স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত ৭৩তম বিশ্ব স্বাস্থ্য সভাত ড০ হৰ্ষৱৰ্দ্ধনৰ অংশ গ্ৰহণ

ক’ভিড-১৯ ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা সময়-সাপেক্ষ, মানসম্পন্ন আৰু অতি-সক্ৰিয় পদক্ষেপসমূহৰ কথা উল্লেখ কৰে

Posted On: 18 MAY 2020 8:27PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষৱৰ্দ্ধনে আজি ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত ৭৩তম বিশ্ব স্বাস্থ্য সভাত অংশ গ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ সাধাৰণ সচিৱৰ বক্তৃতাৰ প্ৰতি ভাৰতৰ সঁহাৰি হিচাপে ড০ হৰ্ষৱৰ্দ্ধনে কয়ঃ

বিশ্ব স্বাস্থ্য সভাৰ সভাপতি মাননীয় শ্ৰীমতী কেৱা বিন, বিশ্ব স্বাস্থ্য সংস্থাৰ সাধাৰণ সচিৱ ড০ টেড্ৰ’ছ আৰু সন্মানীয় ব্যক্তিসকল,

আৰম্ভণিতে মই ’ভিড-১৯ ত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এই সুযোগতে মই এই সমৰত সন্মূখৰপৰা ভাগ লোৱা সকলো ক’ৰোনা যোদ্ধাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

আমি ভাৰতত ’ভিড-১৯ ৰ প্ৰত্যাহ্বানক আটাতকৈ ডাঙৰ ৰাজনৈতিক দায়ৱদ্ধতা হিচাপে গ্ৰহণ কৰিছো। আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আগতীয়া, অতিসক্ৰিয় আৰু মানসম্পন্ন পদক্ষেপেৰে এই মৰাত্মক ভাইৰাছবিধৰ ব্যাপ্তি ৰোধ কৰিবলৈ যত্নৰ ক্ৰুটি কৰা নাই।

ভাৰতে প্ৰৱেশ স্থানত নিৰীক্ষণ, অন্য দেশৰ নাগৰিকসকলক যাবলৈ দিয়া, ৰ’বাষ্ট ডিজিজ ছাৰভাইলেন্স নেটৱৰ্কৰ যোগেদি বহল মাত্ৰাত জনসম্প্ৰদায়ৰ নিৰীক্ষণ, স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰা, সন্মূখ সমৰত ভাগ ল’ব পৰা ২ নিযুততকৈও অধিক মানৱ সম্পদৰ সামৰ্থ প্ৰস্তুত কৰা, বিপদৰ বিষয়ে সজাগতা সৃষ্টি আৰু জনসম্প্ৰদায়ক এই কামত জড়িত কৰোৱা আদি সকলো প্ৰয়োজীন ব্যৱস্থা সময় থাকোতেই হাতত লৈছিল। মই ভাৱো আমি আমাৰ সামৰ্থ অনুসাৰে যিমান পাৰি কৰিছো আৰু ভালেই কৰিছো। আমি এতিয়াও শিকি আছো আৰু অনাগত দিনত অধিক ভাল কাম কৰিব পাৰিম বুলি বিশ্বাস আছে। 

সন্মানীয় ব্যক্তিসকল, আজিৰ পৰিস্থিতিয়ে আমাক এনেদৰেই ভাৰ্চ্যুৱেলি লগ কৰিবলৈ বাধ্য কৰিছে। ৭৩ তম বিশ্ব স্বাস্থ্য সভা প্ৰথমবাৰৰ বাবে এনেদৰে অনুষ্ঠিত হৈছে। ই কেৱল অভূতপূৰ্বই নহয়, হয়তো আজিলৈকে অনুষ্ঠিত সভা সমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণও, কাৰণ আমি ইয়াত বহি কথাবোৰ আলোচনা কৰো মানে মহামাৰীয়ে হয়তো আৰু হাজাৰজনৰ প্ৰণ ল’ব আৰু সমগ্ৰ বিশ্বৰ অৰ্থনীতি বহুখিনি তললৈ নামিব।

এই সময়ত মানৱজাতি একগোট হ’বই লাগিব। আজি মই সকলো চৰকাৰ, উদ্যোগ, মানৱপ্ৰেমী সংস্থাক আহ্বান জনাইছো যাতে তেওঁলোকে দীৰ্ঘম্যাদী ধাৰণাক অগ্ৰাধিকাৰ দি সকলোৰে লাভ হোৱাকৈ তেওঁলোকৰ সমলসমূহৰ ব্যৱহাৰ কৰে।

আমাৰ ক্ষেত্ৰত, ভাৰতে আঞ্চলিক আৰু দ্বিপাক্ষিক অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্বত ভাৰতে ১২৩ খন দেশলৈ প্ৰয়োজনীয় ঔষধ যোগান দি সহযোগিতা প্ৰদৰ্শন কৰিছে।

ঔষধ, ৰোগৰ চিনাক্তকৰণ আৰু প্ৰতিষেধকেহে সমগ্ৰ বিশ্বক এই মহামাৰীৰ পৰা উদ্ধাৰ কৰিব পাৰিব। সমগ্ৰ বিশ্বৰ সহযোগিতা সেয়ে অতি গুৰুত্বপূৰ্ণ। চৰকাৰ, উদ্যোগ, মানৱপ্ৰেমী সংস্থাসমূহে সমল ব্যৱহাৰ কৰি বিপদৰ পৰা উদ্ধাৰ কৰিব পৰা উপায় উদ্বাৱনৰ গৱেষণা, প্ৰস্তুতি, বিতৰণ আদিত মনোযোগ দি সকলো সুবিধা সকলোৰে বাবে উপলব্ধ হোৱাকৈ কাম কৰিব লাগে।   

আজি এই দুদিনীয়া আলোচনাত আমি জানুৱাৰী মাহৰপৰা আৰম্ভ কৰি এতিয়ালৈকে কেনেদৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি কি শিকিলো, কেনেদৰে বিত্তীয় আৰু প্ৰযুক্তিগত অসুবিধাসমূহ আঁতৰ কৰিব পাৰি সেইকথাসমূহ ভাগ-বতৰা কৰা উচিত।  

মানৱীয়তা ৰক্ষাৰ বাবে অহোৰাত্ৰি প্ৰয়াস কৰি থকা সকলো ব্যক্তি তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানক মই অভিনন্দন জ্ঞাপন কৰিছো। এনে অৰ্থপূৰ্ণ আৰু বহল স্বাৰ্থত পৰিৱৰ্তন আনিবলৈ কৰি থকা প্ৰয়াসৰ লগত ভাৰত সদায়ে আছে।

মৰাত্মক ভাইৰাছৰ বিৰুদ্ধে এই সমৰত সন্মূখৰপৰা ভাগ লোৱা সমগ্ৰ বিশ্বৰ সকলো ক’ৰোনা যোদ্ধাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ ভাষণ সামৰিব খুজিছো।

চিকিসক, নাৰ্ছ, পেৰামেডিক্স, বিজ্ঞানী, সাংবাদিক, বস্ত যোগনীয়াৰ, সুৰক্ষা কৰ্মী, আৰক্ষী বিভাগৰ কৰ্মচাৰী – এই সকলো চকুত নপৰাকৈ সেৱা আগবঢ়াই থকা আৰু আজি ‘অতি-মানৱ’ত পৰিণত হোৱা ব্যক্তিলৈ মই থিয় হৈ শ্ৰদ্ধা নিবেদিছো। এইসকল আমাৰ প্ৰকৃত  নায়ক। 

এই বিশাল সমাৱেশত ভাষণ ৰাখিবলৈ সূবিধা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।

 

****

MV/SG/PRK



(Release ID: 1625017) Visitor Counter : 197