প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঔৰংগবাদৰ ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 08 MAY 2020 10:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ঔৰংগবাদত সংঘটিত এক ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, মহাৰাষ্ট্ৰৰ ঔৰংগবাদত সংঘটিত ৰে’ল দুৰ্ঘটনাত একাংশ লোকৰ প্ৰাণহানি হোৱাৰ খবৰক লৈ মৰ্মাহত হৈছো৷ মই ইতিমধ্যে ৰে’ল মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ সৈতে কথা পাতিছো আৰু তেওঁ অতি সুক্ষ্মভাৱে পৰিস্থিতি নিৰীক্ষণ কৰিছে৷ এই ক্ষেত্ৰত সম্ভাব্য সকলো সাহায্য আগবঢ়োৱা হ’ব৷

****

VRRK/KP/DB


(ৰিলিজ আই ডি : 1622105) অতিথি কক্ষ : 203