আয়ুষ

মন কী বাতত ‘মাই লাইফ মাই যোগা’ শীৰ্ষক ভিডিঅ’ ব্ল’গিং প্ৰতিযোগিতাৰ সন্দৰ্ভত ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

Posted On: 31 MAY 2020 5:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক উদ্দেশ্যি নিজৰ মাহেকীয়ামন কী বাতঅনুষ্ঠানত আগঢ়োৱা ভাষণৰ সময়ত সকলো জনসাধাৰণক আয়ুষ মন্ত্ৰালয় তথা ভাৰতীয় সাংস্কৃতিক সম্পৰ্কৰ পৰিষদ(আইচিচিআৰ) দ্বাৰা যৌথ প্ৰচেষ্টাৰেমাই লাইফমাই যোগা’ (জীৱন যোগা বুলিও জনাজাত), ভিডিঅব্ল’গিং প্ৰতিযোগিতাত অংশগ্ৰহণৰ আহ্বান জনায়৷ এই প্ৰতিযোগিতা ব্যক্তিৰ জীৱনত যোগৰ পৰিৱৰ্তনশীল প্ৰভাৱক গুৰুত্ব আৰোপ কৰা হৈছে আৰু অহা ২১ জুন, ২০২০ত পালন কৰিবলগীয়া ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(আইডিৱাই) সৈতে সম্পৰ্কীয় কাৰ্যসূচীৰো অন্তৰ্গত৷ এই প্ৰতিযোগিতা আজি অৰ্থা ৩১ মে’, ২০২০ত আয়ুষ মন্ত্ৰালয়ৰ চিয়েল মিডিয়াযোগে পোনপটীয়াভাৱে অনুষ্ঠিত হয়৷

বিগত বছৰসমূহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ সময়ত ৰাজহুৱা স্থানত হাজাৰ হাজাৰ লোকে সমূহীয়াকৈ যোগ প্ৰদৰ্শন কৰিছিল৷ ভিড-১৯ৰ সংক্ৰামক প্ৰকৃতিৰ বাবে এইবাৰ সামূহিক অনুষ্ঠান অনুষ্ঠিত কৰাটো অসম্ভৱ হৈ পৰিছে৷ সেইবাবে এইবাৰ মন্ত্ৰালয়ে জনসাধাৰণক তেওঁলোকৰ ঘৰতে সমগ্ৰ পৰিয়ালৰ সৈতে যোগৰ অভ্যাস কৰিবলৈ সাহিত কৰিছে৷মাই লাইফ মাই যোগাভিডিঅব্ল’গিং প্ৰতিযোগিতাৰ জৰিয়তে আয়ুষ মন্ত্ৰালয় আৰু আইচিচিআৰে যোগক লৈ সজাগতা সৃষ্টি কৰিব বিচাৰে আৰু লোকসকলক আন্তঃৰাষ্ট্ৰীয় দিৱস, ২০২০ উদযাপনৰ কৰাৰ বাবে সাজু কৰা আৰু ইয়াত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে সাহিত কৰিছে৷ এই প্ৰতিযোগিতাত ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে অংশগ্ৰহণ কৰিব পাৰিব৷ ভিডিঅপ্ৰতিযোগিতা সকলো দেশৰ অংশগ্ৰহণকাৰীৰ বাবে মুক্ত৷

এই প্ৰতিযোগিতা দুটা পৰ্যায়ত অনুষ্ঠিত ব৷ প্ৰথম পৰ্যায়ত এক ৰাষ্ট্ৰীয় ভিডিঅব্ল’গিং প্ৰতিযোগিতা , ভাৰতৰ বিজয়ী নিৰ্বাচিত কৰা ব৷ ইয়াৰ পাছত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী নিৰ্বাচন কৰা আৰু ইয়াত বিভিন্ন দেশৰ প্ৰতিযোগী থাকিব৷

অংশগ্ৰহণকাৰীসকলৰ বাবে তিনিটা শাখাতৰুণ(১৮ বছৰ বয়সতকৈ কম), বয়স্ক (১৮ বছৰ বয়সতকৈ অধিক) আৰু যোগৰ বৃত্তিৰ সৈতে জড়িত লোক৷ তদুপৰি, পুৰুষ-মহিলাৰ বাবেও পৃথক শাখা থাকিব৷ ভাৰতীয় প্ৰতিযোগিতাৰ বাবে প্ৰত্যেক শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ বাবে ক্ৰমে লাখ, ৫০ হাজাৰ আৰু ২৫ হাজাৰকৈ ধন প্ৰদান কৰা বুলি ঘোষণা কৰা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰৰ সন্দৰ্ভত শীঘ্ৰে আয়ুষ মন্ত্ৰালয়ৰ যোগ ৰ্টেলত ঘোষণা কৰা ব৷

সমগ্ৰ বিশ্বৰ প্ৰতিযোগীৰ বাবে মুক্ত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে প্ৰতিযোগীসকলে এটা সৰু ভিডিঅবাৰ্তা/বিৱৰণ, কিদৰে সেই যোগাভ্যাসে তেওঁৰ জীৱনত প্ৰভাৱ পেলাইছে, লগতে ৩টা যোগাসন(ক্ৰিয়া, আসন, প্ৰাণায়াম, বন্ধ বা মুদ্ৰা) তিনি মিনিটৰ এক ভিডিঅআপলোড কৰিব লাগিব৷ ভিডিঅটো #MyLifeMyYogaINDIA বুলি লিখাৰ লগতে নিৰ্দিষ্ট শাখাৰ হেছটেগ কৰি ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামত আপলোড কৰিব লাগিব৷ প্ৰতিযোগীসকলে সবিশেষ নিৰ্দেশনাৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ যোগ ৰ্টেল (https://yoga.ayush.gov.in/yoga/). চাব পাৰিব৷

প্ৰতিযোগিতাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাক লৈ ব্যাপক উকণ্ঠা আৰু আগ্ৰহ পৰিলক্ষিত হৈছে৷আয়ুষ মন্ত্ৰালয়ে বিশ্বাস কৰে যে এই আগ্ৰহে জনসাধাৰণক তেওঁলোকৰ স্বাস্থ্য ক্ষেত্ৰতো লাভান্বিত কৰি তুলিব, কিয়নো ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ইয়াৰ ব্যৱস্থাপনাত যোগৰ বহুতো ইতিবাচক প্ৰভাৱ আছে৷

***

SK/DB



(Release ID: 1628227) Visitor Counter : 180