PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
14 MAY 2020 6:55PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ডাঃ হৰ্ষৱৰ্ধনে ৰাষ্ট্ৰলৈ উচৰ্গা কৰিলে COBAS 6800 শীৰ্ষক পৰীক্ষণ যন্ত্ৰ; বিগত তিনিদিনত প্ৰায় ১৪ দিনলৈ হ্ৰাস পাইছে দ্বিগুণ সময়ৰ হাৰ
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (এনচিডিচি) পৰিদৰ্শন কৰে আৰু COBAS 6800 শীৰ্ষক পৰীক্ষণ যন্ত্ৰটো ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰে৷ ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে ভাৰত চৰকাৰে পোন প্ৰথমবাৰলৈ এনে ধৰণৰ যন্ত্ৰ ক্ৰয় কৰিছে৷ তেওঁ কয় যে বিগত ৩ দিনত ৰোগৰ দ্বিগুণ সময়ৰ হাৰ ১৩.৯ দিনলৈ হ্ৰাস হৈছে৷ মৃত্যুৰ হাৰ হৈছে ৩.২% আৰু আৰোগ্যৰ হাৰ হৈছে ৩৩.৬%৷ এই পৰ্যন্ত দেশত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৭৮,০০৩জন৷ ইয়াৰে ২৬,২৩৫ জনে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৩৩.৬%; ২,৫৪৯জন লোকৰ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ৩,৭২২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ পিএম কেয়াৰ্ছ পুঁজি ন্যাসে আৱণ্টিত কৰিছে ৩১০০ কোটি টকা
পিএম কেয়াৰ্ছ পুজি ন্যাসে ৩,১০০ কোটি টকা ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত ব্যয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৩,১০০ কোটি টকাৰ ২,০০০ কোটি টকা ভেণ্টিলেটৰ ক্ৰয়, ১,০০০ কোটি টকা প্ৰব্ৰজিত শ্ৰমিক আৰু ১০০ কোটি টকা প্ৰতিষেধক বিকাশত ব্যয় কৰা হ’ব, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই তথ্য প্ৰকাশ কৰে৷
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় অৰ্থনীতিৰ সমৰ্থনৰ উদ্দেশ্যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে অংশ ২ৰ উপস্থাপন প্ৰদৰ্শন কৰে
ৰিয়েল ইষ্টেট খণ্ডৰ ইজ অব্ ডুয়িং বিজনেছৰ নিশ্চিতি প্ৰদানৰ লগতে গৃহ ক্ৰেতাসকলৰো স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ
গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ তথা তেওঁলোকৰ ৰিয়েল ইষ্টেট নিয়ামক প্ৰাধিকৰণক চলিত মহামাৰীৰ পৰিপ্ৰেক্ষিতত পৰামৰ্শৱলী প্ৰদান কৰিছে৷
উৎসত কৰ কৰ্তন আৰু উৎসত কৰ সংগ্ৰহৰ হাৰ হ্ৰাস কৰা হৈছে
ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত কৰদাতাসকলক সকাহ প্ৰদান কৰি টিডিএছ আৰু টিচিএছৰ হাৰ হ্ৰাস কৰা হৈছে৷
অধিক বিৱৰণৰ বাবে
১৫দিনতকৈও কম সময়ৰ ভিতৰত ১০ লক্ষাধিক যাত্ৰীক কঢ়িয়াই অভিলেখ ৰচনা কৰিলে ৮০০ ‘শ্ৰমিক বিশেষ’ ৰে’লে
১৪ মে’ ২০২০ তাৰিখ পৰ্যন্ত দেশৰ বিভিন্ন প্ৰান্তলৈ ৮০০ ‘শ্ৰমিক বিশেষ’ ৰে’লে দহ লক্ষাধিক যাত্ৰীক কঢ়িয়াই অভিলেখ ৰচনা কৰিছে৷
অধিক বিৱৰণৰ বাবে
১২.০৫.২০২০ তাৰিখৰ পৰা চলাচল কৰা বিশেষ ৰে’লৰ বিভিন্ন শ্ৰেণীৰ বাবে সীমিত সংখ্যক টিকেটৰ ৱেইটিং তালিকাৰ প্ৰকাশ আৰম্ভ কৰিব ভাৰতীয় ৰে’লৱেয়ে
১২.০৫.২০২০ তাৰিখৰ পৰা চলাচল আৰম্ভ হোৱা বিশেষ ৰে’লসমূহত আৰএচিৰ কোনো ব্যৱস্থা নাথাকিব বুলি ভাৰতীয় ৰে’লৱেয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে৷
অধিক বিৱৰণৰ বাবে
৩২তম কমনৱেলথ স্বাস্থ্য মন্ত্ৰীৰ সন্মিলনত অংশগ্ৰহণ কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে
ডাঃ হৰ্ষ ৱৰ্ধনে আজি ৩২তম কমনৱেলথ স্বাস্থ্য মন্ত্ৰীৰ সন্মিলনত ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে৷ ক’ভিড-১৯ৰ সৈতে মোকাবিলাৰ আলোচনাৰ উদ্দেশ্যে এই বৈঠকখনৰ আয়োজন কৰা হৈছিল৷
অধিক বিৱৰণৰ বাবে
ৱেবিনাৰৰ জৰিয়তে সমগ্ৰ দেশৰ শিক্ষকসকলৰ সৈতে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীৰ বাৰ্তালাপ
কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ আজি ৱেবিনাৰৰ জৰিয়তে দেশৰ বিভিন্ন শিক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰি ‘আচাৰ্য দেবো ভৱ’ শীৰ্ষক বিষয়ত আলোচনা কৰে৷
অধিক বিৱৰণৰ বাবে
লকডাউনৰ সময়ছোৱাত অব্যাহত আছে দাইল আৰু তৈলবীজৰ ক্ৰয় প্ৰক্ৰিয়া
ৰবি ঋতু ২০২০-২১ৰ সময়ছোৱাত ২৭৭ লাখ মেট্ৰিকটনতকৈও অধিক আটা আহি পাইছে আৰু ইয়াৰে প্ৰায় ২৬৯ লাখ মেট্ৰিকটন ক্ৰয় কৰা হৈছে৷ লকডাউনৰ সময়ছোৱাত পিএম-কিষাণৰ অধীনত প্ৰায় ৯.২৫ কোটি কৃষক পৰিয়াললৈ ১৮,৫০০ কোটিত কৈও অধিক টকা বিতৰণৰ কৰা হৈছে৷
উদ্ভাৱনীমূলক নিম্ন ব্যয়ৰ পিপিইৰ পেটেণ্টৰ জৰিয়তে ব্যাপক পৰিমাণত দ্ৰুত উৎপাদনৰ দিশত অগ্ৰসৰ ভাৰতীয় নৌসেনা বাহিনী
ভাৰতীয় নৌসেনা বাহিনীয়ে বিকশিত কৰা নিম্ন ব্যয়ৰ পিপিই কিটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ইনটেলেকচুৱেল প্ৰ’পাৰ্টী ফেচিলিটেচন চেলে (আইপিএফচি) বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনৰ নেচনেল ৰিচাৰ্ছ ডেভেলপমেণ্ট ক’ৰ্পৰেচন (এনআৰডিচি)ৰ সহযোগত পেটেণ্ট কৰে৷
অপাৰেচন সমুদ্ৰসেতু- দ্বিতীয় পৰ্যায়ৰ যাত্ৰাৰ বাবে মালদ্বীপলৈ ৰাওনা আইএনএছ জলসৰ
ভাৰতীয় নৌসেনা বাহিনীৰ জাহাজ জলসে মালদ্বীপৰ মালেলৈ আৱদ্ধ ভাৰতীয় নাগৰিকসকলক উভতাই আনিবলৈ দ্বিতীয় পৰ্যায়ৰ যাত্ৰাৰ বাবে ৰাওনা হৈছে৷
থলুৱা উৎপাদনৰ দিশত আগবাঢ়ি আহিছে কেভিআইচিয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ হকে আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত খাদী আৰু গ্ৰামীণ উদ্যোগ আয়োগে (কেভিআইচি)য়ে প্ৰতিখন জিলাতে অতি কমেও এটাকৈ এন৯৫ মাস্ক, ভেণ্টিলেটৰ, ছেনিটাইজাৰ/লিকুইড হেণ্ড ৱাশ্ব নিৰ্মাণৰ কেন্দ্ৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
ক’ভিড-১৯ৰ সংকট কালত দিব্যাংগজন আৰু বৃদ্ধসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান প্ৰতিহত কৰিব পৰা যতন, প্ৰযুক্তি আৰু কাৰিকৰী কুশলতা উদ্ভাৱনত সহযোগিতা ‘ডিএছটি’-ৰ
ফেক্ট চেক

(Release ID: 1623870)
Visitor Counter : 301
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam