পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

এই পৰ্যন্ত ‘পিএমইউওৱাই’-ৰ হিতাধিকাৰীলৈ ৰন্ধন গেছৰ ৬.৮কোটি বিনামূলীয়া চিলিণ্ডাৰ বিতৰণ

Posted On: 21 MAY 2020 2:52PM by PIB Guwahati

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰা দেশৰ দৰিদ্ৰ জনতাক সকাহ দিয়াৰ উদ্দেশ্যে ভাৰত চৰকাৰে আগবঢ়োৱা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অংশ হিচাপে পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়য়ে প্ৰধানমন্ত্ৰী উজ্জলা যোজনাৰ ৮কোটি হিতাধিকাৰীক ৩মাহৰ বাবে বিনামূলীয়াকৈ ৰন্ধন গেছ যোগান ধৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। সেই অনুসৰি ১এপ্ৰিল, ২০২০তাৰিখৰ পৰা ২০মে, ২০২০ তাৰিখ পৰ্যন্ত তৈল বিপণন কোম্পানীসমূহে প্ৰধানমন্ত্ৰী উজ্জলা যোজনাৰ অধীনৰ হিতাধিকাৰীলৈ মুঠ ৬৭৯.৯২লাখটা ৰন্ধন  গেছ ভৰ্তি চিলিণ্ডাৰ বিতৰণ কৰিছে। উল্লেখ্য যে, গেছ ক্ৰয়ৰ বাবে প্ৰয়োজন হোৱা ধনৰাশি প্ৰত্যক্ষ লাভ হস্তান্তৰণ আঁচনিৰ জৰিয়তে চৰকাৰে হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ আগতীয়াকৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছিল। গেছ ক্ৰয়ৰ ক্ষেত্ৰত হিতাধিকাৰীসকলে যাতে কোনো সমস্যাৰ সন্মুখীন হবলগীয়া নহয়, সেই কথা নিশ্চিত কৰিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰা হয়। ইফালে, ৰন্ধন গেছৰ যোগান আৰু বিতৰণ ব্যৱস্থাৰে জড়িত হৈ থকা কৰোনা-যোদ্ধাসকলে সময়ত গেছৰ যোগান নিশ্চিত কৰাৰ উপৰি হিতাধিকাৰীসকলৰ মাজত স্বাস্থ্যবিধি আৰু অন্যান্য স্বাস্থ্য সুৰক্ষা সম্পৰ্কীয় নিৰ্দেশনাৱলী প্ৰচাৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

************

YB/KB



(Release ID: 1625860) Visitor Counter : 227