জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ক’ভিড-১৯ জনিত পৰিস্থিতিত জনজাতিসমূহলৈ সহায় আগবঢ়াবৰ বাবে ক্ষুদ্ৰ বনজ সামগ্ৰী ক্ৰয় প্ৰক্ৰিয়া বৃদ্ধি কৰিবলৈ ৰাজ্যসমূহলৈ কেন্দ্ৰৰ পৰামৰ্শ
                    
                    
                        ৰাজ্যসমূহে কৰা ক্ৰয় প্ৰক্ৰিয়াৰ প্ৰতিবেদন ৰাখিবৰ বাবে ট্ৰাইফেডে আৰম্ভ কৰিছে অনলাইন মণিটৰিং ডেশ্বব’ৰ্ড
                    
                
                
                    Posted On:
                03 MAY 2020 4:23PM by PIB Guwahati
                
                
                
                
                
                
                ক’ভিড-১৯ ফলত সৃষ্টি হোৱা পৰিস্থিতিত আদিবাসী বা জনজাতীয় লোকসকলক সহায় কৰিবৰ বাবে গৌণ বা ক্ষুদ্ৰ বনজ সামগ্রী সংগ্রহ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ৰাজ্যসমূহক পৰামর্শ দিছে কেন্দ্রীয় চৰকাৰে। বর্তমানৰ ব্যস্ততাৰ বিষয়বোৰ বিবেচনাধীন কৰি ৰাখি আটাইবোৰ ৰাজ্যকে গৌণ বনজ সামগ্রীৰ সংগ্রহ প্রক্রিয়া ত্বৰান্বিত কৰাৰ পৰামর্শ দিছে কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে।
ইতিমধ্যেই ১০ খন ৰাজ্যত এই গৌণ বনজ সামগ্রীৰ সংগ্রহ প্রক্রিয়া আৰম্ভ কৰাৰ উদ্যোগ গ্রহণ কৰা হৈছে। ২০২০-২১ বিত্ত বর্ষত এইপর্যন্ত ২০ কোটি ৩০ লাখ টকাৰ বনজ সামগ্রী সংগ্রহ কৰা হৈছে। ক’ভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত বর্তমান এই জটিল পৰিস্থিতিক বিবেচনাধীন ৰাখি কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রালয়ে বিগত ১ মে’ তাৰিখে ৪৯ বিধ বনজ সামগ্রীৰ ন্যূনতম সহায়ক মূল্যত সংশোধনৰ কথা ঘোষণা কৰিছে।
 
ৰাজ্যস্তৰত গৌণ বনজ সামগ্রী সংগ্রহৰ কাম-কাজৰ খতিয়ান উল্লেখ কৰাৰ বাবে এক অনলাইন তদাৰকী ডেশ্বব’র্ড প্ৰস্তুত কৰা হৈছে। এই ডেশ্বব’র্ডত প্রতিটো পঞ্চায়ত আৰু বন ধন কেন্দ্রৰ পৰা তথ্যৰ আদান-প্রদান সম্ভৱ হ’ব। মোবাইল ফোন অথবা ই-মেইল যোগে তথ্য বিনিময় কৰিব পৰা যাব। এই কামত ট্রাইফেডে ১০ লাখ গাঁও, জিলা আৰু ৰাজ্যস্তৰীয় অংশীদাৰক সংযুক্ত কৰাৰ প্রস্তাৱ দিছে।
ৰাজ্যসমূহে বন ধন কেন্দ্রবোৰক গৌণ বনজ সামগ্রী সংগ্রহৰ বাবে প্রাথমিক সংগ্রহকাৰী এজেণ্ট হিচাপে মনোনীত কৰিছে। ইতিমধ্যেই বন ধন কেন্দ্রবোৰে ৩১.৩৫ মেট্রিক টন গৌণ বনজ সামগ্রী সংগ্রহ কৰিছে। ইয়াৰ উপৰিও, গৌণ বনজ সামগ্রী সংগ্রহ বৃদ্ধি কৰিবলৈ আৰু প্রধানমন্ত্রী বন ধন আঁচনিলৈ আৰু অধিক উৎসাহ বৃদ্ধি কৰিবৰ বাবে ২১ খন  ৰাজ্য আৰু ১ খন কেন্দ্র শাসিত অঞ্চলত ১,১২৬ টা বন ধন কেন্দ্র আৰম্ভ কৰাৰ অনুমতি দিয়া হৈছে। দেশত আৰম্ভ হোৱা বন ধন কেন্দ্রবোৰৰ পৰা ১ কোটিতকৈও অধিক আদিবাসী  বা জনজাতীয় পৰিয়াল আর্থিকভাৱে লাভান্বিত হৈছে। গৌণ বনজ সামগ্রীৰ সংশোধিত মূল্য সংক্রান্তীয় বিৱৰণ সংশ্লিষ্ট মন্ত্ৰালয়ৰ ৱেবছাইটত উল্লেখ কৰা হৈছে।
উল্লেখ্য যে সৰ্বমুঠ ৫০ বিধ ভিন ভিন সামগ্ৰী এই ক্ৰয় প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত চাৰিবিধ সামগ্ৰীৰ মূল্য সালসলনি কৰাৰ বিপৰীতে বাকীসমূহ সামগ্ৰীৰ মূল্য অপৰিৱৰ্তিত হৈয়েই আছে।
*****
NB/SK/UD/RD
                
                
                
                
                
                (Release ID: 1620800)
                Visitor Counter : 305
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam