PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
28 MAY 2020 6:39PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)


স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যসমূহ
চিকিৎসকৰ নিৰীক্ষণত থকা সংক্ৰমিত লোকৰ সংখ্যা হ’ল ৮৬,১১০ জন৷ এই পৰ্যন্ত ৬৭,৬৯১ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৩২৬৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ইয়াৰ জৰিয়তে আৰোগ্যৰ হাৰ হৈছে ৪২.৭৫%৷

অধিক বিৱৰণৰ বাবে
ক’ভিডত বেয়াকৈ আক্ৰান্ত ১৩খন মহানগৰৰ পৰিস্থিতিৰ খতিয়ান ল’লে কেবিনেট সচিবে
কেবিনেট সচিবে আজি মুম্বাই, চেন্নাই, দিল্লী/নতুন দিল্লী, আহমেদাবাদ, থানে, পুণে, হায়দৰাবাদ, কলকাতা/হাওড়া, ইন্দোৰ (মধ্য প্ৰদেশ), জয়পুৰ, যোধপুৰ, চেংগালপাট্টু আৰু থিৰুভাল্লুৰ (তামিলনাডু)কে ধৰি ১৩খন মহানগৰৰ পৌৰ নিগমৰ আয়ুক্ত, জিলা অধীক্ষকৰ সৈতে ক’ভিড-১৯ৰ পৰিস্থিতিৰ খতিয়ান লয়৷
অধিক বিৱৰণৰ বাবে
শ্ৰীমতী নিৰ্মলা সীতাৰমণে বিত্তীয় স্থিৰতা আৰু বিকাশ আয়োগৰ ২২তম বৈঠকত সভাপতিত্ব কৰে
কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি বিত্তীয় স্থিৰতা আৰু বিকাশ আয়োগৰ ২২তম বৈঠকত সভাপতিত্ব কৰে৷ আজিৰ বৈঠকখনত শেহতীয়া বিশ্ব আৰু ঘৰুৱা মেক্ৰ’-অৰ্থনীতিৰ পৰিস্থিতি, বিত্তীয় স্থিৰতা আৰু অসুৰক্ষিত সমস্যাসমূহ, বেংকে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়৷
অধিক বিৱৰণৰ বাবে
নিউ ডেভেলপমেণ্ট বেংকৰ গৱৰ্ণৰসকলৰ বিশেষ বৰ্ডৰ বৈঠকত ভিডিঅ’ কনফাৰেন্সযোগে শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ
কেন্দ্ৰীয় বিত্ত তথা কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি নিউ ডেভেলপমেণ্ট বেংকৰ (এনডিবি) গৱৰ্ণৰসকলৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰে৷ এই বৈঠকত এনডিবিৰ আগন্তুক অধ্যক্ষৰ নিৰ্বাচন, উপাধ্যক্ষ তথা মুখ্য ক্ষতিশংকা বিষয়াৰ নিযুক্ত আৰু সদস্যৰ সংখ্যা বৃদ্ধি আদিৰ বিষয়ে আলোচনা কৰা হয়৷
অধিক বিৱৰণৰ বাবে
২৭ মে’ ২০২০ তাৰিখলৈ (১০০০ ঘণ্টা) ভাৰতীয় ৰে’লৱেয়ে ৩৫৪৩খন ‘শ্ৰমিক বিশেষ’ ৰে’লৰ জৰিয়তে সমগ্ৰ দেশতে প্ৰায় ৪৮ লাখ যাত্ৰীক তেওঁলোকৰ গৃহ ৰাজ্যলৈ প্ৰেৰণ কৰিছে
২৭ মে’ ২০২০ তাৰিখ পৰ্যন্ত সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত ৩৫৪৩ খন ‘শ্ৰমিক বিশেষ’ ৰে’লে চলাচল কৰি আছে৷ এই পৰ্যন্ত ৪৮ লাখ প্ৰব্ৰজকে কেৱল ২৬টা দিনত নিজৰ গৃহ ৰাজ্যলৈ যাবলৈ সুবিধা লাভ কৰিছে৷
অধিক বিৱৰণৰ বাবে
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাননীয় মহিন্দা ৰাজাপাকছাৰ লগত প্ৰধানমন্ত্ৰীৰ টোলিফোনিক বাৰ্তালাপ
প্ৰধানমন্ত্ৰীয়ে আজি শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাননীয় মহিন্দা ৰাজাপাকছাৰ লগত হোৱা টোলিফোনিক বাৰ্তালাপৰ যোগেদি শ্ৰীলংকাৰ সংসদত তেওঁৰ ৫০ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষত অভিনন্দন জ্ঞাপন কৰে। এই সুদীৰ্ঘ ৰাজনৈতিক জীৱনত শ্ৰীলংকাৰ উন্নয়নৰ ক্ষেত্ৰত মাননীয় মহিন্দা ৰাজাপাকছাৰ বৰঙণিৰ কথা প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে আৰু ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
অধিক বিৱৰণৰ বাবে
পিএম-জিকেৱাইৰ অধীনত ১৩.৪ কোটি হিতাধিকাৰীলৈ প্ৰদান কৰা হৈছে ১.৭৮ লাখ মেট্ৰিকটন দাইল
প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত এই পৰ্যন্ত ৪.৫৭ লাখ মেট্ৰিকটন দাইল বিতৰণ কৰা হৈছে৷ ইয়াৰে ১.৭৮ লাখ মেট্ৰিকটন দাইল ১৩৪০.৬১ লাখ হিতাধিকাৰীলৈ প্ৰদান কৰা হৈছে৷
ৰপ্তানিকাৰীসকলক অধিক প্ৰতিদ্বন্ধী হ’বলৈ আহ্বান জনালে শ্ৰী পীয়ুষ গোৱেলে
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা ৰে’ল মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আজি এক ভিডিঅ’ কনফাৰেন্সৰ যোগেদি কনফেডাৰেচন অব্ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চিআইআই)ৰ বৈঠকত অংশগ্ৰহণ কৰি ৰপ্তানিকাৰীসকলক অধিক প্ৰতিদ্বন্ধী হ’বলৈ আহ্বান জনায়৷
অধিক বিৱৰণৰ বাবে
উদ্যোগ আৰু ব্যৱসায়ী সংস্থাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ সভা
‘আত্মনিৰ্ভৰ ভাৰত’-য়ে অন্তৰ্মুখী দৃষ্টিভংগীক নহয়, আত্ম বিশ্বাস, আত্ম নিৰ্ভৰশীলতা আৰু দেশৰ প্ৰতি থকা দায়িত্ববোধকহে প্ৰতীয়মান কৰিছে : শ্ৰী গোৱেল
কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে আজি দেশৰ উদ্যোগ আৰু ব্যৱসায়ী সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক আলোচনাত মিলিত হয়। ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত হোৱা এই সভাত ক’ভিড-১৯ৰ সংক্ৰমণ আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত দেশজুৰি অব্যাহত থকা ‘লকডাউন’ আৰু পৰৱৰ্তি পৰ্যায়ত ‘লকডাউন’ বিধিলৈ অনা শিথিলতাসমূহে দেশৰ উদ্যোগ তথা বাণিজ্যিক প্ৰেক্ষাপটটোক কেনেদৰে প্ৰভাৱিত কৰিছে তাৰ পৰ্যালোচনা কৰা হয়। উল্লেখ্য যে, দেশত ‘লকডাউন’ বলবৎ হোৱাৰে পৰা পৰিস্থিতিৰ সমীক্ষা কৰাৰ বাবে সংস্থাসমূহৰে অনুষ্ঠিত এয়া পঞ্চমখন সভা।
অধিক বিৱৰণৰ বাবে
এফচিআইৰ খাদ্যান্ন বিতৰণ আৰু ক্ৰয়ৰ খতিয়ান ল’লে শ্ৰী পাছৱানে
শ্ৰী ৰাম বিলাস পাছৱানে লকডাউনৰ সময়ছোৱাত এফচিআইয়ে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰে৷ এই সংকটৰ সময়ত খাদ্য যোদ্ধাসকলে কৰা অভিলেখসংখ্যক খাদ্যান্ন বিতৰণ আৰু ক্ৰয়ক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে৷
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ পৰিস্থিতিৰ মাজেৰে উদ্ভাৱনী উপায়েৰে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীক আগুৱাই লৈ যাব লাগিব
ক’ভিড-১৯ৰ পৰিস্থিতিৰ মাজেৰে চৰকাৰৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচী উদ্ভাৱনী উপায়েৰে আগুৱাই লৈ যাব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
অধিক বিৱৰণৰ বাবে
শ্ৰী সন্তোষ গংৱাৰে মুকলি কৰিলে @LabourDG শীৰ্ষক এক টুইটাৰ হেণ্ডেল; ইয়াত শ্ৰমিক কল্যাণ সম্পৰ্কীয় পৰিসংখ্যাসমূহ প্ৰকাশ কৰা হ’ব
এই টুইটাৰ হেণ্ডেলটোৰ জৰিয়তে শ্ৰমিক কল্যাণ সম্পৰ্কীয় পৰিসংখ্যাসমূহ প্ৰকাশ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে টুইটাৰত প্ৰকাশ কৰে৷
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ক প্ৰত্যাহ্বান জনাবলৈ সমাধান সন্ধানৰ দিশত বিজ্ঞান আৰু প্ৰযুক্তি
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ কাৰ্ণাল স্মাৰ্ট চিটীয়ে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ
অধিক বিৱৰণৰ বাবে
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- চণ্ডীগড়ঃ ২৭/০৫/২০২০ তাৰিখৰ পৰা ছেক্টৰ ৩৮ আৰু ২৮/০৫/২০২০ তাৰিখৰ পৰা ছেক্টৰ ৫২ৰ নিয়ন্ত্ৰিত এলেকাৰ নিষেধাজ্ঞা সমাপ্ত কৰাৰ সিদ্ধান্ত অনুমোদন প্ৰদান কৰিছে প্ৰশাসনে৷
- পাঞ্জাৱঃ ক’ভিড-১৯ৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতি উদ্ধাৰৰ বাবে পাঞ্জাৱ চৰকাৰে ভাৰত চৰকাৰৰ পৰা ৫১,১০২ কোটি টকাৰ বিত্তীয় সাহায্য বিচৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
- হাৰিয়ানাঃ আন্তৰ্জাতিক বিমানযাত্ৰীসকলক আনুষ্ঠানিক কোৱাৰেণ্টাইনত ৭ দিনৰ বাবে আৰু পিছৰ ৭ দিন গৃহ কোৱাৰেণ্টাইনত ৰখাৰ বাবে নিশ্চিতি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে উপায়ুক্তসকলক নিৰ্দেশ দিছে৷
- হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক কোৱাৰেণ্টাইনত থকাসকলক উন্নত সুবিধা প্ৰদান কৰিবলৈ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু মুখ্য চিকিৎসা বিষয়াক নিৰ্দেশ দিছে৷
- কেৰালাঃ ৭০,১৩৭ জন প্ৰব্ৰজক শ্ৰমিকক ৫৫খন ৰে’লেৰে গৃহ ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে বুলি কেৰালা চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে৷
- তামিলনাডুঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ১৮৫৪৫ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৮৫০০ জন, মৃত্যু ১৩৩ জন, মুকলি কৰি দিয়া হৈছে ৯৯০৯ জনক৷
- কৰ্ণাটকঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ২৪৯৩ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ১৬৩৫ জন, আৰোগ্য লাভ কৰিছে ৮০৯ জনে, মৃত্যু হৈছে ৪৭ জনৰ৷
- অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ২৮৪১ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৮২৪ জন, আৰোগ্য লাভ কৰিছে ১৯৫৮ জনে, মৃত্যু হৈছে ৫৯ জনৰ৷
- তেলেংগানাঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ২০৯৮ জন৷
- অৰুণাচল প্ৰদেশঃ ক’ভিড-১৯ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতিৰ পুনৰীক্ষণৰ বাবে চৰকাৰে অৰ্থনীতি পুনৰুজ্জীৱিতকৰণ কমিটি গঠন কৰিছে৷
- অসমঃ অসমত ৩৩ জন লোকৰ দেহত নতুনকৈ ক’ভিড-১৯ৰ সংক্ৰমণ ধৰা পৰিছে৷ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ৮৩১ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৭৩৭ জন, আৰোগ্য লাভ কৰিছে ৮৭ জনে, মৃত্যু হৈছে ৪ জনৰ, ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে এই তথ্য অৱগত কৰে৷
- মণিপুৰঃ মেইটৰামৰ ইউএনএচিচিঅ’ বিদ্যালয় ১০০খন বিচনাযুক্ত অস্থায়ী ক’ভিড শুশ্ৰূষা কেন্দ্ৰ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী স্বাস্থ্য বিভাগ, বিদ্যালয়ৰ প্ৰাধিকৰণৰ সৈতে এক বৈঠকত মিলিত হয়৷
- মিজোৰামঃ গুজৰাট আৰু মধ্য প্ৰদেশৰ পৰা আৱদ্ধ যাত্ৰী কঢ়িয়াই অনা ৰে’লখন আজি গুৱাহাটী ৰে’লৱে ষ্টেচনত উপস্থিত হৈছে৷
- নাগালেণ্ডঃ ডিমাপুৰত লকডাউন উলংঘাকাৰী ১০৯ খন বাহন জব্দ কৰি ১৫,৪০০ টকা জৰিমণা সংগ্ৰহ কৰা হয়৷
- ছিক্কিমঃ ৮৭৬৬ জন পঞ্জীকৃত নাগৰিকৰ ভিতৰত ৪৪১৫ জন নাগৰিকে ৰাজ্যত উপস্থিত হৈছে৷
পিআইবি ফেক্ট চেক

(Release ID: 1627511)
Visitor Counter : 296
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam