স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে শাৰীৰিক দূৰত্ব আৰু শিষ্টাচাৰসমূলক ব্যৱহাৰ শক্তিশালী ‘সামাজিক প্ৰতিষেধক’ – ড০ হৰ্ষৱৰ্দ্ধন

“ৰোগৰ নিৰাময়ৰ হাৰ ৩৭.৫% বৃদ্ধি পাইছে আৰু ২২ লাখতকৈ অধিক পৰীক্ষণ সম্পাদন কৰা হৈছে”

प्रविष्टि तिथि: 17 MAY 2020 5:58PM by PIB Guwahati

দেশত তৃতীয় পৰ্যায়ৰ লকডাউন শেষ হোৱাৰ সময়ত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষৱৰ্দ্ধনে কয়, শক্তিশালী নেত়ৃত্বৰ অধীনত সময় থাকোঁতেই নিৰ্ধাৰণ কৰা আমাৰ নীতিসমূহৰ লগতে দৃঢ় আৰু কঠোৰ পদক্ষেপে আশাপ্ৰদ ফল কঢ়িয়াই আনিছে। যোৱা ১৪ দিনত দুগুণ হোৱাৰ সময় ১১.৫ আছিল আৰু যোৱা তিনিদিনত সেই সংখ্যা ১৩.৬ লৈ উন্নত হৈছে। তেওঁ লগতে কয় যে,  মৃত্যুৰ হাৰ ৩.১% লৈ হ্ৰাস পাইছে আৰু সুস্থ হৈ উঠা লোকৰ হাৰ ৩৭% লৈ বৃদ্ধি পাইছে। কালিলৈকে ৩.১% সক্ৰিয় ভিড-১৯ ৰোগী আই চি ইউত, ০.৪৫% ভেন্টিলেটৰত আৰু ২.৭% অক্সিজেনৰ সহায়ত আছে।

১৭ মে ২০২০ লৈকে দেশত মুঠ ৯০,৯২৭ জন ৰোগী চিনাক্ত হৈছে তাৰে ৩৪,১০৯ জন সুস্থ হৈ ঘৰলৈ উভতিছে আৰু ২,৮৭২ জনৰ ম়ত্যু হৈছে। যোৱা ২৪ ঘন্টাত ২,৮৭২ জন ৰোগী নতুনকৈ চিনাক্ত হৈছে। 

ড০ হৰ্ষৱৰ্দ্ধনে কয় যে, দেশত ৩৭৩ টা চৰকাৰী আৰু ১৫২ টা ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰত পৰীক্ষণৰ সুবিধা দিনে ১,০০,০০০ লাখলৈ বৃদ্ধি কৰা হৈছে। কালিলৈকে ২২,৭৯,৩২৪ টা ভিড-১৯ ৰ পৰীক্ষণ সম্পাদন হৈছে তাৰে কালি এদিনতে ৯০,০৯৪ টা পৰীক্ষণ হৈছে। যোৱা ২৪ ঘন্টাৰ ভিতৰত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ ৰোগী চিনাক্ত হোৱা নাই”, তেওঁ কয়।

স্বাস্থ্য আন্তঃগাঁথনি সম্পৰ্কে ড০ হৰ্ষৱৰ্দ্ধনে কয় যে, কভিড-১৯ ৰ ব্যৱস্থাপনা আৰু কন্টেইনমেন্টৰ বাবে ১,৮০,৪৭৩ খন বিচনাযুক্ত ৯১৬ খন চিকিসালয়, ১,২৮,৩০৪ খন বিচনাযুক্ত ২,০৪৪ টা কভিড স্বাস্থ্যকেন্দ্ৰ, ৯,৫৩৬ টা কোৱাৰেন্টাইন কেন্দ্ৰ আৰু ৫,৬৪,৬৩২ খন বিচনাযুক্ত ৬,৩০৯ টা কভিড সেৱা কেন্দ্ৰ নিৰ্দিষ্ট কৰা হৈছে। এই কেন্দ্ৰসমূহে ৯০.২২ লাখ এন-৯৫ মাস্ক আকু ৫৩.৯৮ লাখ পি পি ই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰদান কৰিছে। 

ড০ হৰ্ষৱৰ্দ্ধনে কয় যে, ভাৰত এতিয়া কিছু পৰিমাণে এক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও নিজৰ লগতে আনৰো সুৰক্ষাৰ বাবে সাধাৰণ অভ্যাস কিছুমান যেনে চাবোনেৰে হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰা, ৰাজহুৱা স্থানত থু নেপেলোৱা, নিয়মীয়া চাফ-চিকুনতা বৰ্তাই ৰখা, মুখ ঢাকি ৰখা আদি মানি চলিবই লাগিব। কভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে শাৰীৰিক দূৰত্ব আৰু শিষ্টাচাৰসমূলক ব্যৱহাৰে শক্তিশালী সামাজিক প্ৰতিষেধকৰ কাম কৰিব পাৰে। অনলাইনযোগে প্ৰয়োজনীয় মেল-মিটিং কৰি সমাগমৰ পৰা আঁতৰি থাকি আমি সংক্ৰমণৰ পৰা বাচি থাকিব পাৰো।   

খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো এফ এছ এছ এ আইয়ে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি ফলমূল ভালকৈ ধুই, মাছ-মাংস ভালদৰে সিজাই খাব লাগে। কেঁচা মাংস কটা কটাৰীৰে অন্যান্য খাদ্যবস্তু কাটিব নালাগে। বাচন-বৰ্তন, পানীৰ বটল, গিলাছ আদি ব্যৱহাৰৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰা উচিত। 

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়ে চিকিসক, নাৰ্ছ, এএনএম, অংগনৱাড়ী কৰ্মী, পৰীক্ষাগাৰৰ কৰ্মী, পেথলজিষ্ট, বিজ্ঞানীকে ধৰি সকলো কৰোনা যোদ্ধালৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, এই ৰোগৰ লগত কোনো ধৰণৰ ষ্টিগমা জড়ি নাথাকে আৰু সকলোকে লক্ষণ দেখা মাত্ৰেই সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই যুঁজ দেশৰ প্ৰতিজন নাগৰিকৰ সহযোগিতাৰেহে জয় কৰা সম্ভৱ। তেওঁ ভিড-১৯ ৰোগীৰ সংস্পৰ্শত অহা ব্যক্তিৰ সুচল নিৰীক্ষণৰ বাবে আৰোগ্য সেতু এপ ডাউনলোড কৰবিলৈ সকলোকে অনুৰোধ কৰে। লগতে তেওঁ জনসাধাৰণক উৰাবাতৰিত বিশ্বাস নকৰিবলৈ কয়। তেওঁ কয় যে কভিড-১৯ ৰ বিষয়ে জানিবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, আই চি এম আৰ, তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয় আৰু পত্ৰ সূচনা কাৰ্যালয়ৰ ৱেবছাইট আৰু টুইটাৰ হেণ্ডল চাব পাৰে।

ভিড-১৯ ৰ বিষয়ে প্ৰযুক্তিগত তথ্য, নিৰ্দেশনা, পৰামৰ্শাৱলী আদিৰ সত্য আৰু শেহতীয়া তথ্যৰ বাবে নিয়মীয়কৈ https://www.mohfw.gov.in/ আৰু  @MoHFW_INDIA চাব পাৰে।

ভিড-১৯ ৰ বিষয়ে প্ৰযুক্তিগত প্ৰশ্ন technicalquery.covid19[at]gov[dot]in ই-মেইলযোগে আৰু অন্যান্য প্ৰশ্ন ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva ই-মেইলযোগে পঠাব পাৰিব।

ভিড-১৯ ৰ বিষয়ে যিকোনো প্ৰশ্নৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ +৯১-১১-২৩৯৭৮০৪৬ (বিনামূলীয়া) ত ফোন কৰিব পাৰে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিড-১৯ ৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf  ত উপলব্ধ কৰা হৈছে।

*****

MV/SG/PRK


(रिलीज़ आईडी: 1624875) आगंतुक पटल : 284
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam