স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

শতবৰ্ষ সমাৰোহত ভাষণ দি দুৰ্যোগৰ সময়ত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে ‘ৰে’ডক্ৰছ ছ’চাইটী’ক প্ৰশংসা ড০ হৰ্ষ বৰ্দ্ধনৰ

পতাকা জোকাৰি হাৰিয়াণাৰ কভিড-১৯ পীড়িতলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা

‘ৰে’ডক্ৰছ ছ’চাইটী’য়ে স্বেচ্ছামূলক ৰক্তদানক এক আন্দোলনলৈ ৰূপান্তৰিত কৰা কথাক সদায় স্বীকৃত হ’ব : ড০ হৰ্ষ বৰ্দ্ধন

प्रविष्टि तिथि: 08 MAY 2020 5:44PM by PIB Guwahati

বিশ্ব ৰেডক্ৰছ দিৱসত উদযাপিত ভাৰতীয় ৰেডক্ৰছ ছচাইটীৰ শতবৰ্ষ সমাৰোহত ভাষণ দি দুৰ্যোগৰ সময়ত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে সংস্থটোক ভূয়সী প্ৰশংসা কৰে কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে। অনুষ্ঠানৰ অৰম্ভণীতে মন্ত্ৰীগৰাকীয়ে আন্তৰ্জাতিক ৰেডক্ৰছ ছচাইটীৰ প্ৰতিস্থাপক হেনৰী ডুৰাণ্টৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে হাৰিয়াণাৰ কভিড-১৯ পীড়িতলৈ প্ৰেৰণ কৰা সাহাষ্য সামগ্ৰী প্ৰেৰণ কাৰ্যক্ৰমৰো শুভাৰম্ভ ঘোষণা কৰে। ৰাজ্যখনলৈ প্ৰেৰণ কৰা বাহনসমূহত পিপিই-কিট, মাস্ক, ৱেট-ৱাইপ, বডী বেগ আদিৰ সম্ভাৰ আছে।

অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ড০ বৰ্দ্ধনে কয় যে, আজিৰ এই দিনটো কেৱল ভাৰতীয় ৰেডক্ৰছ ছচাইটীয়ে শতবৰ্ষ সম্পূৰ্ণ কৰাৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, বৰং চিকিত্সা আৰু মানৱীয়তা প্ৰতিষ্ঠাৰ যি মহান উদ্দেশ্য আগত ৰাখি এই সংস্থাৰ জন্ম হৈছিল সেয়া বিগত সময়চোৱাত আখৰে আখৰে পালন কৰি মৰ্যাদা আৰু দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰাত সফল হোৱাৰ বাবেও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। তেওঁ বিগত সময়চোৱাত সংস্থাটোৱে ভাৰতত সাহায্য আৰু সেৱা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। যিকোনো দুৰ্যোগৰ সময়ত অথবা সংকটৰ কালত কাৰো আহ্বানলৈ অপেক্ষা নকৰি দুৰ্গতসকলৰ সেৱাৰ বাবে স্বেচ্ছাই জপিয়াই পৰা ৰেডক্ৰছ ছচাইটীৰ মহানুভৱতাৰো তেওঁ শলাগ লয়।

প্ৰসংগক্ৰমে ড০ বৰ্দ্ধনে বিগত সময়াচোৱাত ৰেডক্ৰছ ছচাইটীয়ে স্বেচ্ছামূলক ৰক্তদানক এক আন্দোলনলৈ ৰূপান্তৰিত কৰা কথাক সদায় স্বীকৃতি প্ৰদান কৰা হব বুলিও অভিমত প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে ৰেডক্ৰছ ছচাইটীৰ প্ৰতিপাদ্য বাণী দোহাৰি কয় যে ৰেডক্ৰছৰ দৰেই আমিও অনাগত সময়ত সকলো ধৰণৰ মানৱীয় যাতনা উপশম ঘটোৱাৰ বাবে সকলো ধৰণৰ মানৱতাবাদী কৰ্ম-কাণ্ডৰ সূচনা কৰাৰ লগতে এনে কাৰ্যত ব্ৰতী হোৱা অথবা ব্ৰতী হবলৈ অনুপ্ৰণিত কৰাৰ বাবে তত্পৰ হোৱা উচিত।

*****

MR/KB


(रिलीज़ आईडी: 1622422) आगंतुक पटल : 240
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Tamil , Telugu , Kannada , Malayalam