তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কাইলৈ দেশৰ সকলো কমিউনিটি ৰেডিঅ’ৰে বাৰ্তালাপ কৰিব কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে

Posted On: 21 MAY 2020 4:17PM by PIB Guwahati

এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভড়েকাৰে কাইলৈ অৰ্থা ২২ মে’, ২০২০ৰ সন্ধিয়া ৭ বজাত কমিউনিটি ৰেডিঅ’সমূহৰ সৈতে বাৰ্তালাপ কৰিব৷ এই বাৰ্তালাপ একেসময়তে দেশৰ সকলো কমিউনিটি ৰেডিঅ’যোগে সম্প্ৰচাৰ হ’ব৷

বাৰ্তালাপ হিন্দী আৰু ইংৰাজী দুটা ভাগত প্ৰচাৰিত হ’ব৷ শ্ৰোতাসকলে সন্ধিয়া ৭.৩০ বজাত হিন্দীত আৰু নিশা ৯.১০ বজাত ইংৰাজীত মন্ত্ৰীৰ বাৰ্তালাপ শুনিবলৈ এম গল্ড(১০০.১ মেগাহাৰ্টজ)ত টিউন কৰিব পাৰে৷

চৰকাৰে গ্ৰহণ কৰা ক’ভিড সম্পৰ্কীয় প্ৰচেষ্টাৱলী যাতে শীঘ্ৰে দেশক সকলো শ্ৰেণীৰ মাজত গৈ পায়, তাৰ বাবে এই প্ৰচেষ্টাৰ লোৱা হৈছে৷ দেশত প্ৰায় ২৯০ টা কমিউনিটি ৰেডিঅ’ ষ্টেচন আছে আৰু এইবোৰে তৃণমূল পৰ্যায়ৰ লোকসকলক এক ব্যাপক মঞ্চ প্ৰদান কৰিছে৷ এই বাৰ্তালাপৰ লক্ষ্য হৈছে ইয়াৰ সক্ষমতাৰ জৰিয়তে দেশৰ অতি দূৰ্গম এলেকাৰ লোকসকলৰে সংযোগ স্থাপন কৰা৷

মন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰলৈ সকলো কমিউনিটি ৰেডিঅ’ ষ্টেচনৰ জৰিয়তে একেসময়তে শ্ৰোতাসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব৷ বাৰ্তালাপৰ সময়ত মন্ত্ৰীগৰাকীয়ে কমিউনিটি ৰেডিঅ’ ষ্টেচনসমূহৰ পৰা সোধা প্ৰশ্নৰ উত্তৰো দিব৷

***

 

Saurabh Singh/DB



(Release ID: 1625936) Visitor Counter : 152