গৃহ মন্ত্ৰালয়

বিদেশত আৱদ্ধ ভাৰতীয় নাগৰিকক ঘুৰাই অনাৰ ব্যৱস্থা কৰিব ভাৰত চৰকাৰে

৭ মে’ৰ পৰা পৰ্যায়ক্ৰমে আৰম্ভ হ’ব এই ব্যৱস্থা

Posted On: 04 MAY 2020 6:08PM by PIB Guwahati

ভাৰত চৰকাৰে বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক পর্যায়ক্ৰমে স্বদেশলৈ ঘুৱাই অনাৰ ব্যৱস্থা কৰিব৷ বিমান তথা নৌসেনাৰ জাহাজত এওঁলোকক ঘুৰাই অনা হ’ব৷ এই ক্ষেত্রত মানসম্পন্ন পৰিচালন প্র’ট’কল(এছঅ’পি) মানি চলিব লাগিব৷

ভাৰতীয় দূতাবাসসমূহে অসুবিধাৰ সন্মুখীন হোৱা ভাৰতীয় নাগৰিকসকলৰ এখন তালিকা প্ৰস্তুত কৰিছে। অৱশ্যে দেশৰ ঘুৰি অহাৰ ভ্ৰমণ ব্যয় যাত্ৰীসকলে বহন কৰিব লাগিব৷ বিমানযোগে যিসকল আহিব তেওঁলোকৰ বাবে সুচী বৰ্হিভূত বাণিজ্যিক বিমানৰ ব্যৱস্থা কৰা হ’ব৷ মে’ৰ পৰা পর্যায়ক্ৰমে এই লোকসকলকক বিদেশৰ পৰা ঘুৰাই অনা কাম আৰম্ভ হ’ব৷

বিমানত উঠাৰ পূৰ্বে যাত্রীসকলৰ শাৰীৰিক পৰীক্ষা কৰা হ’ব৷ যিসকলৰ সংক্ৰমণৰ কোনো লক্ষণ নাথাকে, তেওঁলোকক হে কেৱল ভ্ৰমণৰ অনুমতি দিয়া হ’ব৷ ভ্ৰমণৰ সময়ত সকলো যাত্রীয়ে স্বাস্থ্য মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ স্বাস্থ্যবিধি মানি চলিব লাগিব৷

গন্তব্য স্থানত উপস্থিত হোৱাৰ পাছত আৰোগ্য সেতু এপত প্ৰতিগৰাকী যাত্রীয়ে পঞ্জীয়ন কৰিব লাগিব৷ সকলোৰে আকৌ এবাৰ শাৰীৰিক পৰীক্ষা হ’ব৷ ইয়াৰ পাছত প্ৰত্যেকে ১৪ দিন কোনো হাস্পতাল অথবা প্ৰতিষ্ঠানত কোৱাৰেণ্টাইনত থাকিব লাগিব৷ কোৱাৰেণ্টাইনত থকা সময়ত সকলো ব্যয় যাত্রীসকলে বহন কৰিব লাগিব৷ কোৱাৰেণ্টাইনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সংশ্লিষ্ট ৰাজ্য চৰকাৰে কৰিব লাগিব৷ ১৪ দিন পাছত প্ৰত্যেকৰে লেলাৱতীৰ নমুনা সংগ্ৰহ কৰি ক’ভিড পৰীক্ষা কৰা হ’ব৷ ইয়াৰ পাছত স্বাস্থ্য পৰীক্ষাৰ ফলাফলৰ ভিত্তিত পৰৱর্তী পদক্ষেপ হাতত লোৱা হ’ব৷

বিদেশ মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এই বিষয়ত বিস্তৃত তথ্য তেওঁলোকৰ ৱেবছাইটত প্ৰকাশ কৰিব৷ এই নাগৰিকসকলে তেওঁলোকৰ ৰাজ্যলৈ ঘুৰি আহিলে স্বাস্থ্য পৰীক্ষা, কোৱাৰেণ্টাইন আৰু অন্যান্য ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰসমূহক পৰামর্শ দিয়া হৈছে৷

*****

VG/SNC/VM/DB



(Release ID: 1621093) Visitor Counter : 280