ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ইৰাণক ফৰিং নিয়ন্ত্ৰণ কৰিব পৰা কীটনাশকৰ যোগান দিবলৈ সাজু হৈছে এইচ আই এল(ভাৰত)

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ সংস্থাটোৰ ক্ৰেডিট ৰেটিং বিবি ৰ পৰা বিবিবি লৈ উন্নত

Posted On: 24 MAY 2020 1:59PM by PIB Guwahati

’ভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ ফলত সামগ্ৰীৰ পৰিৱহণ আৰু অন্যান্য ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হ’লেও ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰসায়ন আৰু পেট্ৰ’কেমিকেল বিভাগৰ অধীনৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ সংস্থা এইচ আই এল(ভাৰত)লিমিটেডে কৃষক সম্প্ৰদায়ৰ কাৰণে সময়মতে কীটনাশকৰ উপাদন আৰু যোগানৰ দায়িত্ব পালন কৰি আছে।     

এইচ আই এলে বৰ্তমান দুয়োখন দেশৰ চৰকাৰৰ ব্যৱস্থাপনাৰ জৰিয়তে ইৰাণক ফৰিং নিয়ন্ত্ৰণ আঁচনিৰ বাবে ২৫ মেট্ৰিকটন মালাথিয়’ন টেকনিকেল উপাদন কৰি যোগান দিবলৈ সাজু হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইৰাণৰ বাবে এই সামগ্ৰী উপাদন আৰু যোগানৰ বাবে এইচ আই এলক অনুৰোধ কৰিছিল। 

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ সংস্থাটোৰ ক্ৰেডিট ৰেটিং ‘বিবি’ ৰ পৰা এক সুস্থিৰ বিনিয়োগৰ মাপকাঠি ‘বিবিবি’ লৈ উন্নত হৈছে।

এই সংস্থাটোৱে ১০ মেট্ৰিকটন ভেঁকুৰনাশক-মেনকোজেৱ লেটিন আমেৰিকাৰ দেশ পেৰুলৈ ৰপ্তানি কৰিছে আৰু ১২ মেট্ৰিকটন অহা এসপ্তাহৰ ভিতৰত ৰপ্তানি কৰিব।

এইচ আই এলে ৰাজস্থান আৰু গুজৰাটৰ ফৰিং নিয়ন্ত্ৰণ আঁচনিৰ বাবে মালাথিয়’ন টেকনিকেলৰ যোগান দিবলৈ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ লগতো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এইচ আই এলে যোৱা সপ্তাহলৈকে ৬৭ মেট্ৰিকটন মালাথিয়’ন টেকনিকেলৰ যোগান দিছে।

এইচ আই এলে ডেংগু আৰু চিকুণগুণিয়া নিয়ন্ত্ৰণ আঁচনিৰ বাবেও পৌৰ নিগমসমূহক মালাথিয়’ন টেকনিকেলৰ যোগান দিছিল।

পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অৰ্ডাৰ অনুসৰি এনভিবিডিচিপিৰ বাবে ৰাজস্থান, পঞ্জাৱ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যত ৩১৪ মেট্ৰিকটন ডি ডি টিৰ (৫০% ডব্লিউ ডি পি) যোগান দিয়া হৈছে। অন্য ৰাজ্যসমূহতো সুষম মাত্ৰাত ২৫২ মেট্ৰিকটনৰ যোগান দিয়া হ’ব।

লকডাউনৰ সময়ত ১৫ মে’ ২০২০ লৈকে এইচ আই এলে ১২০ মালাথিয়’ন টেকনিকেল, ১২০.৪০ মেট্ৰিকটন ডি ডি টি টেকনিকেল, ২৮৮ মেট্ৰিকটন ডি ডি টি ৫০%, ২১ মেট্ৰিকটন এইচ আই এল গ’ল্ড (পানীত মিহলি কৰি ব্যৱহাৰ কৰিব পৰা সাৰ), ৰপ্তানিৰ বাবে ১২ মেট্ৰিকটন ভেঁকুৰনাশক-মেনকোজেৱ আৰু ৩৫ মেট্ৰিকটন কৃষি-ৰসায়নিক দ্ৰৱ্য উপাদন কৰিছে যাতে কৃষক সম্প্ৰদায় আৰু স্বাস্থ্য বিভাগে লকডাউনৰ অসুবিধা ভোগ কৰিবলগা নহয়।

*************

RCJ/RKM/PRK



(Release ID: 1626672) Visitor Counter : 250