খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়

ক’ভিড-১৯ এ সৃষ্টি কৰা পৰিস্থিতিৰ মাজতে উদ্যোগসমূহৰপৰা লাভ কৰা ৫৮৫ টা অভিযোগৰ ভিতৰত খাদ্য brসংসাধন উদ্যোগ মন্ত্ৰালয়ৰ অভিযোগ কোষে ৫৮১ টা সমাধান কৰিছে

খাদ্য সংসাধন উদ্যোগৰ অংশীদাৰসকলৰ লগত শ্ৰীমতী হৰচিমৰৎ কৌৰ বাদলে নিয়মীয়াকৈ ভিডিঅ’ কনফাৰেন্সযোগে মিলিত হয় আৰু তৃণমূল পৰ্যায়ৰ পৰিস্থিতিৰ বুজ লয়।

Posted On: 30 MAY 2020 2:50PM by PIB Guwahati

ভিড-১৯ এ সৃষ্টি কৰা পৰিস্থিতিৰ মাজতে উদ্যোগসমূহৰপৰা লাভ কৰা ৫৮৫ টা অভিযোগৰ ভিতৰত খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ অভিযোগ কোষে অতি সক্ৰিয়তাৰে ৫৮১ টা সমাধান কৰিছে। কৰ্মীবলে সমস্যাসমূহক বিত্ত মন্ত্ৰালয় আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়কে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰে আৰু নেতৃস্থানীয় ঔদ্যোগিক সমিতিসমূহ আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ লগত জড়িত সংস্থাসমূহৰ লগত নিয়মীয়া যোগাযোগৰ জৰিয়তে সমস্যাসমূহৰ সমাধান আগবঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। কভিড-১৯ ৰ বাবে লকডাউন চলি থকা সময়খিনিত খাদ্য প্ৰক্ৰিয়াকৰণ ক্ষেত্ৰৰ লগত জড়িত উপাদনভিত্তিক বা যোগান শৃংখলৰ কোনো সমস্যা covidgrievance-mofpi[at]gov[dot]in ত ই-মেইলযোগে জনাব পাৰে।

মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু বিনিয়োগ ভাৰতৰ সদস্যৰে সৈতে মন্ত্ৰালয়ে এক নিৰ্দিষ্ট কৰ্মীবল আৰু অভিযোগ কোষ গঠন কৰি দিছিল। বিভিন্ন ঔদ্যোগিক সমিতিৰ যোগেদি উদ্যোগসমূহে অভিযোগ কোষত পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পাৰে। অভিযোগ কোষে মূলত তলত দিয়া বিষয়ত অভিযোগ লাভ কৰিছেঃ

১. লকডাউনৰ বাবে প্ৰকল্প বন্ধ হোৱা

২. সামগ্ৰী পৰিৱহণৰ লগত জড়িত সমস্যা, গোদামসমূহ বন্ধ হোৱা

৩. শ্ৰমিকৰ অভাৱ

৪. কৰ্মচাৰী আৰু শ্ৰমিকৰ চাল-চলনত অসুবিধা

কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰচিমৰ কৌৰ বাদলে নিয়মীয়াকৈ খাদ্য সংসাধন উদ্যোগৰ অংশীদাৰসকল, যেনে ঔদ্যোগিক সন্থা, শীতল শৃংখল ব্যৱস্থাপক, ৰপ্তানিকাৰ আদিৰ লগত ভিডিঅ কনফাৰেন্সযোগে মিলিত হয় আৰু তৃণমূল পৰ্যায়ৰ পৰিস্থিতিৰ বুজ লয়।

শীতল শৃংখল ব্যৱস্থাপকসকলৰপৰা ভিডিঅ কনফাৰেন্সযোগে মন্ত্ৰালয়ে কেইবাটাও অভিযোগ লাভ কৰিছিল যিকেইটা কৰ্মীবলে ক্ষীপ্ৰতাৰে সমাধান কৰে। খাদ্য আৰু আনুসঙ্গিক উদ্যোগসমূহক পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা মন্ত্ৰালয়ে লৈছে।

খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয় সামগ্ৰী পৰিৱহণ আৰু যোগান সবলীকৰণ সমিতিৰো সদস্য আৰু কৃষিজাত সামগ্ৰী উদ্যোগসমূহক যোগান দিয়াটো সুনিশ্চিত কৰাত অগ্ৰণী ভূমিকা লৈছে যাতে কৃষক সমাজ ইয়াৰ পৰা লাভান্বিত হয়। খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগসমূহত কভিড-১৯ ৰ প্ৰভাৱ যিমান পাৰি কমাই ৰাখিবৰ বাবে খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে বিভিন্ন পদক্ষেপ হাতত লৈছে।

****

RJ/NG/PRK



(Release ID: 1628061) Visitor Counter : 213