প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতি আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে ২০ লাখ কোটি টকাৰ বিশেষ অৰ্থনৈতিক পেকেজ

মুঠ পেকেজৰ পৰিমাণ ভাৰতৰ জিডিপিৰ ১০%

আত্মনিৰ্ভৰশীল ভাৰতৰ পাঁচটা স্তম্ভৰ বিষয়ে আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে

বিভিন্ন খণ্ডৰ সাহসিক সংস্কাৰে দেশক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাত সহায় কৰিবঃ প্ৰধানমন্ত্ৰী

আমাৰ স্থানীয় উৎপাদনসমূহৰ প্ৰচাৰ কৰি ইয়াক বিশ্বজনীন কৰাৰ এয়েই উপযুক্ত সময়ঃ প্ৰধানমন্ত্ৰী

Posted On: 12 MAY 2020 8:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে৷ মহামাৰীৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰা লোকসকলক সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ এক অভুতপূৰ্ব ঘটনা, কিন্তু এই যুদ্ধত আমি কেৱল নিজকে সুৰক্ষিত কৰাই নহয় বৰঞ্চ সন্মুখলৈ আগুৱাইও যাব লাগিব৷

আত্মনিৰ্ভৰশীল ভাৰত

প্ৰাক্ আৰু পচ্ছাদ ক’ভিড বিশ্বৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ দেশ আত্মনিৰ্ভৰশীল হ’ব লাগিব৷ সংকটৰ এই মুহূৰ্তক সুযোগলৈ পৰিৱৰ্তিত কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ভাৰতে শূন্যৰ পৰা আৰম্ভ কৰি নিতৌ এতিয়া দুই লাখকৈ পিপিই কিট আৰু এন-৯৫ মাস্ক উৎপাদন কৰিবলৈ ধৰিছে৷ প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰশীলতাৰ সংজ্ঞাৰ বিষয়ে উল্লেখ কৰি কয় দেশে যেতিয়া আত্মনিৰ্ভৰশীলতাৰ কথা কয় তেতিয়া ই স্ব-কেন্দ্ৰিকতকৈ পৃথক হৈ পৰে৷ তেওঁ কয় যে ভাৰতে সমগ্ৰ বিশ্বক এটা পৰিয়ালৰ দৰে জ্ঞান কৰে আৰু সেয়ে ভাৰতৰ উন্নতিত বিশ্বৰ উন্নতিও জড়িত হৈ পৰে৷ সমগ্ৰ মানৱতাৰ বিকাশৰ বাবে ভাৰতে যথেষ্ট অৱদান আগবঢ়াব পাৰে বুলি বিশ্বই বিশ্বাস কৰে৷

আত্মনিৰ্ভৰশীল ভাৰতৰ পাঁচটা স্তম্ভ

কচ্চৰ মহা প্ৰলংয়ংকাৰী ভূমিকম্পৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দৃঢ় সংকল্প আৰু সমাধানৰ জৰিয়তে অঞ্চলটোৱে পুনৰ মূৰ দাঙি উঠিবলৈ সক্ষম হৈছিল৷ ঠিক সেইদৰে দেশকো আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সদৃশ দৃঢ় সংকল্পৰ প্ৰয়োজন হ’ব বুলি তেওঁ উল্লেখ কৰে৷

তেওঁ কয় যে আত্মনিৰ্ভৰশীল ভাৰত ভেঁটি পাঁচটা স্তম্ভৰ ওপৰত নিৰ্ভৰ কৰে৷ সেয়া হ’ল- অৰ্থনীতি যিয়ে বৃদ্ধিশীল পৰিৱৰ্তন নহয়, বৰঞ্চ কোৱাণ্টাম জাঁপৰ সৃষ্টি কৰিব পাৰে; আন্তঃগাঁথনি যি ভাৰতৰ পৰিচয় হোৱা উচিত; ব্যৱস্থা যি একবিংশ শতিকা অনুযায়ী প্ৰযুক্তিচালিত ব্যৱস্থাপনা সমৃদ্ধ হোৱা উচিত; জনগাঁথনি যি আত্মনিৰ্ভৰশীল ভাৰতৰ শক্তিৰ উৎস; আৰু চাহিদা য’ত আমাৰ চাহিদা আৰু যোগান শৃংখল সম্পূৰ্ণ সামৰ্থৰে সৈতে ব্যৱহৃত হোৱা উচিত৷ চাহিদা পূৰণ কৰিবলৈ যোগান শৃংখলাৰ সকলো ষ্টেকহ’ল্ডাৰৰ সৱলীকৰণ হোৱাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷

আত্মনিৰ্ভৰ ভাৰত অভিযান

প্ৰধানমন্ত্ৰীয়ে ‘আত্মনিৰ্ভৰ ভাৰত’ শীৰ্ষক এক বিশেষ অৰ্থনৈতিক পেকেজৰ বিষয়ে ঘোষণা কৰে৷ তেওঁ কয় যে এই পেকেজত ক’ভিড সংকটৰ সময়ত চৰকাৰৰ পূৰ্বৰ ঘোষণাৰ লগত আৰবিআইয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ সৈতে একত্ৰিতভাৱে ২০ লাখ কোটি টকাৰ পেকেজৰ কথা ঘোষণা কৰা হৈছে যি ভাৰতৰ জিডিপিৰ প্ৰায় ১০%৷ তেওঁ কয় যে এই পেকেজে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ উদ্দেশ্য সাধনত সহায় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই পেকেজৰ দ্বাৰা ভূমি, শ্ৰমিক, তাৰল্য আৰু আইনৰ ওপৰত গুৰুত্ব নিৱেশ কৰা হৈছে৷ ইয়াৰ জৰিয়তে কুটিৰ উদ্যোগ, এমএছএমই, শ্ৰমিক, মধ্যবিত্ত আদি লোকসকল বিভিন্ন ধৰণে উপকৃত হ’ব৷ কাইলৈৰ পৰা বিত্ত মন্ত্ৰীয়ে এই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷

বিগত ছটা বছৰত জনধন-আধাৰ আৰু ম’বাইলৰ শক্তিৰ বিভিন্ন প্ৰভাৱসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ বিভিন্ন সাহসিক সংশোধনৰ প্ৰয়োজন হ’ব যাতে ক’ভিডৰ ফলত সৃষ্টি হোৱা নেতিবাচক প্ৰভাৱসমূহ ভৱিষ্যতলৈ নস্যাৎ কৰিব পাৰি৷ এই সংশোধনসমূহৰ ভিতৰত কৃষি,  কৰ প্ৰণালী, সৰল আৰু স্পষ্ট আইন, সামৰ্থৱান মানৱ সম্পদ আৰু শক্তিশালী বিত্তীয় ব্যৱস্থাৰ সংশোধনসমূহ অন্যতম হ’ব৷ এই সংশোধনসমূহে মেক ইন ইণ্ডিয়াৰ সৱলীকৰণ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰশীলতাই দেশক বিশ্বজনীন যোগান শৃংখলত কঠোৰ প্ৰতিদ্বন্ধী হিচাপে প্ৰস্তুত কৰি তুলিব আৰু দেশে এই স্পৰ্ধা জয় কৰাৰ বাবে ইয়াৰ আৱশ্যকো আছে৷ এই পেকেজৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো এই কথা ধ্যান দিয়া হৈছে৷ ইয়াৰ জৰিয়তে দক্ষতা বৃদ্ধিয়েই নহয় বৰঞ্চ গুণগতমানো বৃদ্ধি হ’ব৷ দেশৰ দৰিদ্ৰ, শ্ৰমিকসকলৰ সৱলীকৰণৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই পেকেজে সংগঠিত তথা অসংগঠিত দুয়োটা খণ্ডকে উপকৃত কৰিব৷ তেওঁ কয় যে এই সংকটে আমাৰ স্থানীয় উৎপাদন, স্থানীয় বজাৰ আৰু স্থানীয় যোগান শৃংখলৰ মহত্বৰ বিষয়ে শিক্ষা প্ৰদান কৰিলে৷ এয়েই সময় যে আমি আমাৰ স্থানীয় উৎপাদনসমূহৰ কণ্ঠস্বৰ হিচাপে ইয়াক বিশ্বজনীন কৰি তুলিব পাৰো৷

 

ক’ভিডৰ সৈতে সহৱস্থান

প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন বিশেষজ্ঞ তথা বিজ্ঞানীয়ে কৈছে যে এই ভাইৰাছবিধ দীৰ্ঘদিনলৈ আমাৰ জীৱনৰ অংশ হৈ থাকিব৷ কিন্তু ইয়াৰ চৌপাশেই আমাৰ জীৱনে আৱৰ্তন কৰি থকাটোও উচিত নহয়৷ জনসাধাৰণে ‘দুই গজৰ দূৰত্ব’, মাস্ক পৰিধান আদি সতৰ্কতাসমূহ পালন কৰি নিজৰ লক্ষ্যত উপনীত হ’ব লাগিব বুলি তেওঁ মন্তব্য কৰে৷

লকডাউনৰ চতুৰ্থ পৰ্যায়ৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ৰূপৰেখা সম্পূৰ্ণ পৃথক হ’ব৷ এই সন্দৰ্ভত নতুন নীতি প্ৰযোজ্য কৰা হ’ব আৰু এই বিষয়ে ১৮ মে’ৰ পূৰ্বে জনসাধাৰণক অৱগত কৰোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

*****

 

MANN



(Release ID: 1623430) Visitor Counter : 1073