আয়ুষ
অল ইণ্ডিয়া ইনষ্টিটিউট অৱ ইণ্ডিয়াই মুকলি কৰিলে ‘আয়ুৰক্ষা – ক’ৰোনা ছে জংগ – দিল্লী পুলিছ কে সংগ’ শীৰ্ষক কাৰ্যসূচী
Posted On:
30 APR 2020 7:32PM by PIB Guwahati
আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ সর্বভাৰতীয় আয়ুৰ্বেদিক প্রতিষ্ঠান তথা দিল্লী আৰক্ষীয়ে আজি নতুন দিল্লীত দিল্লী আৰক্ষীৰ কর্মীসকলৰ বাবে আয়ুৰক্ষা কাৰ্যসূচী মুকলি কৰা হৈছে। সহজ-সৰল পদ্ধতি আৰু কালোত্তীর্ণ আয়ুর্বেদ চিকিৎসা-পদ্ধতিৰ মাধ্যমেৰে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰি ক’ৰোনাৰ বিৰুদ্ধে চলি থকা যুঁজখনক তৰান্বিত কৰিবলৈ এই কাৰ্যসূচী গ্রহণ কৰা হৈছে।
আয়ুষ মন্ত্ৰালয়ে জাৰি কৰা পৰামৰ্শ অনুযায়ী এই কাৰ্যসূচী পৰিচালিত হ’ব। এই কাৰ্যসূচীত যিবোৰ আয়ুর্বেদ পদ্ধতিৰ কথা কোৱা হৈছে, তাৰ ভিতৰত আছে – চৱনপ্রাছ, অণুতেল, ছনাষমনি বটীৰ দৰে সৰল ভেষজ পদ্ধতি আৰু বৈজ্ঞানিকভাৱে প্রমাণিত ৰোগ প্রতিৰোধক পদ্ধতিবোৰৰ কথা কোৱা হৈছে।
এই উপলক্ষে আয়ুষ মন্ত্ৰালয়ৰ সচিব শ্রী বৈদ্য ৰাজেশে ‘কোটেচা বয়ঃষ্টপনা’ বা বার্ধক্য সংক্রান্তীয় প্রভাৱ হ্রাসকাৰী ভেষজ উপাদানবোৰৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয়, মন্ত্ৰালয়ে নিশ্চিতভাৱে কৰোনাত আক্রান্ত ৰোগীসকলৰ বাবে প্রচলিত চিকিৎসা পদ্ধতিৰ সমান্তৰালকৈ অতিৰিক্ত উপশমদায়ী ব্যৱস্থা হিচাপে আয়ুষ ঔষধ সৰবৰাহ কৰিব। ক’ভিড-১৯ ৰ মোকাবিলা কৰিবৰ বাবে দিল্লী আৰক্ষীয়ে কৰা প্রয়াসৰো প্রশংসা কৰে তেওঁ।
দিল্লী আৰক্ষী আয়ুক্ত শ্রী এছ এন শ্রীবাস্তৱে দিল্লী আৰক্ষীৰ স্বাস্থ্য সুৰক্ষাৰ বাবে আয়ুষ মন্ত্ৰালয় তথা সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠানৰ প্রচেষ্টাৰ প্রশংসা কৰে। তেওঁ কয়, আয়ুর্বেদ চিকিৎসাত ৰোগ প্রতিৰোধক ক্ষমতা বৃদ্ধি কৰিবৰ বাবে যিবোৰ পদ্ধতিৰ কথা কোৱা হৈছে, সেইবোৰ ইতিমধ্যেই কালোত্তীর্ণ হৈছে আৰু সেইবোৰৰ বিজ্ঞানসম্মত ভিত্তিও আছে। এই কাৰ্যসূচী ৰূপায়ণৰ বাবে দিল্লী আৰক্ষীৰ ৮০ হাজাৰ কর্মীক অন্তর্ভুক্ত কৰা হ’ব। দেশৰ ৰাজধানী অঞ্চল দিল্লীৰ ১৫ খন জিলাত এই কাৰ্যসূচী ৰূপায়ণৰ বাবে সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠানৰ ১৫ জন বিষয়াক ন’ডেল বিষয়া হিচাপে নিয়োগ কৰা হৈছে। দিল্লী আৰক্ষীয়ে এই ১৫ জন বিষয়াৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে আয়ুৰক্ষা কাৰ্যসূচী ৰূপায়ণ কৰিব।
***
RJ/SK/RD
(Release ID: 1620255)