গৃহ মন্ত্ৰালয়

দেশৰ বাহিৰত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক আৰু ভাৰতত আৱদ্ধ হৈ থকা নাগৰিক যিয়ে বিদেশলৈ জৰুৰীকালীনভিত্তিত যাবলৈ বিচাৰিছে, তেওঁলোকৰ চলাচলৰ বাবে গৃহ মন্ত্ৰালয়ে এছঅ’পি মুকলি কৰিছে

পোষ্ট কৰা হৈছে: 05 MAY 2020 8:13PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ০১.০৫.২০২০ তাৰিখে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত ০৪.০৫.২০২০ তাৰিখৰ পৰা বলৱৎ হোৱাকৈ লকডাউন দুসপ্তাহলৈ বৃদ্ধিৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছিল৷ ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ আন্তৰ্জাতিক ভ্ৰমণ গৃহ মন্ত্ৰালয়ৰ লকডাউন সম্বন্ধীয় পৰিমাপৰ অধীনত নিষেধ কৰা হৈছে৷

উপলব্ধ তথ্য অনুসৰি বহু ভাৰতীয় নাগৰিকে লকডাউনৰ পূৰ্বে বিদেশলৈ নিয়োজন, অধ্যয়ন/ইণ্টাৰ্ণশ্বিপ, পৰ্যটন, ব্যৱসায় ইত্যাদি কাৰণত গৈ বৰ্তমানে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে৷ দীৰ্ঘকাল প্ৰবাসত থকাৰ ফলত তেওঁলোকে মানসিক অৱসাদত ভুগিছে আৰু ভাৰতলৈ অতি শীঘ্ৰে ঘূৰি আহিবলৈ বিচাৰিছে৷ তাৰোপৰি বহু এনে ভাৰতীয় নাগৰিক আছে যিয়ে জৰুৰীকালীন চিকিৎসা অথবা পৰিয়ালৰ লোকৰ মৃত্যুৰ ফলত ভাৰতলৈ ঘূৰি অহাটো আৱশ্যক হৈ পৰিছে৷ আনহাতে ভাৰতত আৱদ্ধ হৈ থকা বহুলোকে অন্যান্য উদ্দেশ্যত জৰুৰীকালীন অৱস্থাত বিদেশলৈ যোৱাটোও আৱশ্যক হৈ পৰিছে৷

উক্ত সমস্যাসমূহ চালি-জাৰি চাই মন্ত্ৰালয়ে আজি দেশৰ বাহিৰত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক আৰু বিদেশলৈ যাব বিচৰা লোকসকলৰ বাবে এক মানসম্পন্ন কাৰ্যকৰী প্ৰ’ট’কল (এছঅ’পি) মুকলি কৰিছে৷ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ, ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগসমূহক ইয়াৰ কঠোৰ পালনৰ বাবে নিৰ্দেশ দিয়া হৈছে৷

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশাৱলী আৰু এছঅ’পি পৰিদৰ্শন কৰিবলৈ ইয়াত ক্লিক কৰক

*****

VG/SNC/VM/MANN


(ৰিলিজ আই ডি : 1621562) অতিথি কক্ষ : 355