গৃহ মন্ত্ৰালয়

আৱদ্ধ শ্ৰমিকসকলৰ ৰে’লেযোগে চলাচলৰ সন্দৰ্ভত মানসম্পন্ন পৰিচালন প্ৰ’ট’কল(এছঅ’পি)

Posted On: 19 MAY 2020 1:14PM by PIB Guwahati

লকডাউনৰ সংশোধিত নিৰ্দেশনা বাহাল ৰাখি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ১৭.০৫.২০২০ত আৱদ্ধ শ্ৰমিকসকলৰ ৰেলেযোগে চলাচলৰ সন্দৰ্ভত কেতবোৰ সংশোধিত মানসম্পন্ন পৰিচালন প্ৰকল(এছঅপি) জাৰি কৰিছে৷

ৰেলযোগে আৱদ্ধ শ্ৰমিকসকলৰ চলাচলৰ ক্ষেত্ৰত অনুমোদন দিয়া এছঅপি নিম্নোলিখিত ধৰণৰঃ

  • ৰেল মন্ত্ৰালয়ে শ্ৰমিক বিশেষ ৰেল চলাচলৰ ক্ষেত্ৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমতি লব লাগিব৷
  • সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে সমন্বয়ৰক্ষী কৰ্তৃপক্ষ নিয়োগ কৰাৰ লগতে সেই আৱদ্ধ লোকসকলক গ্ৰহণ আৰু প্ৰেৰণৰ প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগিব৷
  • ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে বিচৰামতে ষ্টপেজ আৰু গন্তব্য স্থানকে ধৰি ৰেলৰ সূচী প্ৰস্তুত কৰিব ৰেল মন্ত্ৰালয়ে৷ একেদৰে, ৰেল মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে সেই আৱদ্ধ শ্ৰমিকসকলক গ্ৰহণ আৰু প্ৰেৰণৰ উপযুক্ত ব্যৱস্থাৰ সন্দৰ্ভত যোগসুত্ৰ ৰক্ষা কৰিব৷  
  • ৰেল মন্ত্ৰালয়ে  ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে ৰেলৰ সূচীৰ সন্দৰ্ভত প্ৰচাৰ, যাত্ৰীৰ প্ৰৱেশ আৰু চলাচল, ডবাত প্ৰদান কৰা সেৱা তথা ব্যৱস্থাপনাকে ধৰি টিকট বুকিং কৰা ইত্যাদি কাম কৰিব৷
  • প্ৰেৰণ কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰেল মন্ত্ৰালয়ে নিশ্চিত কৰিব লাগিব যে সকলো যাত্ৰীৰ বাধ্যতামুলক পৰীক্ষণ কৰা, কেৱল ৰোগৰ লক্ষণ নথকা যাত্ৰীকহে ৰেলত উঠিবলৈ দিয়া হয়৷
  • সকলো যাত্ৰীয়ে ৰেলত উঠা আৰু যাত্ৰাৰ সময়ত সামাজিক দুৰত্ব বজাই ৰাখিব লাগিব৷
  • নিৰ্দিষ্ট গন্তব্য স্থানত উপস্থিত হোৱাৰ সময়ত যাত্ৰীসকলে সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য প্ৰলক মানি চলিব লাগিব৷

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে জাৰি কৰা চৰকাৰী জাননী চাবলৈ এই লিংকত ক্লিক কৰকClick here to see the Official Communication to the States/UTs

*****

VG/SNC/VM/DB



(Release ID: 1625102) Visitor Counter : 240