ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

অগ্ৰাধিকাৰ ভিত্তিত চিকিৎসা সঁজুলি ক্ৰয়


মে’ক ইন ইণ্ডিয়াৰ ক্ষেত্ৰত গুৰুত্ব

ঘৰুৱা নিৰ্মাণকাৰীক চিনাক্তকৰণ আৰু সহযোগিতা প্ৰদান

বিকল্প সামগ্ৰীৰ আমদানি আৰু চিকিৎসা সামগ্ৰীৰ ক্ষেত্ৰত ৰপ্তানিৰ দিশে অগ্ৰসৰৰ প্ৰক্ৰিয়া

স্থানীয়ভাৱে পি পি ই ৰ উৎপাদন শূণ্যৰপৰা আৰম্ভ কৰি প্ৰতিদিনে ১.৮৭ লাখলৈ বৃদ্ধি

স্থানীয়ভাৱে এন-৯৫ মাস্কৰ উৎপাদন শূণ্যৰপৰা আৰম্ভ কৰি প্ৰতিদিনে প্ৰায় ২.৩০ লাখলৈ বৃদ্ধি

ঘৰুৱাভাৱে তৈয়াৰী হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ মাত্ৰা প্ৰায় ১৫০% বৃদ্ধি

২.৫ কোটি চাহিদাৰ বিপৰীতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠানলৈ আৰু ফাৰ্মাচীসমূহত প্ৰায় ১৬ কোটি হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ টেবলেট উপলব্ধ কৰা হৈছে।

Posted On: 01 MAY 2020 5:19PM by PIB Guwahati

ফাৰ্মাচিটিকেলছ বিভাগৰ সচিৱ ড০ পি ডি ৱাঘেলাক পৰিচালক হিচাপে লৈ ডি পি আই আই টিৰ সচিৱ, বস্ত্ৰশিল্প বিভাগৰ সচিৱ, চি বি আই চিৰ অধ্যক্ষ, ডি আৰ ডি অ’ৰ সচিৱ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল, কেবিনেট সচিৱালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, স্বাস্থ্য গৱেষণা বিভাগ আদি সামৰি ২৯.০৩.২০২০ তাৰিখে জাৰি কৰা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ আদেশ অনুসৰি সবলীকৃত দল-৩ গঠন কৰা হৈছে। এই দলৰ মূল উদ্দেশ্য হৈছে আৱশ্যকীয় চিকিসা সঁজুলি – পি পি ই, মাস্ক, গ্ল’ভচ আৰু ভেন্টিলেটৰ যথেষ্ট পৰিমাণে উপলব্ধ থকাটো সুনিশ্চিত কৰা আৰু ইয়াৰ পাদন, ক্ৰয়, আমদানি আৰু বিতৰণৰ ব্যৱস্থা কৰা।

এই দলটোৱে নিয়মীয়াকৈ লগ হৈ আছে আৰু আজিলৈকে দলৰ মুঠ ২৪ খন সভা অনুষ্ঠিত হৈছে। এই সবলীকৃত দলটোৱে এখন প্ৰযুক্তি সমিতি গঠন কৰি বিভিন্ন সঁজুলি নিৰ্মাণৰ সম্পৰ্কত লাভ কৰা প্ৰস্তাৱসমূহ চালি-জাৰি চাোৱাৰ দায়িত্ব দিছে। জুন ২০২০ লৈকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু স্বাস্থ্য গৱেষণা বিভাগে প্ৰয়োজন হ’ব বুলি ভৱা চিকিসা সঁজুলিৰ তালিকাৰ ভিত্তিত সমিতিখনে  নিৰ্মাণকাৰীসকলৰ মাজত এইসমূহ সাজি উলিয়াব পৰা সামৰ্থ পৰীক্ষা কৰিছে আৰু নতুন নিৰ্মাণকাৰী চিনাক্ত কৰি উলিয়াবলৈও প্ৰয়াস কৰিছে। চৰকাৰে ঘৰুৱা উপাদনত গুৰুত্ব দিছে আৰু আমদানি প্ৰক্ৰিয়া কেৱল অত্যাৱশ্যকীয় আৰু তাক্ষণিকভাৱে প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰতে সীমাৱদ্ধ ৰখাৰ চেষ্টা কৰিছে। 

দেশৰ জৰুৰী অৱস্থাত কিছুমান জটিল সঁজুলিৰ ক্ৰয়ৰ ক্ষেত্ৰত বিষয়া, বিজ্ঞানী আৰু অভিযন্তাই অহোৰাত্ৰি পৰিশ্ৰম কৰিছে।

ভেন্টিলেটৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চলিত বৰ্ষৰ জুন মাহলৈকে ৭৫,০০০ ভেন্টিলেটৰৰ প্ৰয়োজন হ’ব বুলি ধাৰণা কৰিছে আৰু বৰ্তমান প্ৰায় ১৯,৩৯৮ ভেন্টিলেটৰ মজুত আছে। সবলীকৃত দলটোৱে ইতিমধ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সহযোগত ৰাজহুৱা খণ্ডৰ উদ্যোগ মেচাৰ্চ এইচ এল এল লাইফকেয়াৰ লিমিটেডক ৬০,৮৮৪ টা ভেন্টিলেটৰ নিৰ্মাণৰ বাবে অৰ্ডাৰ দিছে। এই অৰ্ডাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ চাহিদাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। 

মে’ক ইন ইণ্ডিয়াৰ ক্ষেত্ৰত গুৰুত্ব দি স্থানীয় ভেন্টিলেটৰ নিৰ্মাতাসকলকো চিনাক্ত কৰি তেওঁলোকৰ লগতো কথা পতা হৈছে আৰু বিশেষভাৱে প্ৰয়োজনীয় উপাদান তথা আৰ্হি সম্পৰ্কে তেওঁলোকক ধাৰণা দিবলৈ যত্ন কৰা হৈছে। লগতে প্ৰশিক্ষণ, আন আন নীতি নিয়ম, ৰাজ্য চৰকাৰসমূহৰ লগত আলোচনা কৰি নতুন যোগান শৃংখল গঢ়ি তোলা আদি কাম চলি আছে। মেচাৰ্চ ভাৰত ইলেক্ট্ৰ’নিক্স লিমিটেডক ৩০,০০০ টা ভেন্টিলেটৰ নিৰ্মাণৰ বাবে অৰ্ডাৰ দিছে। একেদৰে মেচাৰ্চ আগৱাক ১০,০০০ আৰু এ এম টি জেডক ১৩,৫০০ টা ভেন্টিলেটৰ নিৰ্মাণৰ বাবে অৰ্ডাৰ দিছে। ঘৰুৱা নিৰ্মাণকাৰীসকলে ইতিমধ্যে চৰ্ত্ত অনুযায়ী সময়মতে সঁজুলি যোগান দিয়া আৰম্ভ কৰিছে।

অক্সিজেন আৰু অক্সিজেন চিলিণ্ডাৰ

অক্সিজেন আৰু অক্সিজেন চিলিণ্ডাৰৰ ক্ষেত্ৰত আমাৰ দেশ স্বনিৰ্ভৰশীল। মুঠ অক্সিজেন তৈয়াৰৰ সামৰ্থ ৬,৪০০ মেট্ৰিকটন, য’ত চিকিসাৰ বাবে ১০০০ মেট্ৰিকটন অক্সিজেন ব্যৱহাৰ হয়। দেশত ৫ টা ডাঙৰ আৰু ৬০০ টা সৰু অক্সিজেন নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে। ৪০৯ খন চিকিসালয়ৰ নিজৰ অক্সিজেন তৈয়াৰ কৰা সুবিধা আছে আৰু প্ৰায় ১০৫০ টা ক্ৰায়’জেনিক টেংকাৰ আছে।  

প্ৰায় ৪.৩৮ লাখ অক্সিজেন চিলিণ্ডাৰ যোগানৰ বাবে সাজু কৰি ৰখা হৈছে। তদুপৰি ১.০৩ লাখ নতুন চিকিসাৰ বাবে প্ৰয়োজনীয় অক্সিজেন চিলিণ্ডাৰৰ অৰ্ডাৰ দিয়া আছে। ৫ লাখ ঔদ্যোগিক অক্সিজেন চিলিণ্ডাৰ প্ৰয়োজন সাপেক্ষে চিকিসা ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাকৈ ৰূপান্তৰ কৰিবলৈ সাজু কৰি ৰখা হৈছে। ৬০,০০০ চিলিণ্ডাৰ ৰূপান্তৰৰ বাবে ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে।

পি পি ই

চলিত বৰ্ষৰ জুন মাহলৈকে ২.০১ কোটি পি পি ইৰ প্ৰয়োজন হ’ব বুলি ধাৰণা কৰা হৈছে আৰু তাৰ বিপৰীতে ২.২২ কোটি পি পি ইৰ  বাবে ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে। তাৰে ১.৪২ কোটি ঘৰুৱা নিৰ্মাণকাৰীক তৈয়াৰ কৰিবলৈ দিয়া হৈছে আৰু ৮০ লাখ পি পি ই আমদানি কৰা হ’ব। ইয়াৰ আগতে ঘৰুৱাভাৱে কোনো পি পি ই তৈয়াৰ কৰা হোৱা নাছিল যদিও বৰ্তামান ১০৭ টা নিৰ্মাণকাৰী প্ৰতিষ্ঠানক চিনাক্ত কৰা হৈছে যি প্ৰতিদিনে প্ৰায় ১.৮৭ লাখকৈ পি পি ই প্ৰস্তুত কৰি আছে। এতিয়ালৈকে ১৭.৩৭ লাখ পি পি ই লাভ কৰিছে। অহা দুমাহত ঘৰুৱাভাৱে উপাদিত আৰু ১.১৫ কোটি পি পি ই সম্পূৰ্ণ হৈ উঠিব।  

এন-৯৫ মাস্ক

চলিত বৰ্ষৰ জুন মাহলৈকে ২.৭২ কোটি এন-৯৫ মাস্কৰ প্ৰয়োজন হ’ব বুলি ধাৰণা কৰা হৈছে আৰু তাৰ বিপৰীতে ২.৪৯ কোটি এন-৯৫ মাস্কৰ বাবে ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে। তাৰে ১.৪৯ কোটি ঘৰুৱা নিৰ্মাণকাৰীক তৈয়াৰ কৰিবলৈ দিয়া হৈছে আৰু প্ৰায় ১ কোটি এন-৯৫ মাস্ক আমদানি কৰা হ’ব। দেশত চাৰিটা ডাঙৰ এন-৯৫ মাস্ক নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে আৰু আটাইকেইটাই সাধ্যানুযায়ী কাম কৰি আছে আৰু নতুন নতুন নিৰ্মাণকাৰী প্ৰতিষ্ঠানো আগবাঢ়ি আহিছে। স্থানীয়ভাৱে এন-৯৫ মাস্কৰ উপাদন প্ৰতিদিনে প্ৰায় ২.৩০ লাখলৈ বৃদ্ধি পাইছে।

ৰোগ চিনাক্তকৰণ সঁজুলি

ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে দিনে ৭০,০০০ টাকৈ ৰোগ চিনাক্তকৰণ পৰীক্ষণ সম্পাদন কৰি এতিয়ালৈকে প্ৰায় ৯ লাখ পৰীক্ষণ সম্পাদিত কৰিছে। পৰীক্ষণ সুনিশ্চিত কৰিবলৈ সঁজুলি, ৰি-এজেন্ট আদি উপলব্ধ কৰাটো এটা জটিল কাম। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক পৰীক্ষণ সঁজুলি যোগান দিয়াৰ দায়িত্ব লৈছে। তেওঁলোকেও নিজাকৈ এই সঁজুলি ক্ৰয় কৰিব পাৰে।  

স্বাস্থ্য গৱেষণা বিভাগে হস্তচালিত ৩৫ লাখ আৰ টি- পি চি আৰ সঁজুলিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী অৰ্ডাৰ দিছে। আজিৰ তাৰিখলৈকে ১৩.৭৫ লাখ যুটীয়া আৰ টি- পি চি আৰ সঁজুলি লাভ কৰিছে। 

ঔষধ আৰু আন চিকিসা সঁজুলি

ঔষধ আৰু আন চিকিসা সঁজুলিৰ উপাদন আৰু যোগান অব্যাহত ৰাখিবলৈ ফাৰ্মাচিটিকেল বিভাগ আৰু নেশ্যনেল ফাৰ্মাচিটিকেল প্ৰাইচিং অথৰিটীৰ দুটাকৈ নিয়ন্ত্ৰণ কক্ষ গঢ় দিয়া হৈছে। চৰকাৰেও নিয়মীয়াকৈ নিৰ্মাণকাৰী, বিতৰণকাৰী আৰু ফাৰ্মাচিষ্টৰ লগত যোগোযোগ ৰাখিছে। ঘৰুৱাভাৱে তৈয়াৰী হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ মাত্ৰা প্ৰায় ১৫০% বৃদ্ধি হৈছে। ২.৫ কোটি চাহিদাৰ বিপৰীতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠানলৈ আৰু ফাৰ্মাচীসমূহত প্ৰায় ১৬ কোটি হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ টেবলেট উপলব্ধ কৰা হৈছে।

আন আন মন্ত্ৰালয় আৰু বিভাগসমূহৰ ভূমিকা

ডি পি আই আই টি, বস্ত্ৰশিল্প মন্ত্ৰালয়, ডি আৰ ডি অ’, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদ আদি এই সবলীকৃত দলটোৰ সদস্য আৰু ইয়াক কাৰ্যক্ষম কৰি তোলাত গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়াইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অতি সক্ৰিয়তাৰে অত্যাৱশ্যকীয় চিকিসা সঁজুলি আমদানি কৰাত সহায় কৰাৰ লগতে দেশীয় নিৰ্মাণকাৰীৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জাম অনাৰো সুবিধা কৰি দিছে। অসামৰিক বিমান মন্ত্ৰালয়ে কাৰ্গো আকাশী দলং আৰু লাইফলাইন উড়ান প্ৰকল্পৰ অধীনত অতি সক্ৰিয়তাৰে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অতি সক্ৰিয়তাৰে ঔষধ আৰু আন চিকিসা সামগ্ৰী কঢ়িয়াই আছে। বন্দৰ, আৱকাৰী, ৰে’ল বিভাগ, ডাক বিভাগ আদিয়েও ক্ষীপ্ৰতাৰে চিকিসা সঁজুলিৰ বিতৰণত সহায় কৰি আছে। ৰাজ্য চৰকাৰসমূহেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।

***

RCJ/RKM/PRK



(Release ID: 1620246) Visitor Counter : 207