প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শক্তি আৰু নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ কাম-কাজৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বৈঠকৰ সাৰাংশ
Posted On:
28 MAY 2020 7:35AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে কালি সন্ধিয়া শক্তি আৰু নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷ বৈঠকত শক্তি খণ্ডৰ বিভিন্ন সমস্যাক সামৰি সংশোধিত দৰ নীতি আৰু বিদ্যুৎ (সংশোধনী) বিধেয়ক, ২০২০ ইত্যাদি কেতবোৰ বিষয়ত আলোচনা কৰে৷
প্ৰধানমন্ত্ৰীয়ে শক্তি খণ্ডৰ পৰিচালন সক্ষমতা বৃদ্ধি আৰু বিত্তীয় বহনক্ষমতা উন্নত কৰাৰ বেলিকা উপভোক্তাৰ সন্তুষ্টি বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কয়৷ তেওঁ শক্তি খণ্ডত বিশেষকৈ সকলো অঞ্চল তথা ৰাজ্যসমূহত বিদ্যুৎ বিতৰণ বিভাগৰ অসুবিধাসমূহ একে নহয় বুলি আঙুলিয়াই দিয়ে৷ তেওঁ কয় যে মন্ত্ৰালয়ে সকলো ৰাজ্যৰ বাবে একে সমাধান সুত্ৰ অনুসন্ধান কৰাৰ বিপৰীতে প্ৰত্যেক ৰাজ্যক নিজৰ প্ৰদৰ্শন উন্নত কৰাৰ বাবে উৎসাহিত কৰাৰ বাবে ৰাজ্যভিত্তিত সমাধান প্ৰস্তুত কৰা উচিত৷
প্ৰধানমন্ত্ৰীয়ে শক্তি মন্ত্ৰালয়ক এইটো সুনিশ্চিত কৰাৰ পৰামৰ্শ দিয়ে যে বিদ্যুৎ বিতৰণ কোম্পানী(ডিছকম)সমূহে সময়ে সময়ে নিজৰ প্ৰদৰ্শনৰ মাপকাঠি প্ৰকাশিত কৰিব, যাতে জনসাধাৰণে এইটো জানিব পাৰে যে তেওঁলোকৰ ডিছকমৰ প্ৰদৰ্শন আনবোৰ কোম্পানীৰ তুলনাত কেনেধৰণৰ হয়৷ তেওঁ শক্তিখণ্ডত ব্যৱহৃত সা-সঁজুলি ‘মেক ইন ইণ্ডিয়া’ৰ জৰিয়তে উৎপাদিত হোৱাটোত বিশেষ জোৰ দিয়ে৷
নব্য আৰু নবীকৰণযোগ শক্তিৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সৌৰ পানী পাম্পৰ পৰা আৰম্ভ কৰি বিকেন্দ্ৰীকৃত সৌৰ শীতলীকৰণ গৃহলৈকে কৃষি খণ্ডৰ সমপূৰ্ণ যোগান শৃংখলাৰ বাবে সামগ্ৰিক দৃষ্টিকোণেৰে ইয়াৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ ঘৰৰ মুধচৰ সৌৰ প্লাণ্টৰ বাবে অভিনৱ আৰ্হিৰ দিশত বিশেষ জোৰ দিয়াৰ লগতে প্ৰতিখন ৰাজ্যৰ অতি কমেও এখন চহৰ(ৰাজধানী অথবা কোনো প্ৰসিদ্ধ পৰ্যটন স্থল) সম্পূৰ্ণ এনে হওক, যাতে সৌৰ শক্তিৰ জৰিয়তে উৎপাদিত বিদ্যুতেৰে পোহৰাই তোলা হয়৷ বৈঠকৰ সময়ত ভাৰতত ইংগট, ৱাফাৰ, চেলছ আৰু মডিউলৰ নিৰ্মাণৰ অনুকূল পৰিৱেশ বিকশিত কৰাৰ ক্ষেত্ৰতো বিশেষ জোৰ দিয়া হয়, যি বিভিন্ন ধৰণে লাভান্বিত কৰাৰ লগতে সংস্থাপন সৃষ্টিটো সহায় কৰিব৷
প্ৰধানমন্ত্ৰীয়ে ‘কাৰ্বনমুক্ত লাডাখ’ আঁচনি ক্ষিপ্ৰগতিত ৰূপায়ণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে সৌৰ আৰু বায়ু শক্তিৰ জৰিয়তে উপকূলীয় এলেকাত খোৱাপানী যোগান ধৰাটো গুৰুত্ব আৰোপ কৰে৷
*****
VRRK/VJ/DB
(Release ID: 1627370)
Visitor Counter : 241
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam