গৃহ মন্ত্ৰালয়

দেশৰ বিভিন্ন প্ৰান্তত গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ তথ্য লাভ কৰা হৈছে

ক’ভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কঠোৰভাৱে সকলো পদক্ষেপ ৰূপায়ণ কৰক; এই নিৰ্দেশনা বলবৎ কৰাৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰকঃ গৃহ পৰিক্ৰমা মন্ত্ৰালয়

Posted On: 21 MAY 2020 7:44PM by PIB Guwahati

ক’ভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰৰ সকলো নিৰ্দেশনা কঠোৰভাৱে ৰূপায়ণ কৰাটো অতি আৱশ্যক৷ কিন্তু দেশৰ বিভিন্ন প্ৰান্তত গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ তথ্য লাভ কৰা হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ মন্ত্ৰালয় নিৰ্দেশনা কঠোৰভাৱে ৰূপায়ণ কৰাৰ লগতে সংশ্লিষ্ট প্ৰশাসনক এইটো সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি এতিয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিভিন্ন মণ্ডলত নিষেধাজ্ঞাৰ সন্দৰ্ভত সিদ্ধা্ন্ত গ্ৰহণ তথা নিষেধাজ্ঞাৰ লগতে অনুমতি প্ৰদানৰ ক্ষেত্ৰত ক্ষমতা দিয়া হৈছে৷ পত্ৰখনিত লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি নিয়ন্ত্ৰিত ক্ষেত্ৰৰ উপযুক্ত বৰ্ণনা আৰু এই ক্ষেত্ৰসমূহৰ অন্তৰ্গত প্ৰতিৰোধী উপায়সমূহৰ উপযুক্ত ৰূপায়ণৰ ক্ষেত্ৰত জোৰ দিয়া হৈছে, যাতে ক’ভিড-১৯ প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াত কোৱা হৈছে যে যদি কোনো ধৰণৰ শিথিলতা পৰিলক্ষিত হয়, তেতিয়া তাক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷

 

পত্ৰখনিত নিশাৰ সান্ধ্য আইন কঠোৰভাৱে পালন কৰাৰ গুৰুত্ব সন্দৰ্ভত উল্লেখ কৰা হৈছে, কিয়নো ই সামাজিক দূৰত্ব আৰু বীজানু সংক্ৰমণৰ আশংকা দূৰ কৰে৷ এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে কঠোৰভাৱ এই নিৰ্দেশ পালন কৰিব৷ পত্ৰখনত এই কথা পুনৰ দোঁহাৰে যে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় নিৰ্দেশনা বলব কৰাটো সকলো জিলা আৰু স্থানীয় বিষয়াৰ কৰ্তব্য৷ তেওঁলোকে লগতে জনসাধাৰণে মাস্ক পৰিধান কৰা, কৰ্মস্থলী, পৰিবহণ, ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলাৰ লগতে স্বাস্থ্য বিধি আৰু অনাময়ো ভালদৰে বজাই ৰখাটো সুনিশ্চিত কৰিব৷

চৰকাৰী পত্ৰ চাবলৈ এই লিংকত ক্লিক কৰক-Click here to see the Official Communication

 

*****

VG/SNC/VM/DB



(Release ID: 1626056) Visitor Counter : 242