পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

মন্থৰ অৰ্থনীতিৰ পৰা উদ্ধাৰ পাবলৈ বাছ আৰু গাড়ীৰ অপাৰেটৰসকলক পূৰ্ণ সমৰ্থনৰ নিশ্চিতি গাডকাৰীৰ

Posted On: 06 MAY 2020 4:18PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে সমগ্ৰ দেশৰ বাছ আৰু গাড়ীৰ অপাৰেটৰসকলক এইবুলি আশ্বাস প্ৰদান কৰে যে চৰকাৰ তেওঁলোকৰ সমস্যাৰ প্ৰতি সম্পূৰ্ণ অৱগত আৰু অতি শীঘ্ৰেই তেওঁলোকৰ সকলো সমস্যাৰ সমাধানৰ প্ৰয়াস কৰা হ’ব৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ সৈতে তেওঁ এই সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে যিয়ে ক’ভিড-১৯ৰ সময়ছোৱাত দেশৰ অৰ্থনীতি উদ্ধাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে৷ ভিডিঅ’ কনফাৰেন্সযোগে বাছ আৰু গাড়ীৰ অপাৰেটৰসকলক সম্বোধন কৰি শ্ৰী গাডকাৰীয়ে কয় যে পৰিবহণ আৰু ঘাইপথসমূহৰ মুকলিৰ জৰিয়তে জনসাধাৰণৰ মাজত প্ৰত্যয়ৰ ভাব উদয় হৈছে৷ তেওঁ কয় যে অতি শীঘ্ৰেই নতুন নিৰ্দেশনাৰ সৈতে ৰাজহুৱা পৰিবহণ ব্যৱস্থাও মুকলি কৰা হ’ব৷ মন্ত্ৰীগৰাকীয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দি কয় যে তেওঁৰ মন্ত্ৰালয়ে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত লণ্ডনৰ আৰ্হি প্ৰযোজ্য কৰাৰ চিন্তা কৰি আছে য’ত চৰকাৰৰ বিত্তপোষণ ন্যূনতম হ’ব আৰু ব্যক্তিগত বিনিময়ক উৎসাহিত কৰা হ’ব৷ মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ কঠিন বিত্তীয় পৰিস্থিতি আৰু ভাৰতৰ বজাৰ সম্পৰ্কে তেওঁ ভালদৰেই অৱগত৷ তথাপিও তেওঁ সকলো ষ্টেকহ’ল্ডাৰকে ঐক্যৱদ্ধ হৈ ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায়৷ এই সন্দৰ্ভত তেওঁ ভাৰতীয় উদ্যোগসমূহে বিদেশৰ উদ্যোগসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনাব লাগে বুলি মতপোষণ কৰে৷ তেওঁ ক’ৰোনা আৰু মন্থৰ অৰ্থনীতি এই দুয়োটাৰে বিৰুদ্ধে যুঁজত দেশ জয়ী হ’ব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে৷

RCJ/MS/MANN



(Release ID: 1621450) Visitor Counter : 147