PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 24 MAY 2020 6:28PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্য

এই পৰ্যন্ত মুঠ ৫৪,৪৪০ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ২৬৫৭ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪১.২৮%৷ কালিৰে পৰা ৬৭৬৭ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ নিশ্চিতভাৱে মুঠ ১,৩১,৮৬৮ জন লোক এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ চিকিৎসাধীন অৱস্থাত আছে ৭৩,৫৬০ জন লোক৷  কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি দিল্লীৰ চৌধুৰী ব্ৰহ্ম প্ৰকাশ আয়ুৰ্বেদ চৰক সংস্থা পৰিদৰ্শন কৰি ক’ভিড-১৯ৰ প্ৰস্তুতি আৰু ব্যৱস্থাপনাৰ খতিয়ান লয়৷

অধিক বিৱৰণৰ বাবে  

ভাৰতীয় ৰে’লৱেয়ে ২৪.০৫.২০২০ তাৰিখৰ পুৱা ১০ বজালৈ ৩৭ লক্ষাধিক যাত্ৰীক কঢ়িয়াই ২৮১৩ খন শ্ৰমিক বিশেষ ৰে’ল চলাইছে

ভাৰতীয় ৰে’লৱেয়ে ২৪.০৫.২০২০ তাৰিখৰ পুৱা ১০ বজালৈ প্ৰায় ৩৭ লক্ষাধিক যাত্ৰীক কঢ়িয়াই ২৮১৩ খন শ্ৰমিক ৰে’ল চলাইছে৷   অধিকাংশ লক্ষ্যস্থানেই হ’ল উত্তৰ প্ৰদেশ আৰু বিহাৰ৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় যানবাহন নিয়মাৱলী ১৯৮৯ৰ ৩২ আৰু ৮১ৰ নিয়মাৱলীৰ অধীনত মাচুল পৰিশোধৰ বৈধতা আৰু মাচুল পৰিশোধৰ সময়সীমা বৃদ্ধি কৰা হৈছে

নাগৰিকসকলৰ সুবিধাৰ্ধে চৰকাৰে লকডাউনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় যান-বাহন নিয়মাৱলী ১৯৮৯ৰ ৩২ আৰু ৮১ নিয়মাৱলীৰ অধীনত মাচুল পৰিশোধৰ বৈধতা আৰু পৰিশোধৰ সময়সীমা সম্প্ৰসাৰিত কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

মিছন সাগৰ- মৰিছাছৰ লুইচ বন্দৰত আইএনএছ কেশৰী

মিছন সাগৰৰ অংশ হিচাপে ভাৰতীয় নৌবাহিনীৰ জাহাজ কেশৰীয়ে ২৩ মে’ ২০২০ তাৰিখে লুইছ মৰিছাছ বন্দৰত প্ৰৱেশ কৰে৷ কেশৰীয়ে ক’ভিড সম্পৰ্কীয় অত্যাৱশ্যকীয় ঔষধ আৰু বিশেষ কনছাইনমেণ্টসমূহ কঢ়িয়াই নিছে৷

অধিক বিৱৰণৰ বাবে

জান আৰু জাহানৰ বাবে বন ধনঃ শ্বাহাপুৰৰ কাটকাৰী জনজাতিৰ কাহিনী

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ দেশৰ ভিতৰতে ৯০% হাৰৰ সৈতে পাঞ্জাৱৰ আৰোগ্যৰ হাৰ সৰ্বাধিক৷
  • হাৰিয়ানাঃ ক’ভিড-১৯ৰ সময়ছোৱাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সম্পৰ্কীয় মাচুলসমূহৰ বিষয়ে বিদ্যালয় শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে৷
  • হিমাচল প্ৰদেশঃ লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক কেৱল টিউচন মাচুলটোহে গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷
  • কেৰালাঃ ৰাজ্যখনত কালি ৬২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ চেন্নাইৰ পৰা উভতি অহা ক’ভিড-১৯ আক্ৰান্ত এজন ১৭ বছৰীয়া ল’ৰা আজি মৃত্যু মুখত পৰে৷
  • তামিলনাডুঃ ৰাজ্যখনত কালিলৈকে ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৫,৫১২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৭৯১৫ জন, মৃত্যু ১০৩ জন, মুকলি কৰি দিয়া হৈছে ৭৪৯১ জনক৷
  • কৰ্ণাটকঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ২০৫৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ১৩৭৮ জন, আৰোগ্য লাভ কৰিছে ৬৩৪ জনে, মৃত্যু হৈছে ৪২ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ২৬২৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৬৪ জন৷ আৰোগ্য লাভ কৰিছে ১৮০৭ জনে৷ মৃত্যু হৈছে ৫৬ জনৰ৷
  • তেলেংগানাঃ ২৪ মে’ ২০২০ তাৰিখ পৰ্যন্ত ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৮১৩ জন৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৪৭,১৯০ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩২,২০১ জন৷
  • গুজৰাটঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৩,৬৮৯ জন৷
  • ৰাজস্থানঃ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৮২৯ জন৷
  • মধ্য প্ৰদেশঃ ২০১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৬৩৭১ জন৷
  • চট্টিশগড়ঃ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫২ জন৷ মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা হ’ল ২১৪ জন৷
  • গোৱাঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৫৫ জন, ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৯ জন৷
  • অৰুণাচল প্ৰদেশঃ  সাধাৰণ প্ৰশাসনিক সেৱাৰ সচিবে কয় যে সচিবালয়ত কেৱল ন্যূনতম কৰ্মচাৰীয়েহে সলনা-সলনিকৈ কাম কৰিব৷ শিশুৰ পৰিচৰ্যা কৰিবলগীয়া মহিলা কৰ্মচাৰীয়ে প্ৰয়োজন সাপেক্ষে ছুটি ল’ব পাৰে৷
  • মণিপুৰঃ ৰাজ্যখনত তিনিজন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত বৰ্তমানে ২৮ জন সক্ৰিয় ৰোগী আছে৷
  • মিজোৰামঃ আইজলৰ লেংপুই বিমানবন্দৰত কালি থাৰ্মেল আৰু অপ্টিকেল বাই-স্পেক্ট্ৰাম কেমেৰা স্থাপন কৰা হয়৷ থাৰ্মেল নিৰীক্ষণ স্থাপন কৰা লেংপুই বিমানবন্দৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিমানবন্দৰ হিচাপে পৰিচিত হৈছে৷
  • নাগালেণ্ডঃ কৃষি বিষয়াসকলে মোককচেঙৰ কৃষকসকলক সাক্ষাৎ কৰি ক’ভিড-১৯ৰ বিষয়ে সজাগতা প্ৰদান কৰিছে৷


(Release ID: 1626641) Visitor Counter : 322