ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

৩০ মাৰ্চৰ পৰা ৪ মে’লৈ ২৮খন ৰাজ্য আৰু ৯খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ডিএআৰপিজিৰ ক’ভিড-১৯ সম্পৰ্কীয় ৰাজহুৱা অভিযোগ নিষ্পত্তিৰ অগ্ৰগতিৰ প্ৰতিবেদনৰ পৰ্যালোচনা ড০ জিতেন্দ্ৰ সিঙৰ

নিৰ্দিষ্ট সময়ছোৱাত ৫২,৩২৭তকৈ অধিক ৰাজহুৱা অভিযোগ নিষ্পত্তি কৰা হয়, ডিএআৰপিজিৰ ক’ভিড-১৯ সম্পৰ্কীয় ৰাজহুৱা অভিযোগ নিষ্পতিক লৈ সন্তুষ্টি প্ৰকাশ

Posted On: 05 MAY 2020 4:28PM by PIB Guwahati

কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ৩০ মাৰ্চৰ পৰা ৪ মে’লৈ ২৮খন ৰাজ্য আৰু ৯খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ডিএআৰপিজিৰ ক’ভিড-১৯ সম্পৰ্কীয় ৰাজহুৱা অভিযোগ নিষ্পত্তিৰ অগ্ৰগতিৰ প্ৰতিবেদনৰ ব্যাপক পৰ্যালোচনা  কৰে৷

এই সময়ছোৱাত ডিএআৰপিজিয়ে ৫২,৩২৭তকৈ অধিক ক’ভিড-১৯ সম্পৰ্কীয় ৰাজহুৱা অভিযোগ নিষ্পত্তি কৰে৷ অৱশ্যে ইয়াৰে ৪১,৬২৬টা অভিযোগ নিষ্পত্তি কৰে কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহে৷ ক’ভিড-১৯ সম্পৰ্কীয় ৰাজহুৱা অভিযোগ নিষ্পত্তি কৰাৰ সময় গড় সময় ১.৪৫ দিন৷ ডিএআৰপিজিয়ে মেনুৱেলী ২০,০০০ অভিযোগ বিশ্লেষণ কৰাৰ লগতে নাগৰিকসকলৰ সন্তুষ্টিৰ বাবে ফোনযোগে মতামত দিছে৷ ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিযোগ বিষয়াসকলৰ সৈতে ডিএআৰপিজিএই ১০,৭০১টা ক’ভিড-১৯ সম্পৰ্কীয় ৰাজহুৱা অভিযোগ ৰাজ্য চৰকাৰসমূহৰ সহযোগত সফলতাৰে নিষ্পত্তি কৰিছে৷

ড০ জিতেন্দ্ৰ সিঙে ক’ভিড-১৯ সম্পৰ্কীয় ৰাজহুৱা অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত ডিএআৰপিজি আৰু ৰাজ্য চৰকাৰসমূহৰ বিষয়াসকলে সময়মতে নিষ্পত্তি কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনায়৷ ক’ভিড-১৯ সম্পৰ্কীয় ৰাজহুৱা অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত উত্তৰপ্ৰদেশ, কৰ্ণাটক, গুজৰাট, হাৰিয়ানা, কেৰালাই ৱেব প’ৰ্টেলৰ বিপৰীতে উত্তৰপূবৰ ৰাজ্য আৰু জম্মু আৰু কাশ্মীৰ, লাডাখ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জে বহু বাধা নেওচিও অত্যাধূনিক প্ৰযুক্তিৰ জৰিয়তে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ সময়মতে এই অভিযোগসমূহ নিষ্পত্তি কৰাৰ জৰিয়তে চৰকাৰৰ প্ৰতি ৰাইজৰ বিশ্বাস অটুট হৈছে৷

দেশজোৰা লকডাউনৰ সময়ছোৱাত জিলা উপাযুক্তসকলে প্ৰশংসনীয় কাম কৰা বুলি উল্লেখ কৰি ৰিয়াচী জিলা উপায়ুক্তই সামাজিক দুৰত্ব সুনিশ্চিত কৰি বৈষ্ণোদেৱী যাত্ৰা সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে৷ তদুপৰি, জিলাসমূহৰ অভাৱগ্ৰস্ত লোকসকলক খাদ্য-সামগ্ৰী বিতৰণ, কোৱাৰেণ্টাইন ব্যৱস্থা, হাস্পতালৰ আন্তঃগাঁথনি, শৈক্ষিক দিশ, শ্ৰমিকৰ মজুৰি ইত্যাদি দিশসমূহৰ ক্ষেত্ৰতো উপায়ুক্তসকলে কৰা কামৰ প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে৷

পৰ্যালোচনা বৈঠকত ডিএআৰপিজিৰ সচিব ড০ শিৱাজী, ডিএআৰপিজিৰ অতিৰিক্ত সচিব ভি. শ্ৰীনিৱাস আৰু ডিএআৰপিজিৰ যুটীয়া সচিব শ্ৰীমতী জয়া ডুবেৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব আৰু সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷ 

 

*****

VG/SNC/DB



(Release ID: 1621416) Visitor Counter : 218