PIB Headquarters
ক’ভিড-১৯ক লৈ পিআইবিৰ দৈনিক বুলেটিন
Posted On:
16 MAY 2020 7:09PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ক’ভিড-১৯ৰ অধিক ৰোগী লাভ কৰা দেশৰ ৩০টা নগৰপালিকা অঞ্চলত গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থাৰ বুজ লয় কেন্দ্ৰীয় স্বাস্থ্য সচিবে, ক’ভিড-১৯ ক’ণ্টেইনমেণ্ট আৰু মেনেজমেণ্টৰ বিষয়ে তেওঁ পৰ্যালোচনা কৰে; সুস্থতাৰ হাৰ ৩৫.০৯%লৈ বৃদ্ধি
এই ৩০খন নগৰপালিকা অঞ্চল হ’ল নিম্নোক্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰঃ মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, দিল্লী, মধ্য প্ৰদেশ, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্ৰদেশ, তেলেংগণা, অন্ধ্ৰ প্ৰদেশ, পঞ্জাব আৰু উৰিষ্যা৷ এতিয়ালৈকে, মুঠ ৩০, ১৫০গৰাকী লোক ক’ভিড-১৯ৰ পৰা সুস্থ হৈছে৷ যোৱা ২৪ ঘণ্টাত ২২৩৩গৰাকী ৰোগী সুস্থ হৈ উঠিছে৷ ইয়াৰ ফলত সুস্থতাৰ হাৰ ৩৫.০৯%লৈ বৃদ্ধি পাছে৷ এতিয়া পজিটিভ ৰোগীৰ মুঠ সংখ্যা হ’ল ৮৫,৯৪০গৰাকী৷ কালিৰ পৰা ভাৰতত ৰোগীৰ সংখ্যা ৩৯৭০গৰাকী বৃদ্ধি হৈছে৷
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতীয় অৰ্থনীতিক সকাহ দিবলৈ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা চতুৰ্থ কিস্তিৰ বিস্তৃত বিৱৰণ
বিত্তমন্ত্ৰীয়ে কৃষি, মীন পালন আৰু খাদ্য সংশাধন খণ্ডত আন্তঃগাথনি সৱল কৰা, সক্ষমতা বৃদ্ধি কৰা আৰু প্ৰশাসনিক সংস্কাৰৰ বাবে উপায় ঘোষণা কৰে
বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে কৃষি, মীন পালন আৰু খাদ্য সংশাধন খণ্ডত আন্তঃগাথনি সৱল কৰা, সক্ষমতা বৃদ্ধি কৰা আৰু প্ৰশাসনিক সংস্কাৰৰ বাবে উপায় ঘোষণা কৰে৷ ইয়াৰ ভিতৰত হ’ল—কৃষকৰ বাবে ১লাখ কোটিৰ কৃষি আন্তঃগাথনি পুঁজি; ক্ষুদ্ৰ খাদ্য উদ্যোগ স্থাপনৰ বাবে ১০,০০০কোটিৰ আঁচনি, প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ জৰিয়তে মাছমৰীয়ালৈ ২০,০০০ কোটি, ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী, ১৫,০০০ কোটিৰে পশুপালন আন্তঃগাথনি উন্নয়ন পুঁজি গঠন, ৪,০০০ কোটি ব্যয়ৰে হাৰ্বেল খেতিৰ প্ৰসাৰ ইত্যাদি৷
ক’ভিড-১৯ৰ পৰা ভাৰতৰ দৰিদ্ৰক সুৰক্ষা দিবলৈ ১বিলিয়ন ডলাৰ
দৰিদ্ৰ জনগণৰ সামাজিক সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে ঘোষণা কৰা কাৰ্যসূচীক সমৰ্থন জনাবলৈ বিশ্ব বেংকে ভাৰতৰ সৈতে ১ বিলিয়ন ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিছে৷
কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ৯০,০০০ কোটিৰ পেকেজ আগবঢ়াবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পত্ৰ লিখিছে
মোদী চৰকাৰৰ বিশ্বাস—কৃষকৰ কল্যাণৰ জৰিয়তেহে ভাৰতৰ কল্যাণ সম্ভৱ, যেতিয়া কৃষক সৱল হ’ব, তেতিয়া দেশ আত্মনিৰ্ভৰশীল হ’বঃ অমিত শ্বাহ
শ্ৰী অমিত শ্বাহে কয়, ‘মোদী চৰকাৰে বিশ্বাস কৰে যে ভাৰতৰ কল্যাণ নিৰ্ভৰ কৰে কৃষকৰ কল্যাণৰ ওপৰত৷ কৃষকলৈ এই অভূতপূৰ্ব সাহায্যই প্ৰদৰ্শন কৰে যে মোদী চৰকাৰে কৃষকক সৱল কৰি ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল কৰিব বিচাৰে৷’ গৃহমন্ত্ৰী শ্বাহৰ মতে, এই সংকটৰ সময়তো কৃষকৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ সংবেদনশীলতা সমগ্ৰ বিশ্বৰ বাবেই আদৰ্শ স্বৰূপ৷
ভাৰতীয় অৰ্থনীতিক সহাক দিবলৈ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত চৰকাৰে ঘোষণা কৰা ব্যৱস্থাসমূহক আদৰণি শ্ৰী মনসুখ মান্দাভিয়াৰ
শ্ৰী মনসুখ মান্দাভিয়াই কৈছে যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এতিয়ালৈকে ঘোষণা কৰা বিত্তীয় পেকেজৰ তিনিটাকৈ কিস্তিয়ে ভাৰতীয় অৰ্থনীতি আৰু দেশৰ নাগৰিকৰ মাজত সুদুৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব৷
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰঃ প্ৰব্ৰজিত শ্ৰমিকে যাতে খোজ কাঢ়ি ঘৰলৈ উভতিব লগা নহয়, বাছ অথবা শ্ৰমিক বিশেষ ৰেলগাড়ীৰে তেওঁলোকৰ যাত্ৰা নিশ্চিত কৰক
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পুনৰ পত্ৰ প্ৰেৰণ কৰিছে যাতে কোনো প্ৰব্ৰজিত শ্ৰমিকে খোজ কাঢ়ি ঘৰলৈ উভতিব লগা নহয়৷
প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত এতিয়ালৈকে ৬.২৮ কোটিৰো অধিক বিনামূলীয়া চিলিণ্ডাৰ উপলব্ধ কৰোৱা হৈছে, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ উপভোক্তাৰ বেংক একাউণ্টলৈ ৮৪৩২কোটি টকা হস্তান্তৰ কৰা হৈছে
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ উপভোক্তা, গেছ বিতৰক আৰু অ’এমচি বিষয়াসকলৰ সৈতে এক ৱেবিনাৰত মতিবিনিময় কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত এতিয়ালৈকে ৬.২৮ কোটিৰো অধিক বিনামূলীয়া চিলিণ্ডাৰ উপলব্ধ কৰোৱা হৈছে আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ উপভোক্তাৰ বেংক একাউণ্টলৈ ৮৪৩২কোটি টকা হস্তান্তৰ কৰা হৈছে৷
১৫মে’ৰ মাজনিশালৈ অৰ্থাৎ যোৱা ১৫ দিনত ১.৪ মিলিয়ন আৱদ্ধ লোকক নিজ নিজ গৃহ ৰাজ্যলৈ উভতাই পঠোৱাৰ ব্যৱস্থা কৰা হৈছে
১৫মে’,২০২০ৰ মাজনিশা পৰ্যন্ত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ১০৭৪খন শ্ৰমিক বিশেষ ৰেলগাড়ী চলাচল কৰিছে৷ ইয়াৰ সহায়ত যোৱা ১৫ দিনত ১.৪ মিলিয়নৰো অধিক আৱদ্ধ লোকক নিজ নিজ গৃহ ৰাজ্যলৈ উভতাই পঠোৱাৰ ব্যৱস্থা কৰা হৈছে৷ যোৱা ৩দিনত দৈনিক ২লাখৰো অধিক আৱদ্ধ লোকে ৰেলৰে যাত্ৰা কৰিছে৷
আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ৮কোটি প্ৰব্ৰজিত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াললৈ বিনামূলীয়া খাদ্য সামগ্ৰী আগবঢ়োৱা হ’ব
কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰাম বিলাশ পাছোৱানে কয় যে ক’ভিড-১৯ৰ এই জটিল সময়ছোৱাত প্ৰব্ৰজিত শ্ৰমিকসকলৰ খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসূহলৈ ৮ লাখ মেট্ৰিক টনৰ খাদ্য সামগ্ৰী আৱণ্টন জনোৱা হৈছে৷ চলিত বৰ্ষৰ আগষ্টৰ ভিতৰত দেশৰ ২৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ‘এক দেশ, এক কাৰ্ড’ আঁচনিৰ অন্তৰ্ভুক্ত হ’ব৷
‘ৰেৰা’ৰ সক্ৰিয় ৰূপায়নে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত বিশ্বাস উভতাই আনিবঃ হৰদ্বীপ সিং পুৰী
কেন্দ্ৰীয় হাউচিং আৰু নগৰীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে ‘ৰেৰা’ৰ এটা অন্যতম লক্ষ্য হ’ল ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত বিশ্বাস উভতাই অনা আৰু ‘ৰেৰা’ৰ সঠিক ৰূপায়নেহে এই আস্থা-বিশ্বাস উভতাই অনাত সহায় কৰিব৷
অপাৰেচন সমুদ্ৰ সেতু পৰ্যায়-২; আইএনএছ জলশ্বাই মালদ্বীপৰ পৰা ভাৰতীয় নাগৰিকক লৈ যাত্ৰা আৰম্ভ কৰিছে
ভাৰতীয় নৌজাহাজ জলশ্বাই মালদ্বীপৰ মেল বন্দৰৰ পৰা যোৱা ১৫মে’ত ৫৮৮গৰাকী ভাৰতীয় নাগৰিকক লৈ যাত্ৰা আৰম্ভ কৰিছে৷ দেশৰ বাহিৰত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক সমুদ্ৰ পথেৰে উদ্ধাৰ কৰিবলৈ ভাৰতীয় নৌসেনাই আৰম্ভ কৰা অপাৰেচন সমুদ্ৰ সেতুৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
‘মহামাৰী আৰু লকডাউনৰ মানসিক-সামাজিক প্ৰভাৱ আৰু কিদৰে ইয়াৰ মোকাবিলা কৰা উচিত’—এই বিষয়ক লৈ ৭টা শিৰোনামৰ প্ৰিণ্ট সংস্কৰণ আৰু ইণ্টাৰনেট সংস্কৰণ মুকলি কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে
কেন্দ্ৰীয় শিক্ষা আৰু মানৱ সম্পদ মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াললে এনবিটি ইণ্ডিয়াৰদ্বাৰা প্ৰকাশিত ক’ৰোনা ষ্টাডিজ ছিৰিজৰ অধীনত ‘মহামাৰী আৰু লকডাউনৰ মানসিক-সামাজিক প্ৰভাৱ আৰু কিদৰে ইয়াৰ মোকাবিলা কৰা উচিত’—এই বিষয়ক লৈ ৭টা শিৰোনামৰ প্ৰিণ্ট সংস্কৰণ আৰু ইণ্টাৰনেট সংস্কৰণ মুকলি কৰে৷
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ বিজ্ঞানীসকলে বিকাশ সাধন কৰিলে চলমান আভ্যন্তৰীণ বীজানুনাশক স্প্ৰেয়াৰ
দুৰ্গাপুৰস্থিত চিএছআইআৰ-চেণ্ট্ৰেল মেকানিকেল ইঞ্জিনিয়াৰিং ৰিছাৰ্চ ইনষ্টিটিউট(চিএমইআৰআই)য়ে দুটাকৈ চলমান আভ্যন্তৰীণ বীজানুনাশক স্পেয়াৰ ইউনিটৰ বিকাশ সাধন কৰিছে৷ এই স্প্ৰেয়াৰ কেইটাই বিশেষকৈ চিকিৎসালয়সমূহত বাহক ৰোগৰ বীজানু ফলপ্ৰসূভাৱে চাফা কৰাৰ লগতে বীজানুনাশ কৰিবলৈ সক্ষম৷
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত ডায়গন’ষ্টিক সমাধান আৰু ৰিস্ক ষ্ট্ৰেটিফিকেচন কৌশল বিকশিত কৰিবলৈ ইণ্টেল ইণ্ডিয়া আৰু আইআইটি-হায়দৰাবাদৰ সৈতে সমন্বয়ৰে কাম কৰিছে চিএছআইআৰ-এ



(Release ID: 1624569)
Visitor Counter : 202
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam