বিত্ত মন্ত্ৰালয়
১ অক্টোবৰ ২০২০ লৈকে নিৰ্দিষ্ট কেইটামান সংস্থাৰ ক্ষেত্ৰত পঞ্জীয়ন, অনুমোদন আদিৰ ব্যৱস্থা স্থগিত ৰখা হৈছে
प्रविष्टि तिथि:
09 MAY 2020 10:41AM by PIB Guwahati
বৰ্তমানৰ মানৱীয় আৰু অৰ্থনৈতিক সংকটৰ সময়ত চি বি ডি টিয়ে ১ অক্টোবৰ ২০২০ লৈকে নিৰ্দিষ্ট কোইটামান সংস্থাৰ ক্ষেত্ৰত পঞ্জীয়ন, অনুমোদন, জাননী জাৰি কৰা আদিৰ ব্যৱস্থা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি ১৯৬১ চনৰ আয়কৰ আইনৰ ধাৰা ১০ (২৩গ), ১২ কক আৰু ৮০ছ ৰ অধীনত পঞ্জীয়নকৃত/অনুমোদিত সংস্থাসমূহে তিনিমাহৰ ভিতৰত বিতং তথ্য ফাইল কৰিব লাগিব।
এই ক্ষেত্ৰত প্ৰয়োজনীয় আইনগত সংশোধনী সময়ত প্ৰকাশ কৰা হ’ব।
বিত্ত মন্ত্ৰালয়ে ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱ আৰু তাৰ পৰিপ্ৰেক্ষিতত হোৱা লকডাউনৰ বাবে ১ জুন, ২০২০ ৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰক্ৰিয়াৰ বিষয়ে চিন্তা ব্যক্ত কৰা বহু তথ্য লাভ কৰিছিল। বহুতে নতুন প্ৰক্ৰিয়াৰ বাবেও অনুৰোধ কৰিছিল।
উল্লেখনীয় যে ১ জুন, ২০২০ ৰ পৰা কাৰ্যকৰী হোৱাকৈ বিত্ত আইন ২০২০ য়ে ধাৰা ১০ (২৩গ), ১২ কক আৰু ৮০ছ ৰ অধীনত পঞ্জীয়নকৃত/অনুমোদিত সংস্থাসমূহৰ সংখ্যা হ্ৰাস কৰিলে। নতুন প্ৰক্ৰিয়া অনুসৰি ইতিমধ্যে এই ধাৰাত পঞ্জীয়নকৃত/অনুমোদিত সংস্থাসমূহে তিনিমাহৰ ভিতৰত বিতং তথ্য ফাইল কৰিব লাগিব।
****
RM/KMN/PRK
(रिलीज़ आईडी: 1622603)
आगंतुक पटल : 363
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam