গৃহ মন্ত্ৰালয়

দেশৰ বাহিৰত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক আৰু ভাৰতত আৱদ্ধ হৈ থকা নাগৰিক যিয়ে বিদেশলৈ জৰুৰীকালীনভিত্তিত যাবলৈ বিচাৰিছে, তেওঁলোকৰ চলাচলৰ বাবে গৃহ মন্ত্ৰালয়ে এছঅ’পি মুকলি কৰিছে

Posted On: 05 MAY 2020 8:13PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ০১.০৫.২০২০ তাৰিখে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত ০৪.০৫.২০২০ তাৰিখৰ পৰা বলৱৎ হোৱাকৈ লকডাউন দুসপ্তাহলৈ বৃদ্ধিৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছিল৷ ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ আন্তৰ্জাতিক ভ্ৰমণ গৃহ মন্ত্ৰালয়ৰ লকডাউন সম্বন্ধীয় পৰিমাপৰ অধীনত নিষেধ কৰা হৈছে৷

উপলব্ধ তথ্য অনুসৰি বহু ভাৰতীয় নাগৰিকে লকডাউনৰ পূৰ্বে বিদেশলৈ নিয়োজন, অধ্যয়ন/ইণ্টাৰ্ণশ্বিপ, পৰ্যটন, ব্যৱসায় ইত্যাদি কাৰণত গৈ বৰ্তমানে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে৷ দীৰ্ঘকাল প্ৰবাসত থকাৰ ফলত তেওঁলোকে মানসিক অৱসাদত ভুগিছে আৰু ভাৰতলৈ অতি শীঘ্ৰে ঘূৰি আহিবলৈ বিচাৰিছে৷ তাৰোপৰি বহু এনে ভাৰতীয় নাগৰিক আছে যিয়ে জৰুৰীকালীন চিকিৎসা অথবা পৰিয়ালৰ লোকৰ মৃত্যুৰ ফলত ভাৰতলৈ ঘূৰি অহাটো আৱশ্যক হৈ পৰিছে৷ আনহাতে ভাৰতত আৱদ্ধ হৈ থকা বহুলোকে অন্যান্য উদ্দেশ্যত জৰুৰীকালীন অৱস্থাত বিদেশলৈ যোৱাটোও আৱশ্যক হৈ পৰিছে৷

উক্ত সমস্যাসমূহ চালি-জাৰি চাই মন্ত্ৰালয়ে আজি দেশৰ বাহিৰত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক আৰু বিদেশলৈ যাব বিচৰা লোকসকলৰ বাবে এক মানসম্পন্ন কাৰ্যকৰী প্ৰ’ট’কল (এছঅ’পি) মুকলি কৰিছে৷ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ, ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগসমূহক ইয়াৰ কঠোৰ পালনৰ বাবে নিৰ্দেশ দিয়া হৈছে৷

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশাৱলী আৰু এছঅ’পি পৰিদৰ্শন কৰিবলৈ ইয়াত ক্লিক কৰক

*****

VG/SNC/VM/MANN



(Release ID: 1621562) Visitor Counter : 234