প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ সংক্ৰান্তত এনএএম কণ্টেক্ট গ্ৰুপৰ ভিডিঅ’ কনফাৰেন্সৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

Posted On: 04 MAY 2020 10:00PM by PIB Guwahati

মাননীয় অধ্যক্ষ মহোদয়,

মই মাননীয় অধ্যক্ষ মহোদয় ইলহাম আলিয়েভক এই ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো৷ আৰম্ভ কৰাৰ পূৰ্বে সমগ্ৰ বিশ্বতে ক’ভিড-১৯ৰ ফলত যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱাবলগীয়া হৈছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷

কেইবা দশকৰ পিছত আজি মানৱতাই অতিশয় সংকটময় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এই মুহূৰ্তত বিশ্বজনীন ঐক্যৱদ্ধতা বৰ্তাই ৰখাত সংযুক্ত আন্দোলনে সহায় কৰিব পাৰে৷ এনএএম প্ৰায়েই বিশ্বৰ নৈতিক কণ্ঠস্বৰ হিচাপে বিবেচিত হৈ আহিছে৷ এই ভূমিকা বৰ্তাই ৰাখিবলৈ এনএএম সমন্বিত হৈ থকাটো আৱশ্যক৷

মহোদয়,

ভাৰতত এক ষষ্ঠাংশ জনবসতি আছে৷ আমি এখন উন্নয়নশীল দেশ আৰু মুক্ত সমাজ৷ এই সংকটৰ সময়ছোৱাত আমি আমাৰ গণতান্ত্ৰিকতা, নিয়মানুৱৰ্তিতা আৰু নিৰ্ণায়ক ভূমিকা প্ৰদৰ্শিত কৰিছো যিয়ে প্ৰকৃততেই এক জন আন্দোলনলৈ পৰ্যৱসিত হৈছে৷ ভাৰতৰ সভ্যতাই সমগ্ৰ বিশ্বকে এক পৰিয়ালৰ দৃষ্টিৰে প্ৰত্যক্ষ কৰে৷ যিদৰে আমি নিজৰ নাগৰিকসকলৰ কথা চিন্তা কৰো ঠিক সেইদৰে অন্য দেশকো সহায় কৰিবলৈ উদগ্ৰীৱ হৈ থাকো৷ ক’ভিড-১৯ক পৰাভূত কৰিবলৈ আমি আমাৰ ওচৰ চুবুৰীয়া দেশসমূহৰ সৈতে সমন্বয় স্থাপন কৰিছো৷ আমি অন্য দেশৰ সৈতে ভাৰতৰ চিকিৎসা বিশেষজ্ঞসকলৰ দ্বাৰা অনলাইন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছো৷ ব্যয়সাধ্য ঔষধৰ ক্ষেত্ৰত ভাৰতে সমগ্ৰ বিশ্বৰ বাবই ফাৰ্মাচীৰ দৰে কাম কৰিছে৷ আমাৰ নিজৰ প্ৰয়োজনীয়তা থকা স্বত্বেও এনএএমৰ ৫৯খন সদস্য ৰাষ্ট্ৰকে ধৰি ১২৩খন সহযোগী ৰাষ্ট্ৰলৈ ঔষধ যোগানৰ নিশ্চিতি প্ৰদান কৰিছো৷ প্ৰতিকাৰ আৰু প্ৰতিষেধক নিৰ্মাণৰ ক্ষেত্ৰত আমি বিশ্বজনীনভাৱে সক্ৰিয় দেশ৷ ভাৰতৰ হাতত বিশ্বৰ সবাতোকৈ প্ৰাচীন উদ্ভিদভিত্তিক পৰম্পৰাগত ঔষধ ব্যৱস্থা আছে৷ আমি মুক্তভাৱে সৰল তথা ঘৰতে প্ৰস্তুত আয়ুৰ্বেদিক প্ৰতিকাৰৰ উপায় বিনিময় কৰিছো যাতে মানুহে নিজৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধক ক্ষমতা গঢ়ি তুলিব পাৰে৷

মহোদয়,

ক’ভিড-১৯ৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই যুঁজি থকাৰ মুহূৰ্ততে আন কিছুমানে আন এবিধ মাৰাত্মক বীজাণু বিয়পাই আছে৷ যেনে সন্ত্ৰাসবাদ, ভুৱা সংবাদ আৰু সমাজ তথা দেশৰ মাজত বিভাজন আনিব পৰা কিছুমান ভেজাল ভিডিঅ’৷ কিন্তু আজি মই কেৱল ইতিবাচক সংবাদৰ ওপৰতহে দৃষ্টি নিৱদ্ধ কৰিব বিচাৰিছো, যাৰ জৰিয়তে আমি এই স্বাস্থ্য সংকটৰ সৈতে যুঁজিবলৈ ঐক্যবদ্ধভাৱে আন্দোলন কৰিব পাৰিব৷

মহোদয়,

ক’ভিড-১৯য়ে বিদ্যমান আন্তৰ্জাতিক ব্যৱস্থাৰ সীমাৱদ্ধতাসমূহ প্ৰদৰ্শিত কৰিছে৷ ক’ভিডৰ পিছৰ পৰ্যায়ছোৱাত আমাক সততা, সমতা আৰু মানৱতাৰ ওপৰত ভিত্তি কৰি বিশ্বায়নৰ এক নতুন ৰূপৰেখাৰ প্ৰয়োজন হ’ব৷ আজিৰ বিশ্বক প্ৰতিনিধিত্ব কৰিব পৰা এক আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ আৱশ্যক হ’ব৷ আমি কেৱল অৰ্থনৈতিক উত্তৰণেই নহয় বৰঞ্চ মানৱ কল্যাণৰো উত্তৰণৰ কৰিব লাগিব৷ এনে ধৰণৰ পদক্ষেপ ভাৰতে ইতিমধ্যেই সিদ্ধি লাভ কৰি থৈছে৷ যেনে সমগ্ৰ মানৱতাৰ শাৰীৰিক আৰু মানসিক কল্যাণৰ বাবে আন্তৰ্জাতিক যোগ দিৱস, জলবায়ু পৰিৱৰ্তনৰ পৰা আমাৰ ধৰিত্ৰীক ৰক্ষা কৰিবলৈ আন্তৰ্জাতিক সৌৰ মৈত্ৰী, জলবায়ু আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দুৰ্যোগ স্থিতিস্থাপকতা আন্তঃগাঁথনি সন্মিলন ইত্যাদি৷ বিভিন্ন দেশে মিলিটেৰী গতিবিধিত নিয়োজিত হৈছে৷ কিন্তু ভাৰতে আমাৰ অঞ্চল তথা ইয়াৰ ঊৰ্ধলৈ গৈ দুৰ্যোগ ব্যৱস্থাপনা প্ৰস্তুত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷

মহোদয়,

এনএএমে আন্তৰ্জাতিক সংস্থাসমূহক আহ্বান কৰা উচিত আৰু বিশ্ব স্বাস্থ্য সংস্থাক উন্নয়নশীল দেশসমূহত স্বাস্থ্য সামৰ্থ বৃদ্ধি কৰাৰ বাবে আহ্বান জনোৱা উচিত৷ আমি সকলোৰে বাবে ন্যায়সংগত, ব্যয়সাধ্য তথা সময়মতে উপলব্ধ স্বাস্থ্য সামগ্ৰী তথা প্ৰযুক্তিৰ ব্যৱস্থাৰ ক্ষেত্ৰত নিশ্চিত হোৱা আৱশ্যক৷ আমি সমূহ এনএএম দেশসমূহৰ বাবে এক প্লেটফ’ৰ্মৰ বিকাশ কৰা আৱশ্যক য’ত আমাৰ অভিজ্ঞতা, শ্ৰেষ্ঠতম দক্ষতা, সংকট-ব্যৱস্থাপনা প্ৰট’ক’ল, গৱেষণা আৰু সম্পদসমূহ ব্যৱহৃত হ’ব৷

মহোদয়,

আমাৰ এই আন্দোলনৰ সত্বাক প্ৰতিষ্ঠাপিত কৰাৰ দিশত, পৃথকে নহয়, ঐক্যৱদ্ধভাৱে উত্তৰণ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰো আহক৷ আমি প্ৰত্যেকেই এই মহামাৰীৰ পৰা সুৰক্ষিত হ’ব পাৰিম যদিহে আমি ঐক্যৱদ্ধ হও৷ আহক, আমি সকলোৱে সহযোগিতাৰে এক সমন্বিত তথা সহযোগিতামূলক বিশ্বজনীন প্ৰতিক্ৰিয়াৰ দিশত অগ্ৰসৰ হও৷

ধন্যবাদ৷

ধন্যবাদ মহোদয়৷

*****

VRRK/SH/MANN



(Release ID: 1621110) Visitor Counter : 218