ৰেল মন্ত্ৰালয়

সমগ্ৰ দেশতে ১১ মে’ ২০২০ তাৰিখ পৰ্যন্ত (১০০০ ঘণ্টা) ভাৰতীয় ৰে’লৱেৰ ৪৬৮খন ‘‘শ্ৰমিক স্পেচিয়েল’’ ৰে’লে চলাচল কৰি আছে

যাত্ৰীসকলক প্ৰদান কৰা হৈছে বিনামূলীয়া আহাৰ আৰু পানী

ৰাজ্যসমূহে সন্মতি প্ৰদান কৰাৰ পিছতহে ৰে’লেৱেয়ে ৰে’লসমূহ চলাচল কৰিছে আৰু ৰাজ্যসমূহে শ্ৰমিকসকলক গ্ৰহণ কৰিছে

সামাজিক ব্যৱধানৰ নীতি মানি চলা হৈছে

‘‘শ্ৰমিক বিশেষ’’ ৰে’লৰ প্ৰতিখন ৰে’লত প্ৰায় ১২০০জনকৈ যাত্ৰীয়ে ভ্ৰমণ কৰিছে

Posted On: 11 MAY 2020 11:29AM by PIB Guwahati

গৃহ মন্ত্ৰালয়ে বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটন, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তিসকলৰ চলাচলৰ বাবে অনুমতি দিয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱেয়ে ‘শ্ৰমিক বিশেষ’ ৰে’ল চলোৱাৰ ব্যৱস্থা কৰিছে৷

১১ মে’ ২০২০ তাৰিখ পৰ্যন্ত মুঠ ৪৬৮ খন ‘শ্ৰমিক বিশেষ’ ৰে’লে বিভিন্ন ৰাজ্যত চলাচল কৰি আছে৷ ইয়াৰে ৩৬৩খন ৰে’লে লক্ষ্যস্থানত উপনীত হৈছে আৰু ১০৫খন ৰে’লে এতিয়াও ভ্ৰমণ কৰি আছে৷ 

এই ৩৬৩খন ৰে’ল অন্ধ্ৰ প্ৰদেশ (১খন ৰে’ল), বিহাৰ  (১০০খন ৰে’ল), হিমাচল প্ৰদেশ (১খন ৰে’ল), ঝাৰখণ্ড (২২খন ৰে’ল), মধ্য প্ৰদেশ (৩০খন ৰে’ল), মহাৰাষ্ট্ৰ (৩খন ৰে’ল), উৰিষ্যা (২৫খন ৰে’ল), ৰাজস্থান (৪খন ৰে’ল), তেলেংগানা (২খন ৰে’ল), উত্তৰ প্ৰদেশ (১৭২খন ৰে’ল), পশ্চিমবংগ (২খন ৰে’ল), তামিলনাডু (১খন ৰে’ল)ত যাত্ৰা সমাপ্ত কৰিছে৷

এই বিশেষ ৰে’লসমূহে তিৰুচ্চিৰাপল্লী, তিতলাগড়, বাৰাউনী, খাণ্ডৱা, জগন্নাথপুৰ, খুদৰা পথ, প্ৰয়াগৰাজ, চাপৰা, বালিয়া, গয়া, পুৰ্ণিয়াস বাৰাণসী, দৰভাংগা, গোৰখপুৰ, লক্ষ্ণৌ, জউনপুৰ, হাতিয়া, বাস্তি, কাতিহাৰ, দানাপুৰ, মুজাফৰপুৰ, ছাহাৰ্ছা ইত্যাদি চহৰসমূহৰ মাজেৰে পৰিভ্ৰমণ কৰিছে৷

এই শ্ৰমিক বিশেষ ৰে’লসমূহৰ একোখনত সৰ্বাধিক ১২০০ জনকৈ যাত্ৰীয়ে সামাজিক ব্যৱধান নীতি পালন কৰি ভ্ৰমণ কৰিছে৷ ৰে’লত ভ্ৰমণ কৰাৰ পূৰ্বে প্ৰতিজন যাত্ৰীৰ উপযুক্ত পৰীক্ষণ কৰা হৈছে৷ ভ্ৰমণৰ সময়ছোৱাত যাত্ৰীসকলক বিনামূলীয়া খাদ্য আৰু পানীৰ যোগান ধৰা হৈছে৷

****

DJN/MKV/MANN


(Release ID: 1622995) Visitor Counter : 231