স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ অধীনত ১কোটি ব্যক্তিলৈ চিকিত্সা সেৱা

‘আয়ুষ্মান ভাৰত : ১কোটিলৈ চিকিত্সা সেৱা আৰু প্ৰত্যাশা’ শীৰ্ষক ৱে’বিনাৰ সম্বোধন কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে

Posted On: 21 MAY 2020 6:16PM by PIB Guwahati

ভাৰত চৰকাৰৰ আয়ুষ্মান ভাৰত - প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা(এবি-পিএমজেএওৱাই) শীৰ্ষক ধ্বজাবাহী জনস্বাস্থ্য বীমা আঁচনিখনৰ জৰিয়তে আগবঢ়োৱা সেৱাই আজি ১কোটি ব্যক্তিলৈ চিকিত্সা সেৱা আগবঢ়োৱাৰ বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। আজি সম্ভৱ কৰা এই সাফল্য উদযাপনৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এক ৱেবিনাৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে এলানি ৱেবিনাৰৰ মুকলি মঞ্চৰ ৰূপত যুগুতাই উলিওৱা আৰোগ্য ধাৰা শীৰ্ষক অনলাইন প্লেটফৰ্মটোৰ প্ৰথম তাঙৰণৰ শুভাৰম্ভ ঘোষণা কৰে। আজি মুকলি কৰা ৱেবিনাৰখনৰ শীৰ্ষক আছিল আয়ুষ্মান ভাৰত : ১কোটিলৈ চিকিত্সা আৰু প্ৰত্যাশা। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেও উপস্থিত থাকে।

অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ইন্দু ভূষণে এই পৰ্যন্ত এবি-পিএমজেএওৱাই-য়ে সম্ভৱ কৰা সাফল্যগাঁথাৰ খটিয়ান দাঙি ধৰাৰ লগতে অনাগত সময়ৰ বাবে কৰা প্ৰস্তুতিৰ সম্যক বাখ্যা দাঙি ধৰে। ৱেবিনাৰখন ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ সকলোবোৰ চৰকাৰী ছচিয়েল মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ লগতে সকলো নাগৰিকৰ বাবেই উপলব্ধ কৰোৱাৰ দিহা কৰা হৈছে।

অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ড০ বৰ্দ্ধনে কয় যে, দেশৰ দৰিদ্ৰৰো দৰিদ্ৰ পৰিয়ালসমূহলৈ চিকিত্সা সাহায্য প্ৰদানৰ অংগীকাৰ লৈ আৰম্ভ কৰা পিএমজেএওৱাই-য়ে দুটা বছৰৰো কম সময়ৰ ভিতৰতে ১কোটি লোকক চিকিত্সা সাহায্য প্ৰদান কৰিবলৈ সক্ষম হোৱাটো আক্ষৰিক অৰ্থতে এক বিৰল সাফল্য। ১৩,৪১২কোটি টকা পৰিমাণৰ ব্যয়ৰে আগবঢ়োৱা এই  চিকিত্সা সাহায্য, আঁচনিখনৰ অধীনত পঞ্জীয়ণভূক্ত দেশৰ ২১,৫৬৫খন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ চিকিত্সালয়ৰ জৰিয়তে সম্ভৱ কৰা হৈছে বুলি তথ্য দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। আঁচনিখনৰ জৰিয়তে আগন্তুক সময়বোৰতো দেশৰ দৰিদ্ৰ জনসাধাৰণলৈ  স্বাস্থ্য সেৱাৰ বাবে প্ৰয়োজন হোৱা সহযোগিতা আগবঢ়াই যোৱা হব বুলিও প্ৰতিশ্ৰুতি দোহাৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা শীৰ্ষক ধ্বজাবাহী স্বাস্থ্য বীমা আঁচনিখন ভাৰত চৰকাৰে ২০১৮চনত আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰিছিল। আঁচনিখনৰ জৰিয়তে দেশৰ দৰিদ্ৰ-পীড়িত পৰিয়ালসূমহক প্ৰতি বছৰে ৫লাখ টকা পৰ্যন্ত চিকিত্সা সাহায্য আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰা হৈছে। ভাৰতত সাৰ্বজনীন স্বাস্থ্য সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই আঁচনিয়ে দেশৰ ১০.৭৪কোটি অতিকে দৰিদ্ৰ-পীড়িত পৰিয়ালক বিত্তীয় সকাহ প্ৰাদনৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে।

অনুষ্ঠানত নিতি আয়োগৰ সদস্য(স্বাস্থ্য) ড০ বিনোদ পালেও অংশগ্ৰহণ কৰে।

****

MV/SK/MoHF&W/21.05.2020/KB



(Release ID: 1625937) Visitor Counter : 421