প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মাননীয়া মিট্টে ফ্ৰেডেৰিকছেনৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টেলিফোনৰে বাৰ্তালাপ
प्रविष्टि तिथि:
14 MAY 2020 8:03PM by PIB Guwahati
ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মাননীয়া মিট্টে ফ্ৰেডেৰিকছেনৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি টেলিফোনৰে বাৰ্তালাপ কৰে।
নেতাদ্বয়ে, ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা সংকট উপশমৰ বাবে দুয়োখন দেশে গ্ৰহণ কৰা পদক্ষেপসমূহৰ চৰ্চা কৰে। বাৰ্তালাপৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে, সংক্ৰমণৰ প্ৰকোপ বৃদ্ধি হ’বলৈ নিদিয়াকৈ ‘লকডাউন’ৰ বাধা-নিষেধ বাতিল কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ বাবে ডেনমাৰ্কৰ প্ৰশংসা কৰে। আলোচনাত ভাৰত আৰু ডানিছ বিশেষজ্ঞসকলে বিগত সময়চোৱাত আহৰণ কৰা পৰস্পৰৰ অভিজ্ঞতাসমূহৰ আদান-প্ৰদান কৰাৰ বাবে সততে যোগাযোগ অব্যাহত ৰখাৰ কথাতো সহমত ব্যক্ত কৰা হয়।
দুয়োগৰাকী নেতাই ভাৰত আৰু ডেনমাৰ্কৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে ক’ভিড-১৯-উত্তৰ প্ৰেক্ষাপটতত দুয়োখন দেশে একেলগে কাম কৰি যোৱাৰ বিষয়েও আলোচনা কৰে।
নেতাদ্বয়ে, যোৱা ১২ মে’, ২০২০ত দুয়োখন দেশৰ বিদেশ মন্ত্ৰীদ্বয়ৰ মাজত অনুষ্ঠিত হৈ যোৱা সভাখনৰ সফলতাকো আদৰণি জনায়।
স্বাস্থ্য সম্পৰ্কীয় গৱেষণা, পৰিচ্চন্ন তথা সেউজ শক্তি আহৰণ আৰু জলবায়ু পৰিৱৰ্তনৰ সংকট প্ৰশমণ আদিৰ দৰে প্ৰসংগসমূহৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত পৰস্পৰক উপকৃত কৰিব পৰাকৈ জোঁট বান্ধি কাৰ্যক্ৰম আগুৱাই নিয়াৰ বাবে বিশাল সম্ভাৱনাৰ সৃষ্টি কৰা বুলি দুয়ো পক্ষই সহমত ব্যক্ত কৰাৰ লগতে ভাৰত আৰু ডেনমাৰ্কৰ মাজত এক সুদৃঢ় ‘গ্ৰীণ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ’ গঢ়ি তোলাৰ প্ৰসংগত কাম কৰি যোৱাৰ বাবেও দুয়োগৰাকী নেতাই প্ৰতিশ্ৰুতি প্ৰদান কৰে।
.
******
VRRK/SH/KB
(रिलीज़ आईडी: 1623960)
आगंतुक पटल : 242
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam