প্ৰতিৰক্ষা মন্ত্ৰালয়

‘মিছন সাগৰ’-মৰিছাছৰ প’ৰ্ট লুইত ‘আইএনএছ কেশৰী’

Posted On: 23 MAY 2020 8:31PM by PIB Guwahati

মিছন সাগৰৰ অংশ হিচাপে ভাৰতীয় নৌসেনা বাহিনীৰ জাহাজ কেশৰীয়ে ২৩মে ২০২০ত মৰিছাছৰ পৰ্ট লুইত প্ৰৱেশ কৰিছেগৈ। ভাৰত চৰকাৰে বন্ধুভাবাপন্ন বিদেশী ৰাষ্ট্ৰসমূহক কভিড-১৯ মহামাৰীৰ সংকটৰ সময়ত আগবঢ়াব খোজা সহায়ৰ বাবে আৰম্ভ কৰা মিছন সাগৰৰ অংশ হিচাপে মৰিছাছৰ নাগৰিকসকলৰ বাবে কভিড-১৯ সংক্ৰান্তীয় ঔষধ পাতি, বিশেষকৈ আয়ুৰ্বেদিক ঔষধৰ লগতে কেতবোৰ অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ সম্ভাৰ লৈয়ে জাহজখনে দ্বীপৰাষ্ট্ৰখনত উপস্থিত হৈছেগৈ।

জাহাজখনত ভাৰতীয়  নৌসেনা বাহিনীৰ চিকিত্সক আৰু স্বাস্থ্যকৰ্মীৰ এটা ১৪জনীয়া বিশেষজ্ঞৰ দলেও দেশখনৰ কভিড-১৯ আক্ৰান্তসকলক চিকিত্সাসেৱা আগবঢ়াই থকা চিকিত্সকলৰ সৈতে সেৱা আগবঢ়োৱাৰ দেশখনলৈ গৈছে। চিকিত্সা সহযোগিতাৰ বাবে যোৱা দলটোত এগৰাকী সমূহীয়া ভেষজ বিশেষজ্ঞ, এগৰাকী হাওফাও বিশেষজ্ঞ আৰু এগৰাকী এনাছথেচিঅলজিষ্টও আছে।

ভাৰত চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা এই সামগ্ৰীসমূহ মৰিছাছ চৰকাৰৰ হৈ আনুষ্ঠানিকভাবে গ্ৰহণ কৰে মৰিছাছৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী ড০ কৈলাস জগুতপালে। অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰে মৰিছাছত থকা ভাৰতৰ উচ্চায়ুক্ত মহামহিম শ্ৰী তন্ময় লালে।

 

VM/ MS/KB



(Release ID: 1626623) Visitor Counter : 191