প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইউৰোপিয়ান সংঘৰ অধ্যক্ষ চাৰ্লছ মাইকেল আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 07 MAY 2020 7:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপিয়ান সংঘৰ অধ্যক্ষ চাৰ্লছ মাইকেলৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ সন্দৰ্ভত ভাৰত আৰু ইউৰোপিয়ান সংঘত উদ্ভৱ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে৷ তেওঁলোক দুয়োৱে এই মহামাৰীবিধৰ সৈতে মোকাবিলা কৰিবলৈ পাৰস্পৰিক সহযোগিতাত সন্তোষ প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত কাৰ্যকৰী আঞ্চলিক তথা বিশ্বজনীন সমন্বয়ৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে৷ নেতা দুগৰাকীয়ে ক’ভিড-১৯ৰ পচ্ছাদ সময়ত উদ্ভাসিত পৰিস্থিতিৰ ক্ষেত্ৰত পৰস্পৰে পৰস্পৰৰ প্ৰতি সহযোগিতা আগবঢ়াই যাব বুলি সহমত পোষণ কৰে৷

 

****

VRRK/KP/MANN



(Release ID: 1622026) Visitor Counter : 193