বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ বাবে জৈৱ প্ৰযুক্তি বিভাগে প্ৰণয়ন কৰিছে এক দ্ৰুত প্ৰতিক্ৰিয়াশীল নিয়ামক

प्रविष्टि तिथि: 30 MAY 2020 2:57PM by PIB Guwahati

জৈৱ প্ৰযুক্তি বিভাগে জৈৱ সুৰক্ষা নিয়ামক সংৰেখিত কৰাৰ বাবে তথা পুনঃ সংযোজক ডিএনএ প্ৰযুক্তি আৰু বিপদজনক মাইক্ৰ’অৰ্গেনজিমৰ বিকাশত অগ্ৰসৰ হোৱা গৱেষক তথা উদ্যোগসমূহৰ বাবে বিভিন্ন সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে৷

সেই পদক্ষেপসমূহ হ’লঃ

১. ভাৰতীয় জৈৱ সুৰক্ষা জ্ঞান প’ৰ্টেলৰ কাৰ্যকৰীকৰণ৷

২. গৱেষণা আৰু বিকাশ উদ্দেশ্যৰ বাবে আমদানি, ৰপ্তানি আৰু জিই অৰ্গেনিজিমৰ বিনিময়ৰ বাবে সংশোধিত জাননী জাৰি৷

৩. ক’ভিড-১৯ৰ গৱেষণা আৰু বিকাশৰ সুবিধা৷

 

প্ৰতিষেধকৰ বিকাশ, চিকিৎসা আদিৰ বাবে ক’ভিড-১৯ সম্পৰ্কীয় দ্ৰুত প্ৰতিক্ৰিয়াশীল পৰিকাঠামো ২০.০৩.২০২০ তাৰিখে অধিসূচীত কৰা হৈছে৷

০৮.০৪.২০২০ তাৰিখে ডিবিটিয়ে ‘‘ক’ভিড-১৯ৰ নমুনা প্ৰতিপালনৰ বাবে গৱেষণাগাৰত জৈৱ সুৰক্ষাৰ অন্তৰীম নিৰ্দেশনা পত্ৰ’’ৰ বিষয়ে অধিসূচীত কৰিছে৷

৩০ জুন ২০২০ তাৰিখ পৰ্যন্ত আইবিএছচিয়ে তেওঁলোকৰ বৈঠকসমূহ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সম্পন্ন কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে৷

পুনঃ সংযোজক ডিএনএ ক’ভিড-১৯ প্ৰতিষেধকৰ বাবে দ্ৰুত প্ৰতিক্ৰিয়াশীল নিয়ামক পৰিকাঠামোৰ জাননী ২৬.০৫.২০২০ তাৰিখে জাৰি কৰা হৈছিল৷

*****

NB/KGS/(DBT release)/MANN


(रिलीज़ आईडी: 1628078) आगंतुक पटल : 290
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Tamil , Telugu , Kannada