ৰেল মন্ত্ৰালয়

দৈনিক ৪খনৰ পৰা ১৪৫খন ৰে’ললৈ, এক বৃহৎ উপায়েৰে শ্ৰমিক বিশেষ ৰে’লৰ জৰিয়তে ‘ঘৰলৈ প্ৰত্যাৱৰ্তন’ত ভাৰতীয় ৰে’লে ইয়াৰ অভিযান ক্ষিপ্ৰতৰ কৰিছে

এদিনতে ২ লাখতকৈ অধিক আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকক ঘৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ লক্ষ্য অতিক্ৰম

১ মে’ত ৫,০০০ শ্ৰমিকৰ পৰা ১৪ মে’ত ২.১০লাখতকৈ অধিক পৰিবহণেৰে ২ সপ্তাহতকৈ কম সয়মতে লক্ষ্যত উপনীত

বৰ্তমানলৈকে ‘শ্ৰমিক বিশেষ’ ৰে’লৰ জৰিয়তে ১২ লাখতকৈ অধিক যাত্ৰী তেওঁলোকৰ নিজা ঘৰত উপস্থিত হৈছে

প্ৰব্ৰজিত লোকসকলক ঘৰলৈ অনাৰ বাবে বৰ্তমানলৈকে ১,০০০ শ্ৰমিক বিশেষ ৰে’ল চলোৱা হৈছে
দৈনিক ৪ লাখতকৈ অধিক আৱদ্ধ ব্যক্তিক পৰিবহণ কৰাৰ বাবে ৩০০খনকৈ ‘শ্ৰমিক বিশেষ’ ৰে’ল চলোৱাৰ পৰিকল্পনা ৰে’লৱেৰ

Posted On: 15 MAY 2020 3:40PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিৰ্দেশনাৰ পাছত ৰে’লৱেই ১ মে’ত মে’ দিৱস উপলক্ষে লকডাউনৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থ যাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তিৰ স্থানান্তৰ কৰাৰ বাবে ‘শ্ৰমিক বিশেষ ৰে’ল চলাচল আৰম্ভ কৰে৷

এক মে’ত ৪খনৰ পৰা পোন্ধৰ দিনতকৈ কম সময়ত ভাৰতীয় ৰে’লৱেই ১,০০০খনলৈ ৰে’ল চলাচল বৃদ্ধি কৰিছে৷ এক উল্লেখযোগ্য সাফল্যৰে ১৪ মে’ত ১৪৫খন শ্ৰমিক বিশেষ ৰে’ল চলাচল কৰিছে, যাৰ জৰিয়তে এদিনতে ২ লাখতকৈ অধিক আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকক ঘৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ লক্ষ্য অতিক্ৰম কৰিছে৷ প্ৰথমবাৰলৈ শ্ৰমিক ৰে’লে ২লাখতকৈ অধিক শ্ৰমিক পৰিবহণ কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমানলৈকে ‘শ্ৰমিক বিশেষ’ ৰে’লৰ জৰিয়তে ১২ লাখতকৈ অধিক যাত্ৰীয়ে তেওঁলোকৰ ঘৰত উপস্থিত হৈছে৷ উল্লেখ্য যে শ্ৰমিক বিশেষ ৰে’ল আৰম্ভ হোৱাৰ দিনা ১ মে’তে প্ৰায় ৫,০০০ যাত্ৰীয়ে যাত্ৰা কৰে৷ অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, চত্তীশগড়, হিমাচলপ্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মনিপুৰ, ওড়িশা, ৰাজস্থান, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড পশ্চিমবংগলৈ এই ৰে’লসমূহ চলাচল কৰিছে৷ ভাৰতীয় ৰে’লৱেই দৈনিক ৪ লাখতকৈ অধিক আৱদ্ধ ব্যক্তিক পৰিবহণ কৰাৰ বাবে ৩০০খনকৈ ‘শ্ৰমিক বিশেষ’ ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে৷ সম্পূৰ্ণ নিৰীক্ষণ ব্যৱস্থাৰ মাজেৰে ৰাজ্যসমূহৰ অনুমতিৰ ভিত্তিত এই ৰে’লসমূহ চলাচল কৰা হৈছে৷ যাত্ৰীসকলক খাদ্য আৰু পানী বিনামূলীয়াকৈ যোগান ধৰা হৈছে৷

*****

DJN/MKV/DB



(Release ID: 1624257) Visitor Counter : 175