প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আন্তৰ্জাতিক নাৰ্ছ দিৱস উপলক্ষে নাৰ্ছসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 12 MAY 2020 5:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তৰ্জাতিক নাৰ্ছ দিৱস উপলক্ষে নাৰ্ছসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘আমাৰ ধৰণীখন সুস্থ কৰি ৰাখিবলৈ অহৰ্নিশে কৰ্মৰত নাছসকলক কৃতজ্ঞতা জনোৱাৰ বাবে এই বিশেষ দিনটো হ’ল আন্তৰ্জাতিক নাৰ্ছ দিৱস৷ বৰ্তমানে তেওঁলোকে ক’ভিড-১৯ৰ বিৰুদ্ধে সমুখ সমৰত নামি পৰিছে৷ আমি তেওঁলোকৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞ৷ ফ্ল’ৰেন্স নাইটিংগেলৰ দ্বাৰা অনুপ্ৰেৰিত হৈ নাৰ্ছসকলে কঠোৰ পৰিশ্ৰমত ব্ৰতী হৈছে৷ আজি তেওঁলোকৰ কল্যাণৰ বাবে আমিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছো আৰু এইক্ষেত্ৰত যথেষ্ট মনোনিৱেশ কৰিছো৷’’

 

***

VRRK/SH/MANN



(Release ID: 1623400) Visitor Counter : 184