যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

আইচিএমআৰৰ আঞ্চলিক ডিপোসমূহৰ পৰা দেশৰ দুৰ্গম অঞ্চলকে ধৰি সমগ্ৰ দেশত ক’ভিড-১৯ৰ পৰীক্ষাৰ সঁজুলি সৰবৰাহ কৰিছে ভাৰতীয় ডাক বিভাগে

Posted On: 08 MAY 2020 4:57PM by PIB Guwahati

ভাৰতীয় চিকিসা গৱেষণা পৰিষদে (আইচিএমআৰ) সমগ্ৰ দেশত ক’ভিড-১৯ পৰীক্ষা সঁজুলি সৰবৰাহ কৰাৰ বাবে ভাৰতীয় ডাক বিভাগৰ সৈতে চুক্তিবদ্ধ হৈছে৷ আইচিএমআৰৰ ১৬টা আঞ্চলিক ডিপো আৰু ২০০ অতিৰিক্ত গৱেষণাগাৰৰ পৰা এই সঁজুলিসমূহ নিয়া হৈছে৷ সংস্থাটোৰ লক্ষ্য হৈছে দেশত প্ৰতিদিনে লাখ নমুনাৰ পৰীক্ষা কৰা৷ ভাৰতীয় ডাক বিভাগৰ মুঠ ১,৫৬,০০০টা ডাকঘৰে এই কাম কৰি আছে৷ ডাক বিভাগে ইম্ফল, আইজলৰ দৰে দুৰ্গম অঞ্চলৰ উপৰি দুংগাৰপুৰ, চুৰু, ঝালাৱাৰ, কলকাতা, ভুৱনেশ্বৰ, ৰাঁচি, যোধপুৰ, উদয়পুৰ আৰু কোটাসহ অন্যান্য  স্থানসমূহতো এই সঁজুলিসমূহ যোগান ধৰা হৈছে৷

কেন্দ্রীয় যোগাযোগ, বৈদ্যুতিন, তথ্যপ্ৰযুক্তি, আইন আৰু ন্যায় মন্ত্রী ৰবি শংকৰ প্ৰসাদে আইচিএমআৰৰ সৈতে ভাৰতীয় ডাক বিভাগৰ এই অংশীদাৰিত্বৰ ভূয়সী প্ৰশংসা কৰিছে৷ লকডাউনৰ সময়ত ডাক বিভাগে চিঠি, ঔষধ, আর্থিক সাহায্য, খাদ্য সামগ্রী আৰু ৰেচন বিভিন্ন লোকৰ দুৱাৰদলিত যোগান ধৰিছে৷ এই জটিল সময়ত তেওঁ ডাকোৱালসকলৰ ভূমিকাৰ প্ৰশংসা কৰে৷

নির্দিষ্ট সময়ত দেশৰ বিভিন্ন স্থানত যাতে এই সঁজুলিসমূহ যোগান ধৰিব পৰা যায়, সেয়া চৰকাৰে নিশ্চিত কৰি আহিছে। দেশৰ ১৪টা ডাক চাৰ্কোলৰ ১৬টা ডিপোৰ পৰা শিৱমোগগা, তিৰুনেল্ভেলি, ধর্মপুৰী, তিৰুপতি, দার্জিলিং, গেংটক, লেহ, জম্মু, উদমপুৰ, ঝালোৱাৰ, ভাৱনগৰ, শোলাপুৰ, দাৰভাংগা, ঋষিকেশ, ফৰিদকোট আৰু মিজোৰাম জোৱাম মেডিকেল কলেজৰ দৰে দুৰ্গম অঞ্চলকে ধৰি দেশৰ ২০০টা পৰীক্ষাগাৰ যোগান ধৰা হয়৷ এই সঁজুলিসমূহ শুকান বৰফৰ বাকচত পঠোৱা হয়৷

ডাক বিভাগৰ কর্মীসকলে দিনে-ৰাতিয়ে কাম কৰি আহিছে৷ ৰাতি ১১.৩০ বজালৈৰে তেওঁলোকে এই সঁজুলিসমূহ যোগান ধৰি আহিছে৷ ডাক বিভাগ আৰু আইচিএমআৰৰ সমন্বয়ৰক্ষী বিষয়াসকলে এই কামত সমন্বয় সাধন কৰি আহিছে৷ সঁজুলি সৰবৰাহ কামত যাতে কোনো সমস্যা নহয়, তাৰ বাবে স্পীড পোষ্টত প্ৰথমে বুক কৰাৰ পাছত ধন আদায় দিয়া(বিএপেএল) এই নীতিত কাম কৰা হৈছে৷ সঁজুলি যোগানৰ পাছত দৈনিক হোৱাটএপত সেই তথ্য প্ৰদান কৰা হৈছে৷

আইচিএমআৰৰ ১৬টা ডিপো হ’লনতুন দিল্লীৰ এনআইএমআৰ, চণ্ডীগড়ৰ পিজিআই, লক্ষ্মৌৰ কেজিএমইউ, পাটনা আৰএমআৰআই, যোধপুৰ এনআইআৰএনচিডি, আমেদাবাদ এনআইঅ’এইচ, ভূপাল এনআইআৰইএইচ, কলকাতাৰ এনআইচিইডি, পুনে এনআইভি, বাংগালুৰুৰ এনআইভি ফিল্ড ইউনিট, হায়দৰাবাদৰ এনআইএন, চেন্নাইৰ এনআইই, ডিব্রুগড়ৰ আৰএমআৰচি, ভুৱনেশ্বৰৰ আৰএমআৰচি, মুম্বাইৰ এনআইআৰআৰএইচ, গুৱাহাটীৰ জিএমচি৷

***

RJ/NG/RP/DB



(Release ID: 1622416) Visitor Counter : 140