গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

ৰাজ্যসমূহে হিতাধিকাৰীৰ মাজত খাদ্যসামগ্ৰীৰ বিতৰণ সুনিশ্চিত কৰা উচিত যাতে কোনো লোক ভোকত থাকিব লগা নহয়ঃ শ্ৰী ৰাম বিলাস পাছোৱান

ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতীয় খাদ্য নিগম খাদ্যসামগ্ৰীৰ বিতৰণৰ জীৱনৰেখাস্বৰূপ হৈ পৰিছেঃ শ্ৰী পাছোৱান

শ্ৰী পাছোৱানে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ খাদ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মিলিত হৈ এন এফ এছ এ, পি এম জি কে এ ৱাই, আত্মনিৰ্ভৰ ভাৰত পেকেজ আৰু এক দেশ এক কাৰ্ড সন্দৰ্ভত আলোচনা কৰে।

Posted On: 22 MAY 2020 5:37PM by PIB Guwahati

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আৰু খাদ্য বিভাগৰ সচিৱ সকলৰ সৈতে আজি এক ভিডিঅ’ কনফাৰেন্সযোগে পৰ্যালোচনা সভাত মিলিত হয়। শ্ৰী পাছোৱানে ক’ভিড-১৯ মহামাৰীৰ সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মূখ্য আঁচনিসমূহৰ ৰূপায়ণৰ স্থিতিৰ বুজ লয়। কেন্দ্ৰ, ভাৰতীয় খাদ্য নিগম আৰু নাফেডে আত্মনিৰ্ভৰ পেকেজ আৰু প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ অন্ন যোজনাৰ অধীনত খাদ্য শস্য আৰু মাহজাতীয় শস্যৰ সময়মতে যোগান দি যিধৰণৰ সহায় আগবঢ়ালে, তাৰ বাবে সমগ্ৰ দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় খাদ্য মন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। পাহাৰীয়া ৰাজ্য, উত্তৰ-পূৰ্বাঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জই সময়মতে আকাশীপথ, জলপথ আৰু ৰে’লপথেৰে খাদ্য সামগ্ৰী যোগান দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

শ্ৰী পাছোৱানে দৰিদ্ৰ আৰু প্ৰব্ৰজিত শ্ৰমিকৰ মাজত খাদ্যশস্য আৰু মাহজাতীয় শস্যৰ বিতৰণ কৰাৰ লগতে এক দেশ এক কাৰ্ড পদক্ষেপৰ অংশীদাৰ হোৱাৰ বাবে ৰাজ্যসমূহৰ শলাগ লয়। খাদ্যশস্যৰ ক্ৰয় প্ৰক্ৰিয়া সঠিকভাৱে চলি থকাৰ বাবেও তেওঁ সন্তোষ ব্যক্ত কৰে। 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001I181.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image0026OJM.jpg

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আৰু খাদ্য বিভাগৰ সচিৱ সকলৰ সৈতে আজি এক ভিডিঅ’ কনফাৰেন্সযোগে পৰ্যালোচনা সভাত মিলিত হয়।

সমগ্ৰ দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আৰু খাদ্য বিভাগৰ সচিৱ সকলৰ সৈতে আলোচনাত শ্ৰী পাছোৱানে কয় যে ৰাজ্যসমূহে হিতাধিকাৰীৰ মাজত খাদ্যসামগ্ৰীৰ বিতৰণ সুনিশ্চিত কৰা উচিত যাতে কোনো লোক ভোকত থাকিব লগা নহয়। মন্ত্ৰীগৰাকীয়ে আম্ফান ঘূৰ্ণী বতাহৰদ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা উৰিষ্যা আৰু পশ্চিমবঙ্গৰ বাবে অধিক যত্নসহকাৰে পদক্ষেপ লোৱাত গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত আকাশীপথ, জলপথ আৰু ৰে’লপথেৰে খাদ্য সামগ্ৰী যোগান দিয়া ভাৰতীয় খাদ্য নিগম খাদ্যসামগ্ৰীৰ বিতৰণৰ জীৱনৰেখাস্বৰূপ হৈ পৰিছে। বিভিন্ন ৰাজ্যই এই সময়ত সন্মূখীন হোৱা সমস্যাৰ কথাও তেওঁ মন দি শুনে আৰু এক দেশ এক কাৰ্ড আঁচনিৰ ৰূপায়ণত গুৰুত্ব দিবলৈ আহ্বান জনায়।

আত্মনিৰ্ভৰ ভাৰত পেকেজ

আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে প্ৰব্ৰজিত শ্ৰমিকৰ মাজত বিতৰণ কৰিবৰ বাবে ৮ লাখ মেট্ৰিকটন চাউল/ঘেঁহু আৰু ৩৯,০০০ লাখ মেট্ৰিকটন মাহজাতীয় শস্য মুকলি কৰিছে। কেন্দ্ৰ চৰকাৰৰদ্বাৰা প্ৰতি মাহে প্ৰতিজনৰ বাবে ৫ কিলোগ্ৰামকৈ ৮ কোটি প্ৰব্ৰজিত/ঘৰৰ পৰা দূৰত থকা শ্ৰমিকৰ বাবে, দুমাহ (মে’, জুন ২০২০)ৰ বাবে ১.৯৬ কোটি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন বা কোনো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আওতাত নহা প্ৰব্ৰজিত পৰিয়াললৈ ১ কিলোগ্ৰামকৈ মাহজাতীয় শস্য বিতৰণ প্ৰক্ৰিয়া ১৫ জুন ২০২০ৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। শ্ৰী পাছোৱানে কয় যে ১৭ খন ৰাজ্যই ইতিমধ্যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত খাদ্য শস্য নিছে আৰু ত্ৰিপুৰা আৰু হাৰিয়ানাই বিতৰণৰ কামো আৰম্ভ কৰিছে। কেন্দ্ৰ চৰকাৰে এই আঁচনিৰ সমগ্ৰ খৰচ ৩৫০০ কোটি টকা বহন কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে হিতাধিকাৰীৰ তালিকা আগতীয়াকৈ পঠিয়াব নালাগে, কিন্তু খাদ্যৰ বিতৰণৰ প্ৰতিবেদন তেওঁলোকে ১৫ জুলাই, ২০২০ৰ ভিতৰত দিব বুলি আশা কৰা হৈছে।   

পি এম জি কে এ ৱাই আঁচনি

প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ অন্ন যোজনাৰ অধীনত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৮০ কোটি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীক এপ্ৰিলৰ পৰা জুনলৈকে অতিৰিক্ত খাদ্য শস্যৰ যোগান দিয়া হৈছে।

শ্ৰী পাছোৱানে কয় যে ৰাজ্যসমূহত এপ্ৰিল ২০২০ ৰ বাবে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ অন্ন যোজনাৰ অধীনত দিয়া খাদ্য শস্যৰ ৯০% বিতৰণ হৈ গৈছে। চলিত মাহত প্ৰায় ৬১% বিতৰণ হৈছে। অৱশ্যে, দিল্লী, পশ্চিমবঙ্গ, মনিপুৰ, কেৰেলা আৰু বিহাৰত মে’ মাহৰ বাবে শস্যৰ বিতৰণ বিতৰণ আৰম্ভ হোৱা নাই বা খুউৱ বেছি ১০% বিতৰণ হৈছে। 

পি এম জি কে এ ৱাই আঁচনিৰ অধীনত মাহজাতীয় শস্যৰ বিতৰণ

পি এম জি কে এ ৱাই আঁচনিৰ বাবে অনাগত তিনিমাহত মাহজাতীয় শস্যৰ মুঠ প্ৰয়োজনীয়তা ৫.৮৭ লাখ মেট্ৰিকটন। নাফেডে জনোৱা মতে ৪.০৫ লাখ মেট্ৰিকটন ইতিমধ্যে ওলাই গৈছে। ৰাজ্যসমূহে ৩.০২ লাখ মেট্ৰিকটন মাহজাতীয় শস্য লাভ কৰিছে আৰু ১.২৭ লাখ মেট্ৰিকটন মাহজাতীয় শস্য ২১ খন ৰাজ্য আৰু ৫ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হৈছে। এই আঁচনিৰ ৫,০০০ কোটি টকাৰ বিত্তীয় বোজা ভাৰত চৰকাৰে বহন কৰিছে।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন

শ্ৰী পাছোৱানে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যসমূহলৈ এমাহৰ বাবে নিৰ্দ্ধাৰিত কৰা খাদ্য শস্যৰ এপ্ৰিল মাহত ৯৩% তকৈও অধিক বিতৰণ হৈছে আৰু মে’ মাহৰ বাবে ৭৫ % বিতৰণ হৈছে।

এক দেশ এক কাৰ্ড আঁচনি

এক দেশ এক কাৰ্ড আঁচনিৰ যোগেদি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ হিতাধিকাৰীসকলে দেশৰ যিকোনো স্থানতে বায়’মেট্ৰিক্সৰ জৰিয়তে চৰকাৰী সুলভ মূল্যৰ দোকানৰপৰা ৰেচন লাভ কৰিব পাৰিব। ১ মে’ ২০২০ লৈকে মুঠ ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে আৰু শেহতীয়াকৈ মিজোৰাম, উৰিষ্যা আৰু নাগালেণ্ড ইয়াত অন্তৰ্ভুক্ত হোৱাৰ কথা। শ্ৰী পাছোৱানে কয় যে কেন্দ্ৰ চৰকাৰে ৩১ মাৰ্চ ২০২১ ৰ ভিতৰত সমগ্ৰ দেশকেই এই আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ চিন্তা কৰিছে।  

খাদ্য শস্যৰ ক্ৰয় প্ৰক্ৰিয়া

(ঘেঁহু/চাউল)



(Release ID: 1626306) Visitor Counter : 207