৷

 

ধন্যবাদ৷

বহুত বহুত ধন্যবাদ৷

 

******

VRRK/AK/DB



(Release ID: 1628516) Visitor Counter : 180