স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

পাঞ্জাৱত ক’ভিড-১৯ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণৰ প্ৰস্তুতিৰ পৰ্যালোচনা বৈঠক ড০ হৰ্ষ বৰ্ধনৰ

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক তেওঁলোকৰ প্ৰচেষ্টাৱলীত সহযোগিতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ কেদ্ৰীয় চৰকাৰ

Posted On: 13 MAY 2020 4:34PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ উপস্থিতিত পাঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিদ্ধুৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়৷ এই বৈঠক ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য মন্ত্ৰী আৰু ৰে’ড জ’নৰ উপায়ুক্তসকলৰ সৈতে সংশ্লিষ্ট ৰাজ্যত ক’ভিড-১৯ৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপ আৰু পৰিস্থিতিৰ পৰ্যালোচনাৰ এক অংশ৷

 

ড০ হর্ষ বর্ধনে জনায় যে ১৩ মে’ৰ শেহতীয়া প্ৰতিবেদন মতে আক্রান্তৰ সংখ্যা ৭৪,২৮১ জন হৈছে৷ বিগত ২৪ ঘণ্টায় নতুনকৈ ৩,৫২৫ জন লোক আক্রান্ত হৈছে৷ ইফালে বৰ্তমালৈকে আৰোগ্য হৈছে ২৪,৩৮৬ জন। বৰ্তমালৈকে দেশত এই ভাইৰাছত সংক্ৰমিত হৈ ২,৪১৫ গৰাকী লোকৰ মৃত্যু হৈছে৷ ভাৰতত মৃত্যুৰ হাৰ .২শতাংশ। সুস্থ আৰোগ্য হাৰ ৩২. শতাংশ। বিগত ১৪ দিনত সংক্ৰমিতৰ পৰিমাণ ১১ দিনত দুগুণ হৈছিল যদিও যোৱা তিনি দিনাৰ হিচাপত এই পৰিমাণ ১২. দিনত হৈছে৷ মন্ত্রীগৰাকীয়ে কয় যে যিসকলৰ এতিয়া চিকিসা চলি আছে, তাৰে ভিতৰ আইচিইউত .৭৫ শতাংশ, ভেণ্টিলেটৰত .৩৭ শতাংশ আৰু অক্সিজেনৰ সহায়ত .৮৯ শতাংশ ৰোগী আছে। প্ৰতিদিনে ৩৫২টা চৰকাৰী পৰীক্ষাগাৰ আৰু ১৪০টা বেচৰকাৰী পৰীক্ষাগাৰত ৯৫,০০০কৈ নমুনা পৰীক্ষা কৰা হৈছে৷ বৰ্তমানলৈৰে মুঠ ১৮,৫৬,৪৭৭ টা নমুনা পৰীক্ষা কৰা হৈছে।

তেওঁ লগতে কয় যে বিগত ২৪ ঘণ্টাত আন্দামান আৰু নিকোবৰ, অৰুণাচল প্ৰদেশ, দাদৰা আৰু নগৰ হাভেলি, গোৱা, চত্তীশগড়, লাদাখ, মণিপুৰ, মেঘালয় আৰু মিজোৰামত নতুনকৈ কোনো সংক্ৰমণৰ খবৰ অহা নাই। ছিকিম, নাগালেণ্ড, দমন আৰু দিউ আৰু লাক্ষাদ্বীপত আজলৈকে কোনো সংক্ৰমণৰ খবৰ পোৱা নাই৷

মন্ত্রীগৰাকীয়ে কয় যে দেশত বর্তমানে ,৬০,৬১০খন আইছ’লেচন বেড আৰু ১৯,২৭২খন আইচিইউ বেড সম্বলিত ক’ভিডৰ বাবে সমৰ্পিত ৯০০খন হাস্পতাল আছে। ২,০৪০টা ক’ভিড স্বাস্থ্য কেন্দ্ৰ আৰু ৮৭০৮টা কোৱাৰেণ্টাইন চেণ্টাৰ আছে। ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল তথা বিভিন্ন কেন্দ্রীয় প্ৰতিষ্ঠানত ৪২.১৮ লাখ ব্যক্তিগত সুৰক্ষা সঁজুলি তথা ৭৮.৪২ লাখ এন৯৫ মাস্ক বিতৰণ কৰা হৈছে৷

এনচিডিচিৰ সঞ্চালক ড০ এছ কে সিঙে পাঞ্জাৱৰ পৰিস্থিতিৰ সন্দৰ্ভত বৈঠকত বিস্তৃত ব্যাখ্যা দাঙি ধৰে৷ উল্লেখ্য যে পাঞ্জাৱৰ ২২খন জিলাতে সংক্ৰমণ হৈছে। ৰাজ্যখনত মুঠ সংক্ৰমিত লোকৰ সংখ্যা ১,৯১৩জন৷ নান্দেদ হুজুৰ চাহিবৰ পৰা অহা ৪,২১৬ গৰাকী তীর্থযাত্রী তথা ২০,৫২১ গৰাকী প্ৰব্ৰজিত শ্ৰমিক এতিয়া ৰাজ্যখনৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷

কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে ছিভিয়াৰ একিউট ৰেছপিৰেটৰী ইনফেকচন(ছাৰি) আৰু ইনফ্লুয়েঞ্জা সদৃশ ৰোগৰ ক্ষেত্রত সকলোকে সতর্ক হৈ থকাৰ পৰামর্শ আগবঢ়ায়৷ স্বাস্থ্যকর্মীসকল যাতে সংক্ৰমিত নহয় সেই বিষয়ে মন্ত্রীগৰাকীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ ওপৰ জোৰ দিয়ে৷ তেওঁ টীকাকৰণ, যক্ষা ৰোগৰ চিকিসা লৈ আলোচনা কৰে৷

পাঞ্জাৱৰ স্বাস্থ্যমন্ত্রী সিদ্ধুয়ে কয় যে লকডাউনৰ সময়তো ৰাজ্যখনৰ চিকিসালৰ বহির্বিভাগ খোলা আছে। ক’ভিড আক্রান্ত ৰোগীৰ উপৰি অন্যান্য ৰোগৰো চিকিসা নিয়মিয়াকৈ হৈ আছে৷ চিকিসা কৰ্মীসকলে ঘৰে ঘৰে গৈ ,৫৮,০০০গৰাকী লোকৰ নমুনা পৰীক্ষা কৰিছে৷

পৰ্যালোচনা বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অ’এছডি ৰাজেশ ভূষণ, ডিজিএইএছ ড০ ৰাজীৱ গাৰ্গ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব ড০ মনোহৰ আগনানি লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ একাংশ জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে৷

*****

MV/SG/DB



(Release ID: 1623762) Visitor Counter : 208