ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

খুচুৰা ব্যৱসায়ী, ভৱন আৰু নিৰ্মাণ-পেছাদাৰসকলে এমএছএমই-ৰ স্বীকৃতি বিচাৰি জনোৱা আবেদন পৰীক্ষা কৰা হ’ব : শ্ৰী গাড়কাৰী

আমদানী বিকল্পৰ অনুসন্ধান আৰু জনবহুল মহানগৰীৰ ভিৰ কমোৱাৰ উপায় উদ্ভাৱনৰ বাবে খুচুৰা ব্যৱসায়ী, অভিযন্তা-স্থপতিবিদ আৰু চহৰ পৰিকল্পকসকলক আহ্বান

Posted On: 09 MAY 2020 6:47PM by PIB Guwahati

ভাৰতৰ খুচুৰা ব্যৱসায়ী সংস্থা, অনুশীনৰত অভিযন্তা, স্থপতিবিদ আৰু চহৰ পৰিকল্পক সংস্থা(ভাৰত)-ই খুচুৰা ব্যৱসায়ী, ভৱন আৰু নিৰ্মাণ-পেছাদাৰ প্ৰতিস্থানসমূহক ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ প্ৰতিস্থান(এমএছএমই) হিচাপে স্বীকৃতি বিচৰি জনোৱা আবেদন খৰতকীয়া ভাবে পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ প্ৰতিস্থান, স্থলপথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰীয়ে। সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীসকলক বীমা, চিকিত্সা, পেন্সন আদিৰ দৰে সুবিধাসমূহ প্ৰদান কৰিব পৰাকৈ নিয়োগ সম্ভাৱনা সৃষ্টিকাৰী এই সংস্থাসমূহে বিচৰাৰ দৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন বুলি অনুভৱ কৰিছে মন্ত্ৰীগৰাকীয়ে।

প্ৰসংগক্ৰমে শ্ৰী গাড়কাৰীয়ে খুচুৰা ব্যৱসায়ীসকলক ঘৰে ঘৰে বস্তুৰ যোগান ধৰাৰ বাব বিকল্পৰ সন্ধান কৰা, কামৰ সময়ত সামাজিক ব্যৱধানবিধি কঠোৰ ভাবে পালন কৰা, গ্ৰাহক আৰু কৰ্মীসকলৰ ব্যৱহাৰৰ বাবে ছেনিটাইজাৰ আৰু মাস্কৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে আহ্বান জনায়।

উল্লেখ্য য়ে মন্ত্ৰীগৰাকীয়ে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে খুচুৰা ব্যৱসায়ী সংস্থা, অনুশীনৰত অভিযন্তা, স্থপতিবিদ আৰু চহৰ পৰিকল্পক সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গৰ সৈতে ক’ভিড-১৯ৰ সংক্ৰমণ আৰু ইয়াৰ পৰিণতিত সংশ্লিষ্টসকলে সন্মুখীন হ’বলগীয়া হোৱা অনাহূত সংকট সম্পৰ্কে বিস্তৃত আলোচনাত মিলিত হৈছিল। আলোচনাকালত প্ৰতিনিধিসকলে বিগত সময়চোৱাত তেওঁলোকে সন্মুখীন হ’বলগীয়া হোৱা বিভিন্ন সমস্যাৰ বাখ্যা দাঙি ধৰে। তেওঁলোকে এই সংকটৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগিতা কামনা কৰাৰ লগতে এই ক্ষেত্ৰত এলানি পৰামৰ্শও তেওঁলোকে আগবঢ়ায়।

মন্ত্ৰী শ্ৰী গাড়কাৰীয়ে আমদানী বিকল্পৰ অনুসন্ধান আৰু জনবহুল মহানগৰীৰ ভিৰ কমোৱাৰ উপায় উদ্ভাৱনৰ বাবে খুচুৰা ব্যৱসায়ী, অভিযন্তা-স্থপতিবিদ আৰু চহৰ পৰিকল্পকসকলক আহ্বান জনায়। তেওঁ সংশ্লিষ্টসকলক গ্ৰাম্য অৰ্থনীতিৰ বিকাশ, জনজাতি আৰু পিচপৰা অঞ্চলসমূহৰ, বিশেষকৈ দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ দৰে গ্ৰীণ এক্সপ্ৰেছৱে’ পাৰ হৈ যোৱা এলেকাসমূহৰ উন্নয়ণত মনোনিৱেশ কৰাৰো আহ্বান জনায়।

 

*****

RCJ/SKP/IA/KB



(Release ID: 1622671) Visitor Counter : 194