ভাৰতীয় নিৰ্বাচন আয়োগ

২১ মাৰ্চ, ২০২০ত বিধায়কৰ জৰিয়তে মহাৰাষ্ট্ৰ বিধান পৰিষদৰ দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ভাৰতৰ নিৰ্বাচন আয়োগৰ

Posted On: 01 MAY 2020 2:16PM by PIB Guwahati

নিৰ্বাচন আয়োগে আজি মহাৰাষ্ট্ৰ বিধায়কৰ জৰিয়তে বিধান পৰিষদৰ ৯খন আসনৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত মিলিত হয়৷ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অ’ৰোৰাই নিৰ্বাচন আয়ুক্ত অশোক লৱাসা আৰু সুশীল চন্দাৰ সৈতে আমেৰিকাৰ পৰা ভিডিঅ’ কনফাৰেন্সিংযোগে বৈঠকত অংশ লয়৷

 

উল্লেখ্য যে ২৪ এপ্ৰিল, ২০২০ত  মহাৰাষ্ট্ৰ বিধান পৰিষদৰ ৯খন আসন খালী হয়৷ ইফালে ক’ভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানৰ ৩২৪ অনুচ্ছেদৰ অধীনত ৩ এপ্ৰিলত ক’ভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে নিৰ্বাচন স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰে৷

 

ইফালে, নিৰ্বাচন আয়োগে ৩০ এপ্ৰিলত মহাৰাষ্ট্ৰৰ মুখ্য সচিবৰ পৰা এখন পত্ৰ লাভ কৰে, য’ত তেওঁ মহাৰাষ্ট্ৰ চৰকাৰে মহামাৰী প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ লগতে খালী হোৱা আসনৰ বাবে সুৰক্ষিতভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব বুলি উল্লেখ কৰে৷

 

ইফালে, মহাৰাষ্ট্ৰৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ ৰাজ্যপালে প্ৰেৰণ কৰা নিৰ্দেশত ৰাজ্যৰ বিধান পৰিষদৰ খালী আসন পুৰণ কৰাৰ সন্দৰ্ভত উল্লেখ কৰে৷ নিৰ্দেশত ২৮ নৱেম্বৰ, ২০১৯ত মুখ্যমন্ত্ৰী উদ্ধৱ বালচাহেব থাকৰেই মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পৰা ৬মাহৰ ভিতৰত নিৰ্বাচিত হ’বলগীয়া প্ৰসংগও উল্লেখ কৰে৷ অৰ্থা২৭ মে’ৰ ভিতৰত তেওঁ নিৰ্বাচিত হ’ব লাগিব৷ ইয়াৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰ নিৰ্বাচন আয়োগে ৰাজ্যখনৰ বিভিন্ন দলৰ আহ্বানৰ পাছত দেশৰ নিৰ্বাচন আয়োগক জনোৱা অনুৰোধৰ পাছতে আজি এই সিদ্ধান্ত লয়৷ সেই হিচাপে নিৰ্বাচন আয়োগে অহা ৪ মে’, ২০২০ত নিৰ্বাচনী অধিসূচনা জাৰি কৰিব৷ নিৰ্বাচন আয়োগে ১১ মে’ত মনোনয়ন দাখিল, ১২ মে’ মনোনয়ন পত্ৰ পৰীক্ষা, ১৪ মে’ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ, ২১ মে’ৰ পুৱা ৯বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত কৰি সেই দিনাই বিয়লি পাঁচ বজাৰ পৰা ভোটগণনা কৰাৰ সিদ্ধান্ত লয়৷

******

SBS/DB



(Release ID: 1620247) Visitor Counter : 151