পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

পাইপলাইন প্ৰকল্পক আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ এক ভেঁটি বুলি ক’লে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে; ৮,০০০ কোটি টকাৰ প্ৰকল্পৰ পৰ্যালোচনা

Posted On: 22 MAY 2020 1:46PM by PIB Guwahati

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বৃহস্পতিবাৰে তেল আৰু গেছ কোম্পানীসমূহে বিভিন্ন পৰ্যায়ত ৰূপায়ণ কৰি থকা প্ৰায় ৮,০০০ কোটি টকাৰ পাইপলাইন প্ৰকল্পৰ পৰ্যালোচনা কৰে৷ আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰত জোৰ দি মন্ত্ৰী প্ৰধানে এই প্ৰকল্প সম্পূৰ্ণ স্বদেশীকৰণৰ আহ্বান জনায়৷

গেইলে ২০২০ৰ ছেপ্টেম্বৰৰ ভিতৰত ঘৰুৱা নিবিদাকাৰীৰ পৰা প্ৰায় লাখ মেট্ৰিকটন তীখা ক্ৰয়ৰ বাবে ,০০০কোটি টকাতকৈ অধিক পৰিমাণৰ লাইনপাইপ নিবিদাৰ কাম চলাই আছে৷ এইবোৰ ৮০০ কিলোমিটাৰ লাইন পাইপ নিৰ্মাণৰ বাবে যোগান ধৰা ব৷ চলিত বিত্তীয় বৰ্ষৰ শেষভাগত এই হাৰ দুগুন হোৱাৰ আশা আছে৷ ইয়াৰ জৰিয়তে মেক ইন ইণ্ডিয়া কাৰ্যসূচীত উদ্গনি যোগোৱাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সাহিত কৰিব৷

প্ৰধানমন্ত্ৰী ঊৰ্জা গংগা, জেএছবিডিপিএল পাইপলাইন প্ৰকল্পৰ কাম লকডাউনৰ পাছত ক্ষিপ্ৰতাৰে চলি আছে৷ এই পাইপ লাইন পূব ভাৰতৰ কেন্দ্ৰীয় প্ৰাকৃতিক গেছ পাইপলাইন কৰিডৰৰ জৰিয়তে পশ্চিমক সংযোগ স্থাপন কৰা ব৷ ইয়াৰ দ্বাৰা দেশত গেছ আধাৰিত অৰ্থনীতি বিকাশ সাধন হ’ব৷

ইণ্ডিয়ান অইলে, দক্ষিণ ভাৰতত ৬,০২৫ কোটি টকাৰ প্ৰকল্পত বিনিয়োগেৰে ১,৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰাকৃতিক গেছ পাইপলাইন প্ৰকল্প ৰূপায়ণ কৰি আহিছে৷ এই প্ৰকল্পত প্ৰায় .৬৫ লাখ মেট্ৰিকটন তীখা পাইপৰ ব্যৱহাৰ , আনুমানিক ব্যয় ২,০৬০ কোটি টকা৷ এয়াও আত্মনিৰ্ভৰ অভিযানৰে অংশ বিশেষ৷

ইন্দ্ৰধনূষ গেছ গ্ৰিড লিমিটেডে উত্তৰ-পূৰ্বাঞ্চলত প্ৰাকৃতিক গেছ পাইপলাইন গ্ৰিডৰ উন্নয়ন সাধন কৰি আছে৷ এই পাইপ লাইন গ্ৰিডৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যত প্ৰাকৃতিক গেছৰ অবিৰত যোগান সুনিশ্চিত হোৱাৰ লগতে ৰাজ্যসমূহৰ আৰ্থিক ব্যৱস্থা ক্ষিপ্ৰতৰ আৰু ভাৰতত গেছ আধাৰিত অৰ্থনীতিৰ অগ্ৰগতিত সহায় ব৷ আইজিজিএলে ২০২০ৰ জুলাই পৰ্যন্ত প্ৰায় ৭৩,০০০ মেট্ৰিকটন তীখা ক্ৰয়ৰ বাবে ৯৫০ কোটিতকৈ অধিক টকাৰ নিবিদাৰ কাম চলাই আছে৷ ঘৰুৱা নিবিদাকাৰীৰ জৰিয়তে ৫৫০ কিলোমিটাৰ লাইন পাইপৰ তীখা যোগান ধৰাৰ বাবে এই প্ৰক্ৰিয়া চলাই থকা হৈছে৷ চলিত বিত্তীয় বৰ্ষৰ শেষভাগত এই পৰিমাণো দুগুন হোৱাৰ আশা আছে৷

***

YB/DB



(Release ID: 1626301) Visitor Counter : 199