শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

লকডাউনৰ বাবে সময়মতে ধনৰাশি জমা কৰিব নোৱাৰা ই পি এফ আৰু ১৯৫২ চনৰ এম পি আইনৰ অধীনৰ সংস্থাক বিলম্ব জৰিমণাৰ পৰা ৰেহাই দিয়া হৈছে

प्रविष्टि तिथि: 15 MAY 2020 5:14PM by PIB Guwahati

’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰা লকডাউন দীঘলীয়া হোৱাৰ বাবে সময়মতে বিধিসন্মত বৰঙণিৰ ধনৰাশি জমা কৰিব নোৱাৰা ই পি এফ আৰু ১৯৫২ চনৰ এম পি আইনৰ অধীনৰ সংস্থাক বিলম্ব জৰিমণাৰ পৰা ৰেহাই দিয়া হৈছে।

লকডাউনৰ বাবে বিভিন্ন পৰিচালনামূলক অথবা অৰ্থনৈতিক সমস্যাৰ সন্মূখীন হৈ সময়মতে বৰঙণি তথা অন্যান্য প্ৰশাসনিক মাচুল জমা কৰিব নোৱাৰা সংস্থাসমূহক কৰ্মচাৰী ভৱিষ্যতনিধি পুঁজি প্ৰতিষ্ঠানে জৰিমনা নিবিহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ই পি এফ অ’ৰ ক্ষেত্ৰ বিষয়াসকললৈ ১৫.০৫.২০২০ তাৰিখে উক্ত নিৰ্দেশনাসহ এখন জাননী পঠোৱা হৈছে আৰু সেই জাননী ই পি এফ অ’ৰ ৱেবছাইটৰ হ’ম পে’জক ক’ভিড-১৯ টেবৰ অধীনত উপলব্ধ কৰা হৈছে।

এই পদক্ষেপে ই পি এফে সামৰি লোৱা ৬.৫ লাখ সংস্থাক উপকৃত কৰিব।

*****

RCJ/SKP/IA/PRK


(रिलीज़ आईडी: 1624254) आगंतुक पटल : 295
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam