শক্তি মন্ত্ৰালয়

ক’ভিড-১৯ আক্ৰান্তৰ চিকিত্সাৰে জড়িত চিকিত্সক আৰু স্বাস্থ্য-কৰ্মীক আহাৰ যোগান ধৰিব ‘পিএফচি’-য়ে

Posted On: 27 MAY 2020 5:24PM by PIB Guwahati

সন্মুখত থাকি কভিড-১৯ আক্ৰান্তক চিকিত্সা প্ৰদান কৰি থকা ৰোনা-যোদ্ধাসকলক স্বাস্থ্যবিধি সম্পন্ন আৰু পুষ্টিকৰ আহাৰ যোগান ধৰিব ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান পাৱাৰ ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেড(পিএফচি)য়ে। এই উদ্দেশ্যে দেশৰ অন্যতম অগ্ৰণী এনবিএফচি পিএফচি-য়ে ইতিমধ্যে এচীয়াৰ ভিতৰতে খাদ্যসামগ্ৰীৰ অন্যতম বৃহত্তম প্ৰতিষ্ঠান তেজছেটছ (TajSats)ৰ জোঁট বান্ধি প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই অভিযানৰ অংশ হিচাপে পিএফচিয়ে নতুন দিল্লীৰ ড০ ৰাম মনোহৰ লোহীয়া হাস্পটালৰ কভিড ৰোগীসকলৰ চিকিত্সা প্ৰদান কৰি থকা চিকিত্সকসকলৰ লগতে অন্যান্য স্বাস্থ্যকৰ্মীসকলক আহাৰ যোগান ধৰিব।

সেই অনুসৰি, যোৱা ২৫মে ২০২০ৰ পৰা আগন্তুক ৬০দিনৰ বাবে পৰিচ্ছন্ন, সুস্বাদু আৰু পুষ্টিকৰ আহাৰ যোগান ধৰাৰ বাবে প্ৰতিষ্ঠানটোৱে তেজছেটছ-ক ইতিমধ্যে ৬৪লাখ(প্ৰায়)টকাৰ বিত্তীয় সহযোগিতা আগবঢ়াইছে।

উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰালয়ে ড০ ৰাম মনোহৰ লোহীয়া হাস্পটালক ইতিমধ্যে কেৱল কভিড ৰোগীৰ বাবে উত্সৰ্গিত চিকিত্সালয় হিচাপে নিৰ্বাচিত কৰাৰে পৰা চিকিত্সালয়খনৰ চিকিত্সকসকলৰ লগতে অন্যান্য স্বাস্থ্যকৰ্মীসকলে ২৪ঘণ্টাই কভিড ৰোগীৰ চিকিত্সা প্ৰদান কৰি আহিছে।

ইতিপূৰ্ব, পিএফচি-য়ে পিএম-কেয়াৰ্ছ পুঁজিলৈ ২০০ কোটি টকাৰ বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ উপৰি উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰ আৰু বুন্দেলখণ্ড জিলাৰ লগতে ভাৰতীয় ৰেডক্ৰছ ছচাইটীলৈ কভিড ৰোগীৰ চিকিত্সা সহযোগিতা হিচাপে ৫০লাখ টকাকৈ পুঁজি আগবঢ়াইছিল।

***

RCJ/M/KB



(Release ID: 1627296) Visitor Counter : 193