PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 07 MAY 2020 6:28PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু পশ্চিম বংগত ক’ভিড-১৯ৰ ব্যৱস্থাপনা তথা প্ৰস্তুতিৰ খতিয়ান ল’লে ডাঃ হৰ্ষ ৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীয়ে আজি উত্তৰ প্ৰদেশ আৰু উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে ৰাজ্যকেইখনত ক’ভিড-১৯ৰ ব্যৱস্থাপনা সম্পৰ্কে খতিয়ান গ্ৰহণ কৰে৷ তেওঁ কয় যে ৭ মে’ ২০২০ তাৰিখ পৰ্যন্ত দেশত সৰ্বমুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৫২,৯৫২ জন হৈছে আৰু ইয়াৰে ১৫,২৬৬ জন ৰোগী আৰোগ্য হৈছে৷ মৃত্যু হৈছে ১৭৮৩ জনৰ৷ বিগত ২৪ ঘণ্টাত ৩৫৬১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ১০৮৪ জন ৰোগী আৰোগ্য হৈছে৷ তেওঁ কয় যে ভাৰতত মৃত্যুৰ হাৰ বৰ্তমান ৩.৩% আৰু আৰোগ্যৰ হাৰ হ’ল ২৮.৮৩%৷ এই পৰ্যন্ত ১৩,৫৭,৪৪২টা ক’ভিড-১৯ৰ পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছে৷ বিগত ৭ দিনতকৈও কম সময়ৰ বাবে এই পৰ্যন্ত ১৮০খন জিলাই কোনো নতুন পৰিঘটনা প্ৰতিবেদিত কৰা নাই৷ ৭-১৩ দিনৰ ভিতৰত ১৮০ খন জিলাই, ১৪-২০ দিনৰ ভিতৰত ১৬৪ খন জিলাই আৰু ২১-১৮ দিনৰ ভিতৰত ১৩৬ খন জিলাই কোনো নতুন পৰিঘটনা প্ৰতিবেদিত কৰা নাই৷

অধিক বিৱৰণৰ বাবে

 

বৈশাক-বুদ্ধ পূৰ্ণিমা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে

এই ভাৰ্চুৱেল প্ৰাৰ্থনা অনুষ্ঠানত সমগ্ৰ বিশ্বৰ বৌদ্ধ সংঘসমূহে অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে৷ এই অনুষ্ঠানত সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু ৰাজ্যিক সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

বৈশাক-বুদ্ধ পূৰ্ণিমা উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ

‘‘বন্ধুসকল, ভগৱান বুদ্ধ প্ৰতিটো শব্দ, বাণীয়ে মানৱতাৰ প্ৰতি ভাৱতৰ প্ৰতিশ্ৰুতিক শক্তি যোগাইছে৷ বুদ্ধ ভাৰতৰ জ্ঞানোদয় আৰু আত্ম-জ্ঞানৰ প্ৰতীক৷ এই আত্ম-জ্ঞানৰ জৰিয়তে ভাৰতে সমগ্ৰ মানৱ সম্প্ৰদায়ৰ লাভৰ হকে কাম কৰি যাব৷ ভাৰতৰ প্ৰগতিয়ে বিশ্বৰ প্ৰগতিত সহায় কৰিব৷’’

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ পৰিস্থিতিৰ বাবে আয়ুষ মন্ত্ৰালয়ক অন্তৰ্ভুক্ত কৰি আন্তঃ নিয়মানুৱৰ্তিতা অধ্যয়নৰ আনুষ্ঠানিক মুকলি

আয়ুষ মন্ত্ৰী শ্ৰী শ্ৰীপদ য়েছ’ নায়ক আৰু স্বাস্থ্য মন্ত্ৰী শ্ৰী হৰ্ষ ৱৰ্ধনে যুটীয়াভাৱে নতুন দিল্লীত ক’ভিড-১৯ সম্পৰ্কীয় আয়ুষভিত্তিক অধ্যয়ন মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

ৰাজ্যিক প্ৰাধিকৰণক ক’ভিড শুশ্ৰূষা কেন্দ্ৰ চমজাবলৈ অগ্ৰসৰ হৈছে ভাৰতীয় ৰে’লৱেয়ে

ৰে’ল মন্ত্ৰালয়ে ৫২৩১টা দবা ক’ভিড শুশ্ৰূষা কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰিছে৷ যিসমূহ ৰাজ্যত আচুতীয়া সুবিধাৰ নাটনি হৈছে, তেনেবোৰ ৰাজ্যলৈ এই সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

দেশত গৱেষণাৰ পৰিৱেশ উন্নত কৰাৰ লক্ষ্যেৰে ‘পিএমআৰএফ’ আঁচনিৰ সংস্কাৰৰ পদক্ষেপ মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ

দেশত গৱেষণাৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যেৰেপ্ৰধানমন্ত্ৰী গৱেষণা ফেলশ্বিপ আঁচনি’(পিএমআৰএফ) খনৰ বিস্তৃত ৰূপত সংস্কাৰ সাধনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আজি তথ্য সদৰী কৰিছে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়ালনিশাংকে’৷ শেহতীয়া সংশোধন সম্পৰ্কে তথ্য দাঙি ধৰি তেওঁ কয় যে, এতিয়াৰে পৰা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠান(আইআইএছচি/আইআইটি/এনআইটি/আইআইএছইআৰ/আইআইইএছটি/চিএফ আইআইআইটি/সমূহৰ বাহিৰে)ৰ ক্ষেত্ৰত ন্যূনতম ‘চিজিপিএ’ ৮ অথবা ইয়াৰ সমপৰ্যায়ৰ হোৱাৰ লগতে গে’ট পৰীক্ষাত পাবলগীয়া নম্বৰৰ পৰিমাণ পূৰ্বৰ ৭৫০ৰ পৰা ৬৫০লৈ অৱনমিত কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

ক’ভিড আৰু সংসদীয় বৈঠক সন্দৰ্ভত ৰাজ্যসভাৰ অধ্যক্ষ আৰু লোকসভাৰ অধ্যক্ষৰ আলোচনা

ভাৰতৰ উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী এম ভেংকয়া নাইডুয়ে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাৰ সৈতে দেশৰ ক’ভিড-১৯ৰ পৰিস্থিতি তথা এই সন্দৰ্ভত সংসদৰ সদস্যসকলৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

বিদেশৰ পৰা উদ্ধাৰ কৰি অনা ভাৰতীয় নাগৰিকসকলৰ বাবে ভাৰতীয় নৌসেনা বাহিনীয়ে মুকলি কৰিছে জাহাজ সেৱা আৰু সশস্ত্ৰ বাহিনীয়ে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি কোৱাৰেণ্টাইনৰ সুবিধা

ভাৰতীয় নৌসেনা বাহিনীয়ে চিকিৎসকৰ দল আৰু সাহায্য সামগ্ৰীৰ সৈতে বিদেশত আৱদ্ধ ভাৰতীয় লোকসকলক স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে ৰাওনা হৈছে৷ বিদেশফেৰৎ ২১০০ ভাৰতীয়ক কোৱাৰেণ্টাইনত ৰাখিবলৈ সশস্ত্ৰ সৈন্যবাহিনীয়ে প্ৰস্তুত কৰিছে ছয়টা কোৱাৰেণ্টাইনৰ সুবিধা৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবী আহমেদ আলীৰ মাজত ফোনযোগে বাৰ্তালাপ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবী আহমেদ আলীয়ে আজি ফোনযোগে এক বাৰ্তালাপত মিলিত হয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ইথিঅপিয়াৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ লগতে দুয়োখন দেশৰ মাজত সহযোগিতাৰ উন্নয়নমুলক দিশসমূহৰ সন্দৰ্ভত দোঁহাৰে৷ দুয়োগৰাকী নেতাই ভিড-১৯য়ে সৃষ্টি কৰা ঘৰৱা, আঞ্চলিক আৰু বিশ্বজনীন প্ৰত্যাহ্বানৰ সন্দৰ্ভত আলোচনা কৰাৰ উপৰি এই স্বা্স্থ্য সংকটৰ বেলিকা ইখন দেশে সিখন দেশৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পৰিস্থিতি সমাপ্ত হোৱাৰ পিছত উদ্যোগসমূহে ইতিবাচক পদক্ষেপৰ সৈতে সুযোগৰ সন্ধান কৰা উচিতঃ শ্ৰী গাডকাৰী

শ্ৰী নীতিন গাডকাৰীয়ে ক’ভিড-১৯ মহামাৰীৰ প্ৰাৱল্য সমাপ্ত হোৱাৰ পিছত উদ্যোগসমূহক ইতিবাচক চিন্তাধাৰাৰ সৈতে উদ্ভাসিত সুযোগসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷

অধিক বিৱৰণৰ বাবে

শ্ৰী গাডকাৰীয়ে ১৫ লাখ কোটি টকাৰ ব্যয়েৰে আগন্তুক দুটা বছৰৰ ভিতৰত পথ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে

শ্ৰী গাডকাৰীয়ে কয় তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলক অতি শীঘ্ৰে অট’ স্ক্ৰেপিং নীতিৰ চূড়ান্ত ৰূপ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে৷ ইয়াৰ দ্বাৰা ব্যয় উল্লেখযোগ্য ধৰণে হ্ৰাস হ’ব৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে ভূমি স্বাস্থ্য কাৰ্যভিত্তিক সংবদ্ধ ভূমি পুষ্টি ব্যৱস্থাপনাত কৃষক আন্দোলনৰ আহ্বান কৰিছে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে সংবদ্ধ ভূমি পুষ্টি ব্যৱস্থাপনাক কৃষক আন্দোলনলৈ পৰিৱৰ্তিত কৰাৰ বাবে আহ্বান জনাইছে৷ ভূমি স্বাস্থ্য কাৰ্যসূচীৰ উত্তৰণ পুনৰীক্ষণ কৰি তেওঁ জৈৱ আৰু জৈৱিক সাৰৰ ব্যৱহাৰ বৃদ্ধি তথা ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাসৰ বাবে অভিযান ভিত্তিত সজাগতা চলাবলৈ নিৰ্দেশ দিছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ অধীনত বিতৰণ কৰা খাদ্য সামগ্ৰীৰ সন্দৰ্ভত ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য সচিবসকলৰ সৈতে পৰ্যালোচনা বৈঠক খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিবৰ

এই আঁচনিৰ অধীনত মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দেশৰ পিছপৰা শ্ৰেণীৰ লোকসকলক প্ৰায় ১২০ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী বিতৰণ কৰা হয়৷ চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো পৰিয়ালক অহা এপ্ৰিল, মেআৰু জুন মাহৰ বাবে সাধাৰণতে লাভ কৰা ৩৫ কেজি চাউলৰ উপৰি প্ৰতিটো কাৰ্ডৰ বিপৰীতে কেজিকৈ অধিক চাউল দিয়াটো সুনিশ্চিত কৰিছে৷ ইয়াৰ প্ৰতি ৰাজ্য চৰকাৰসমূহ ব্যাপক সঁহাৰি জনোৱাৰ লগতে মে’, ২০২০লৈকে ৬৯.২৮ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী সংগ্ৰহ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ মহামাৰীৰ অনিশ্চিয়তা আৰু বর্তমান সময়ত সুসংহত শীতলীকৰণ গৃহ পৰিচালন ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ হৰছিমৰত কৌৰ বাদলৰ

কেন্দ্রীয় খাদ্য সংসাধন উদ্যোগ মন্ত্রী হৰছিমৰত কৌৰ বাদলে কয় যে শীতলীকৰণ গৃহ পৰিচালন ব্যৱস্থাপনাৰ সহায়ত ফল-মূল আৰু শাক-পাছলি নষ্ট হোৱাটো ৰোধ কৰা সম্ভৱ হৈছে৷ যাৰ ফলত বছৰ বছৰ ধৰি সেই খাদ্য সামগ্রী সহজ লভ্য হৈ পৰিছে৷ খাদ্য সংসাধন উদ্যোগৰ সহায়ত শীতলীকৰণ গৃহ পৰিচালন ব্যৱস্থাপনাৰ সৈতে জড়িত ব্যক্তিসকলক লৈ আয়োজিত এক ভিডিঅকনফাৰেন্সত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ভিড-১৯ মহামাৰীৰ বর্তমান অনিশ্চয়তাপূৰ্ণ পৰিস্থিতিত খাদ্য সংসাধন সংস্থাসমূহ, বিশেষকৈ সুসংহত শীতলীকৰণ গৃহ পৰিচালন ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে এই ব্যৱস্থাই কৃষকসকলক অনিশ্চিতয়তাপূৰ্ণ পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ লগতে সামগ্ৰীৰ বজাৰ মূল্যৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিব৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ বিৰোধী যুঁজ সন্দৰ্ভত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ প্ৰতিনিধিবৰ্গৰে শ্ৰম মন্ত্ৰীৰ বাৰ্তালাপ

ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ ভয়াবহতা আৰু ইয়াৰ প্ৰকোপৰ পৰা দেশৰ নাগৰিকসকলক, বিশেষকৈ শ্ৰমিক সমাজক সুৰক্ষা প্ৰদান কৰাৰ লগতে অৰ্থনীতিক ৰক্ষাৰ বাবে সমন্বিত প্ৰয়াসলৈ সহযোগিতা আগবঢ়োৱা সন্দৰ্ভত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এক ৱেবিনাৰত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় শ্ৰম বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সন্তোষ কুমাৰ গংগোৱাৰে। নতুন দিল্লীত অনুষ্ঠিত এই আলোচনাত ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিত শ্ৰমিকসকলে, বিশেষকৈ ভ্ৰাম্যমান শ্ৰমিকসকলে সন্মুখীন হোৱা দুৰ্যোগ সন্দৰ্ভত বিস্তৃত আলোচনা কৰাৰ লগতে নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰা, অৰ্থনৈতিক কাম-কাজ পুনৰ আৰম্ভ কৰা, শ্ৰম আইনৰ আধাৰত ন্যায্য ভাবে প্ৰদান কৰিবলগীয়া দেনাসমূহ আদায় দিয়াৰ বাবে প্ৰয়াস কৰাৰ দৰে প্ৰসংগত আলোচনা অনুষ্ঠিত হয়।ৱেবিনাৰত সকলো ট্ৰেড ইউনিয়নৰ প্ৰতিনিধিৰ লগতে শ্ৰম মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া-বৰ্গও উপস্থিত থাকে৷

অধিক বিৱৰণৰ বাবে

ঘৰুৱা উৎপাদন আৰু আমদানিৰ বিকল্পৰ প্ৰতি মনোযোগ দিয়াৰ সন্দৰ্ভত শ্ৰী নীতিন গাডকাৰীয়ে ভাৰতীয় সুগন্ধি আৰু সুবাস সংস্থাক সাক্ষাৎ কৰে

কেন্দ্ৰীয় ক্ষূদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ আৰু পথ পৰিৱহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰিয়ে আজি এক ভিডিঅকনফাৰেন্সযোগে ভাৰতীয় সুগন্ধি আৰু সুবাস সংস্থাৰ প্ৰতিনিধিক সাক্ষাৎ কৰি ষ্টাৰ্ট-আপ আৰু ক্ষূদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগৰ ওপৰত ভিড-১৯ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। মত-বিনিময়ৰ সময়ত সদস্যসকলে ভিড-১৯ বাবে সন্মূখীন হোৱা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰাৰ লগতে কিছু পৰামৰ্শ আগবঢ়ায় আৰু চৰকাৰৰপৰা সহযোগিতা আশা কৰে৷

অধিক বিৱৰণৰ বাবে

চি এচ আই আৰৰ সাধাৰণ সঞ্চালকে কম্পেণ্ডিয়াম অৱ ইণ্ডিয়ান টেকন’ল’জীছ ফৰ কম্বেটিং ভিড-১৯ মুকলি কৰে
ৰাষ্ট্ৰীয় গৱেষণা উন্নয়ন পৰিষদ (এন আৰ ডি চি) সম্পাদনা কৰা ভিড-১৯ সৈতে যুঁজিবৰ বাবে উপলব্ধ ভাৰতীয় প্ৰযুক্তিৰ সাৰাংশ পুথিকম্পেণ্ডিয়াম অৱ ইণ্ডিয়ান টেক্নলজিছ ফৰ কম্বেটিং ভিড-১৯চি এচ আই আৰৰ সাধাৰণ সঞ্চালক আৰু ডি এচ আই আৰৰ সচিৱ ড০ শেখৰ চি মাণ্ডেই নতুন দিল্লীস্থিত চি এচ আই আৰৰ মূখ্য কাৰ্যালয়ত মুকলি কৰে। ইয়াত ভিড-১৯ৰ লগত সম্পৰ্কিত প্ৰায় ২০০ টা ভাৰতীয় প্ৰযুক্তি, চলি থকা গৱেষণা কাৰ্য, বাণিজ্যিকীকৰণৰ বাবে সাজু থকা প্ৰযুক্তি, ৰোগী বিচাৰি উলিওৱা, পৰীক্ষণ কৰা আৰু চিকিৎসা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ প্ৰয়াস আৰু পদক্ষেপ আদিৰ তথ্য উপলব্ধ আছে। ড০ মাণ্ডেই এন আৰ ডি চিৰ এই পদক্ষেপৰ শলাগ লয়৷

অধিক বিৱৰণৰ বাবে

৩০ জুনলৈ বৃদ্ধি কৰা হৈছে পৰিবেশ প্ৰভাৱ মূল্যায়ন জাননী (ইআইএ),২০২০ৰ খচৰাৰ সূচনাৰ সময়সীমা

কেন্দ্ৰীয় চৰকাৰে ২৩ মাৰ্চ ২০২০ তাৰিখৰ পৰিবেশ প্ৰভাৱ মূল্যায়ন জাননী, ২০২০ৰ খচৰা ১১ এপ্ৰিল তাৰিখে ষাঠি দিনৰ সময়সীমাৰ সৈতে জনসাধাৰণৰ পৰা অভিযোগ অথবা পৰামৰ্শ লাভ কৰিবলৈ মুকলি কৰিছে৷ মন্ত্ৰালয়ে সেই সূচনাৰ সময়সীমা ৩০ জুন ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰিছে৷

অধিক বিৱৰণৰ বাবে 

পৰ্যটন মন্ত্ৰালয়ে আয়োজন কৰিছে দেখো আপনা দেশৰ লগ’ ডিজাইন প্ৰতিযোগিতা

পৰ্যটন মন্ত্ৰালয়ে মাই গ’ভ প্লেটফ’ৰ্মত ‘দেখো আপনা দেশ’ৰ লগ’ ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ এই প্ৰতিযোগিতাৰ জৰিয়তে মন্ত্ৰালয়ে দেশৰ নাগৰিকসকলৰ পৰা সৃজনীমূলক চিন্তাধাৰা প্ৰকট কৰাটো বিচাৰিছে৷

অধিক বিৱৰণৰ বাবে

ফিছাৰী খণ্ডৰ বাবে আইচিএআৰে ১২টা ভাষাত মুকলি কৰি পৰামৰ্শৱলী

ফিছাৰীখণ্ডৰ বাবে আইচিএআৰে ফিচাৰী প্ৰতিষ্ঠানসমূহৰ জৰিয়তে কৰ্মীসকলক ক’ভিড-১৯ ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ ১২টা ভাষাত পৰামৰ্শৱলী মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজখন শক্তিশালী কৰিবলৈ নাছিক স্মাৰ্ট চিটীয়ে মুকলি কৰিছে ম’বাইল এপ্লিকেচন আৰু ব’ডী ছেনিটাইজেছন যন্ত্ৰ

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে সকলো দায়িত্বশীল নাগৰিকক নিজৰ অসুস্থতা সম্পৰ্কে অৱগত কৰিবলৈ নিৰ্দেশ দিছে৷
  • পাঞ্জাৱঃ বিদেশৰ পৰা বহু লোকে ৰাজ্যখনলৈ আহিবলৈ প্ৰস্তুত চলোৱাৰ প্ৰাক্-মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে এলানি নিৰ্দেশনা মুকলি কৰিছে৷
  • হাৰিয়ানাঃ পৌৰ নিগমৰ সীমাৰ ভিতৰত বজাৰ এলেকাত সামাজিক ব্যৱধানৰ নীতি উলংঘা কৰা লোকসকলৰ বাবে হাৰিয়ানা নগৰ স্থানীয় প্ৰশাসনে শাস্তি আৰু জৰিমণা প্ৰযোজ্য কৰিছে৷
  • কেৰালাঃ ঐতিহাসিক বন্দে ভাৰত অভিযানৰ সূচনাৰে আবু ধাবিৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানে ১৭৭ জন প্ৰাপ্তবয়স্ক আৰু ৪টা শিশুৰ সৈতে আজি নিশা ৯.৪০ বজাত কোচিত অৱতৰণ কৰিব৷ ৮ খন জিলা ক’ভিড মুক্ত হিচাপে ঘোষিত হৈছে৷
  • তামিলনাডুঃ ১১৩৬ জন যাত্ৰীৰ সৈতে বিশেষ ৰে’ল তামিলনাডুৰ পৰা ৰাঁচীলৈ ৰাওনা হৈছে৷ এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল  ৪৮২৯ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৩২৭৫, মৃত্যু ৩৫ আৰু মুকলি কৰি দিয়া হৈছে ১৫১৬ জনক৷
  • কৰ্ণাটকঃ আজি ৮জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ এই পৰ্যন্ত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৭০১ জন, এই পৰ্যন্ত মৃত্যু হৈছে ৩০ জনৰ আৰু আৰোগ্য হৈছে ৩৬৩ জন লোক৷
  • অন্ধ্ৰ প্ৰদেশঃ গ্ৰীণ জ’ন জিলা ভিজিয়ানগৰমে প্ৰথম বাৰলৈ ক’ভিড-১৯ত আক্ৰান্ত ৩ জন লোকৰ সংখ্যা প্ৰতিবেদিত কৰিছে৷ মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোক সংখ্যা হ’ল ১৮৩৩ জন, ক’ভিড-১৯ত আক্ৰান্ত সক্ৰিয় লোকৰ সংখ্যা হ’ল ১০১৫ জন, আৰোগ্য হৈছে ৭৮০ জন, মৃত্যু হৈছে ৩৮ জনৰ৷
  • তেলেংগানাঃ এই পৰ্যন্ত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১১০৭ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৪৩০ জন, মৃত্যু হৈছে ২৯ জনৰ আৰু আৰোগ্য হৈছে ৬৪৮ জনৰ৷
  • অৰুণাচল প্ৰদেশঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিত এই পৰ্যন্ত ১৯.৮৯ কোটি টকা সংগ্ৰহ হৈছে আৰু আজি পৰ্যন্ত ৯.৪৯ কোটি টকা ব্যয় কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ পিএমজিকেৱাইৰ অধীনত মুঠ ৩২,৭৫১টা বিনামূলীয়া চিলিণ্ডাৰ বিতৰণ কৰা হৈছে৷
  • অসমঃ ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে পৰামৰ্শ সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী৷
  • মেঘালয়ঃ ২৫৮খন বিচনা, কৰ্মী, ৰোগৰ সন্দেহযুক্ত লোক আৰু ৰোগীৰ বাবে পৃথক মহলাৰ ব্যৱস্থাৰ জৰিয়তে আইআইএম উমছৱালি ৰাজ্যখনৰ ভিতৰতে বৃহৎ ক’ৰোনা শুশ্ৰূষা কেন্দ্ৰলৈ পৰ্যৱসিত হৈছে৷
  • মণিপুৰঃ সামাজিক ব্যৱধান নীতিৰ কঠোৰভাৱে পালনেৰে চৰকাৰে গ্ৰামাঞ্চলত এমএনৰেগাৰ কামৰ বাবে অনুমতি প্ৰদান কৰিছে৷ অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে সকলো শৈক্ষিক প্ৰতিষ্ঠানে শৈক্ষিক কাৰ্যসূচী অব্যাহত ৰাখিছে৷
  • মিজোৰামঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ মাষ্টাৰ ৰোল কৰ্মচাৰীসকলে ১ লাখ টকাৰ বৰঙণি আগবঢ়াইছে৷
  • নাগালেণ্ডঃ মুখ্যমন্ত্ৰীয়ে টুৱেনছাং জিলা চিকিৎসালয় পৰিদৰ্শন কৰে, দৈনিক শ্ৰমজীৱিসকললৈ সাহায্য সামগ্ৰী বিতৰণ কৰে৷ উপ মুখ্যমন্ত্ৰীয়ে টুৱেনছাং, লংলেং, কিফিৰে আৰু ছামাটৰ জিলা পৰিষদলৈ ৱাকী-টকী প্ৰদান কৰিছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত এদিনতে ১,২৩৩টা নতুন ক’ভিড আক্ৰান্তৰ পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ ১৬,৭৫৮ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ মৃত্যুৰ সংখ্যা হ’ল ৬৫১ জন৷
  • গুজৰাটঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ৬৬২৫ জন, মৃত্যুৰ সংখ্যা হ’ল ৩৯৬ জন৷
  • ৰাজস্থানঃ ৰাজ্যখনত অনুমোদন নোহোৱা লোকৰ প্ৰৱেশত বাধা দিবলৈ আন্তঃৰাজ্যিক সীমা ছীল কৰা হৈছে৷  ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ৩৩৫৫ জন৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ’ল ৩১৩৮ জন৷ আৰোগ্য হৈছে ১০৯৯ জন৷ আৰোগ্যৰ হাৰ ৩৩%৷

 



(Release ID: 1621932) Visitor Counter : 673