ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

‘খাদী’ ব্ৰেণ্ডৰ নামেৰে জালি পি পি ই সঁজুলি বিক্ৰী কৰা সংস্থাৰ বিৰুদ্ধে খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত

Posted On: 04 MAY 2020 5:24PM by PIB Guwahati

কেইটামান অসাধু বাণিজ্যিক সংস্থাই পি পি ই সঁজুলি নিৰ্মাণ কৰি ‘খাদী ইণ্ডিয়া’ ব্ৰেণ্ডৰ ট্ৰেডমাৰ্ক ল’গ’ ব্যৱহাৰ কৰি বিক্ৰী কৰি থকা প্ৰক্ৰিয়া খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ দৃষ্টিগোচৰ হৈছে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে স্পষ্ট কৰিছে যে আয়োগে আজি পৰ্যন্ত কোনো পি পি ই সঁজুলি বজাৰত মুকলি কৰি দিয়া নাই।

‘খাদী’ ব্ৰেণ্ডৰ নামেৰে জালি পি পি ই সঁজুলি বিক্ৰী কৰা কাৰ্য নিতান্তই ভুল আৰু ই গ্ৰাহকক ভুল পথেৰে পৰিচালিত কৰিব। স্পষ্ট কৰা দৰকাৰ যে খাদী আৰু গ্ৰামোদ্যোগ আয়োগে দুতৰপীয়া হাতেকটা আৰু হাতেবোৱা কাপোৰহে উপাদন কৰে আৰু বজাৰত পোৱা পি পি ই সঁজুলি যি কাপোৰেৰে তৈয়াৰী, সেয়া হাতেবোৱা নহয়। সেই কাপোৰ পলিষ্টাৰ আৰু পলিপ্ৰ’পাইলিনৰ দৰে, যি কেতিয়াও খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অনুমোদিত উপাদিত সামগ্ৰীৰ অন্তৰ্ভুক্ত নহয়। 

খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ শ্ৰী বিনয় কুমাৰ চাক্সেনাই কয় যে, খাদী আৰু গ্ৰামোদ্যোগ আয়োগে নিজে পি পি ই সঁজুলি তৈয়াৰ কৰিছে কিন্তু ই এতিয়াও পৰীক্ষণৰ পৰ্যায়তে আছে। “আমি আজি পৰ্যন্ত কোনো পি পি ই সঁজুলি বজাৰত মুকলি কৰি দিয়া নাই। মিছাকৈ ‘খাদী’ ব্ৰেণ্ডৰ নামেৰে পি পি ই সঁজুলি বিক্ৰী কৰাটো বে-আইনী। একেসময়তে, এই কামৰদ্বাৰা তেওঁলোকে ক’ৰোনাৰ সৈতে নিয়মীয়াকৈ যুঁজ দি থকা আমাৰ চিকিসক, নাৰ্ছ, আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকললৈ ভয়ানক বিপদ মাতি আনিব,” তেওঁ কয়। শ্ৰী চাক্সেনাই কয় যে, খাদী আৰু গ্ৰামোদ্যোগ আয়োগে এনে অস ব্যাৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উপ মূখ্য কাৰ্যবাহী বিষয়া শ্ৰী সত্য নাৰায়ণে দিল্লীস্থিত এক ব্যাৱসায়িক প্ৰতিষ্ঠান ‘নিচিয়া কৰ্পোৰেশ্যন’ৰ নাম উল্লেখ কৰি কয় যে এই  প্ৰতিষ্ঠানলৈ জালি পি পি ই সঁজুলি বিক্ৰী কৰা বন্ধ কৰিবলৈ জাননী জাৰি কৰিছে।

বৰ্তমান খাদী আৰু গ্ৰামোদ্যোগ আয়োগে কেৱল সম্পূৰ্ণ সুৰক্ষা দিবপৰা বিশেষভাৱে তৈয়াৰী খাদী মাস্ক তৈয়াৰ কৰি বিতৰণ কৰি আছে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে দুজপীয়া খাদী কাপোৰেৰে মাস্কসমূহ তৈয়াৰ কৰিছে যি ৭০% আৰ্দ্ৰতা ভিতৰতে ৰাখিব পাৰে। এই মাস্কসমূহ শ্বাস-প্ৰশ্বাস ল’বপৰা, ধুবপৰা আৰু বায়’ডিগ্ৰেডেবল হাতেকটা সূতাৰে হাতেবোৱা কাপোৰেৰে তৈয়াৰী। 

*****

RCJ/SKP/IA/PRK



(Release ID: 1621084) Visitor Counter : 170