স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মধ্যপ্ৰদেশৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে চলোৱা প্ৰস্তুতি আৰু নিয়ন্ত্ৰণমুলক পদক্ষেপসমূহৰ সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযোগে বুজ ল’লে ড০ হৰ্ষ বৰ্ধনে

ৰাজ্যখনক কেন্দ্ৰৰ সকলো পৰ্যায়ৰ সহায়ৰ আশ্বাস দিয়াৰ লগতে অপ্ৰভাৱিত জিলাসমূহতো কটকটীয়া নিৰীক্ষণৰ পৰামৰ্শ

Posted On: 04 MAY 2020 5:26PM by PIB Guwahati

ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সহযোগত ভাৰত চৰকাৰে এক পৰ্যায়ভিত্তিক তথা সক্ৰিয় দৃষ্টিভংগীৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই ব্যৱস্থালীৰ সন্দৰ্ভত নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ বৈঠকৰ জৰিয়তে নিৰীক্ষণ কৰি থকা হৈছে৷

ইয়াৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে আৰু কেন্দ্ৰ আৰু মধ্যপ্ৰদেশ ৰাজ্য চৰকাৰৰ একাংশ জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত মধ্যপ্ৰদেশৰ স্বা্স্থ্য মন্ত্ৰী নৰোত্তম মিশ্ৰৰ সৈতে এক বৈঠকত মিলিত ৰাজ্যখনে ক’ভিড-১৯ৰ ব্যৱস্থাপনা বাবে লোৱা পদক্ষেপ আৰু পৰিস্থিতিত বুজ লয়৷

ৰাজ্যখনত ক’ভিড-১৯ সম্পৰ্কীয় মৃত্যুৰ হাৰ বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰি ড০ হৰ্ষবৰ্ধনে কয় যে ৰাজ্যখনৰ একাংশ জিলাৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাৰতকৈ অধিক৷ তেওঁ এই হাৰ হ্ৰাস কৰাৰ বাবে ৰাজ্যখনত উপযুক্ত ব্যৱস্থা, অধিক সক্ৰিয়ভাৱে নিৰীক্ষণ তথা চিকিসাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা প্ৰতিৰোধমুলক ব্যৱস্থাৰ প্ৰতি পদ্ধতিগতভাৱে কাৰ্যকৰী কৰিবলৈও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷

ড০ হৰ্ষবৰ্ধনে ৰাজ্যখনত এছএআৰআই আৰু আইএলআই দৰে ৰোগী চিনাক্তকৰণৰ বাবে ক’ৰোনাৰ প্ৰভাৱ নথকা জিলাসমূহতো নিৰীক্ষণ আৰু পৰীক্ষণ কৰাৰ আহ্বান জনায়৷ তেওঁ গাঁৱে গাঁৱে সমূদায়ৰ একাংশ স্বেচ্ছাসেৱকক গাঁওবাসীৰ মাজত হাত ধোৱা, সামাজিক দুৰত্ব বজাই ৰখাৰ দৰে প্ৰতিৰোধমুলক উপায়সমূহৰ বিষয়ে সজাগতামুলক কামত আত্ম-নিয়োগ কৰিবলৈ আহ্বান জনাবলৈ কয়৷

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত পূৰ্ণ পৰ্যায়ৰ সহায় কৰাৰ কথা সদৰি কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৬৫ বছৰৰ ঊৰ্ধ্বৰ লোক ততা জটিল ৰোগত আক্ৰান্ত লোকসকলৰ চিকিসাত অগ্ৰাধিকাৰ দিবলৈ কয়৷ তেওঁ ইণ্ডোৰ প্ৰশাসনে সাৰ্থক আৰু আৰোগ্য সেতু এপপ সদ্ব্যৱহাৰ কৰাৰ বাবে প্ৰশংসা কৰি অন্যান্য জিলাসমূহকো এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব প্রীতি সুদান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অ’এছডি ৰাজেশ ভূষণ, স্বাস্থ্য বিভাগৰ বিশেষ সচিব সঞ্জিভা কুমাৰ, এনএইচএমৰ এমএছ আৰু এমডি বন্দনা গুৰনানীকে ধৰি যুটীয়া সচিব ড০ মনোহৰ আগনানি, ড০ এছ কে সিং, মধ্যপ্ৰদেশ চৰকাৰৰ প্ৰধান সচিব (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ), এইমছ ভূপালৰ সঞ্চালক আৰু মধ্যপ্ৰদেশৰ সকলো উপায়ুক্তই অংশগ্ৰহণ কৰে৷

*****

MV/DB



(Release ID: 1621004) Visitor Counter : 206