স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ শেহতীয়া তথ্য
Posted On:
02 MAY 2020 4:36PM by PIB Guwahati
দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কালি পিপিইৰ যুক্তিসংগত ব্যৱহাৰৰ বাবে অতিৰিক্ত নিৰ্দেশাৱলী মুকলি কৰে৷https://www.mohfw.gov.in/pdf/AdditionalguidelinesonrationaluseofPersonalProtectiveEquipmentsettingapproachforHealthfunctionariesworkinginnonCOVIDareas.pdf ত সৱিশেষ নিৰ্দেশাৱলী উপলব্ধ হ’ব৷
এই পৰ্যন্ত, ৯৯৫০ জন লোক আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ১০৬১ লোক আৰোগ্য হৈছে৷ মুঠ আৰোগ্য হাৰ ২৬.৬৫%৷ এই পৰ্যন্ত মুঠ নিশ্চিত পৰিঘটনাৰ সংখ্যা হ’ল ৩৭,৩৩৬টা৷ কালিৰে পৰা দেশত ক’ভিড-১৯ত আক্ৰান্ত নিশ্চিত পৰিঘটনাৰ সংখ্যা হৈছে ২২৯৩ টা৷
ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.
technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷
ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷
*****
MV/SG/MM
(Release ID: 1620479)
Visitor Counter : 188
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam