গৃহ মন্ত্ৰালয়

৪ মে’, ২০২০ৰ কাৰ্যকৰী হোৱাকৈ দুসপ্তাহৰ বাবে লকডাউনৰ সময়সীমা বৃদ্ধি

Posted On: 01 MAY 2020 6:33PM by PIB Guwahati

১. দেশত ক’ভিড-১৯ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ ফলত লাভ কৰা সুফলৰ ব্যাপক পৰ্যালোচনা কৰি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আজি দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত ৪ মে’, ২০২০ৰ পৰা কাৰ্যকৰী হোৱাকৈ দুসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰিছে৷ এই সময়ছোৱাত বিভিন্ন কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰঙা, সেউজীয়া আৰু কমলাৰঙী জিলাসমূহক লক্ষ্য কৰি নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনাত সেউজীয়া আৰু কমলাৰঙী অঞ্চলত কেতবোৰ ৰেহাই দিয়া হৈছে৷

২. ভাৰতৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে ৩০ এপ্ৰিল, ২০২০ক এক পত্ৰত উল্লেখ কৰা তথ্যৰ জৰিয়তে ৰঙা, সেউজীয়া আৰু কমলাৰঙী জিলাসমূহ চিনাক্ত কৰা হৈছে৷ সেউজীয়া জিলাসমূহ হৈছে সেইবোৰ জিলা, য’ত বিগত ২১ দিনত এজনো লোকো ক’ভিডত আক্ৰান্ত হোৱা নাই৷ ৰঙা জিলাসমূহ হৈছে সেইবোৰ জিলা, য’ত মুঠ সক্ৰিয় ঘটনা, নিশ্চিত ঘটনাৰ দুগুন হোৱাৰ লগতে ব্যাপক পৰীক্ষণ আৰু নিৰীক্ষণৰ তথ্য লাভ কৰা হৈছে৷ যিবোৰ সেউজীয়াও নহয়, ৰঙাও নহয়, সেই জিলাসমূহকে কমলাৰঙী বুলি ধৰা হয়৷ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে প্ৰতি সপ্তাহৰ মুৰে মুৰে ৰঙা, সেউজীয়া আৰু কমলাৰঙী জিলাসমূহৰ সম্পৰ্কে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তথ্য শ্বেয়াৰ কৰি থাকিব৷ স্বাস্থ্য মন্ত্ৰালয়ৰ উপৰি সকলো ৰাজ্যই নিজাকৈ অতিৰিক্ত জিলা ৰঙা, সেউজীয়া আৰু কমলাৰঙী হিচাপে অন্তৰ্ভূক্ত কৰিব পাৰিব৷

৩. দেশৰ অধিকাংশ জিলাত ইয়াৰ চাৰিসীমাৰ ভিতৰত এক বা ততোধিক পৌৰ নিগম আছে৷ এইটো নিৰীক্ষণ কৰা হৈছে যে ঘন বসতিপ্ৰধান পৌৰনিগমত অধিক লোকৰ মাজত সম্পৰ্ক ৰক্ষা হয়, তেনে ক্ষেত্ৰত সেই পৌৰ নিগমত জিলাখনৰ বাকী ঠাইবোৰৰ তুলনাত ক’ভিড-১৯ আক্ৰান্ত হোৱাৰ আশংকা অধিক৷ নতুন নিৰ্দেশনাত এনে জিলাসমূহক দুটা মণ্ডলত ভাগ কৰা হৈছে, এটা সেই পৌৰনিগমৰ ভিতৰত আৰু আনটো ইয়াৰ চাৰিসীমাৰ বাহিৰত পৰিব৷ যদি বিগত ২১ দিনৰ ভিতৰত এই অঞ্চলটোত কোনো লোক ক’ভিড-১৯ত আক্ৰান্ত নহয়, তেনেহ’লে ইয়াক সামগ্ৰিক ৰঙা বা কমলাৰঙী জিলাৰ এটা পৰ্যায় নিম্ন হিচাপে বিবেচনা কৰা হ’ব৷ এনে ক্ষেত্ৰত যদি ৰঙা হয়, তেতিয়া সেই অঞ্চলটো কমলা আৰু যদি কমলা হয় তেতিয়া ইয়াক সেউজীয়া হিচাপে ধৰা হ’ব৷ তেনে ক্ষেত্ৰত এই অঞ্চলত অৰ্থনৈতিক কাম-কাজ সম্পাদন কৰিব পাৰিব৷ পৌৰনিগম থকা জিলাৰ ক্ষেত্ৰতহে এই নিৰ্দেশনা প্ৰযোজ্য হ’ব৷

৪. দেশত অতি স্পৰ্শকাতৰ এলেকা, য’ত ক’ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰঙা বা কমলা এলেকাত পৰিলে তাক নিয়ন্ত্ৰিত এলেকা বুলি গণ্য কৰা হ’ব৷ এইবোৰ অতিশয় সংক্ৰমণৰ আশংকা থকা এলেকা৷ এই এলেকা প্ৰতিৰোধমুলক ব্যৱস্থাৰ ক্ষেত্ৰত সংশ্লিষ্ট জিলা প্ৰশাসনে তাত আক্ৰান্ত লোক, কিমানদুৰলৈকে বিয়পিছে ইত্যাদিৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব৷ স্থানীয় প্ৰশাসনে সকলোৱে ঘৰত তথা নিয়ন্ত্ৰিত এলেকা আৰোগ্য সেতু এপ ব্যৱহাৰ কৰাটো সুনিশ্চিত কৰিব৷ এই নিয়ন্ত্ৰিত এলেকাত যোগাযোগ চিনাক্তকৰণ, ঘৰে ঘৰে নিৰীক্ষণ কৰা, তেওঁলোকৰ আশংকাৰ ভিত্তিত ঘৰ/প্রতিষ্ঠানিক কোৱাৰেণ্টিং কৰা আৰু ক্লিনিকেল ব্যৱস্থাপনাৰ জৰিয়তে নিৰীক্ষণৰ ব্যৱস্থা তীব্রতৰ কৰা হ’ব৷ এই এলেকাটো জৰুৰী চিকিসা আৰু অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ বাদে মানুহৰ আহ-যাহ কৰিব নোৱাৰাকৈ কঠোৰ ব্যৱস্থাৰে নিয়ন্ত্ৰণ কৰা হ’ব৷ কোনো ধৰণৰ কাম কাজত অনুমোদন দিয়া নহ’ব৷
৫. নতুন নিৰ্দেশনাৰ অধীনত সমগ্ৰ দেশত এক সীমিতসংখ্যক কাম-কাজত নিষেধাজ্ঞা আৰোপ কৰা হ’ব৷ নিষেধাজ্ঞা আৰোপ কৰি ক্ষেত্ৰসমূহৰ ভিতৰত বিমান, মেট্ৰ’ ৰে’ল ভ্ৰমণ, পথেৰে আন্তঃৰাজ্যিক যাতায়াত, স্কুল, কলেজ আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠান, প্ৰশিক্ষণ আৰু কছিং চেণ্টাৰ, আতিথ্য সেৱা যেনে হোটেল-ৰেষ্টুৰেণ্ট, জনসমাগম হোৱা স্থান যেনে- চিনেমা হল, মল, জীম, ক্ৰীড়া প্ৰকল্প ইত্যাদি; সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক আৰু অন্যান্য সমাগম আৰু ধৰ্মীয়নুষ্ঠান বা ৰাজহুৱা উপাসনা স্থান বন্ধ ৰখা উল্লেখযোগে৷ অৱশ্যে গৃহ মন্ত্ৰালয়ৰ অনুমতি সাপেক্ষে নিৰ্দিষ্ট উদ্দেশ্যত বিমান, ৰে’ল আৰু পথেৰে কোনো লোকে ভ্ৰমণ কৰিব পাৰিব৷

 
৬. নতুন নিৰ্দেশনাত জনসাধাৰণক কল্যান আৰু সুৰক্ষাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সেয়েহে নিশা ৭ বজাৰ পৰা পিছদিনা পুৱা ৭ বজালৈ বিনা কাৰণত কোনো ব্যক্তিৰ চাল-চলনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ স্থানীয় প্ৰশাসনে এই ক্ষেত্ৰত ১৪৪ ধাৰাৰ অধীনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব৷ এই সকলো এলেকাত জৰুৰী চিকিসাজনিত কাৰণৰ বাবে ৬৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তি, ৰুগীয়া ব্যক্তি, অন্তঃসত্তা মহিলা আৰু ১০ বছৰৰ তলৰ ল’ৰা-ছোৱালী ঘৰৰ ভিতৰতে থকা প্ৰয়োজন৷ ৰঙা, কমলা আৰু সেউজীয়া এলেকাত চিকিসাৰ বৰ্হিবিভাগ সামাজিক দুৰত্ব মানি খোলা ৰখাৰ অনুমতি দিয়া হ’ব যদিও নিয়ন্ত্ৰিত এলেকাত অনুমতি দিয়া নহয়৷

৭. ৰঙা এলেকাসমূহত নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ সমগ্ৰ দেশত আৰোপ কৰা নিষেধাজ্ঞাৰ অতিৰিক্তি আন কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ সেইবোৰৰ ভিতৰত চাইকেল আৰু অ’টো ৰিক্সা চলোৱা, টেক্সি আৰু কেব চলোৱা; অন্তঃ আৰু আন্তঃজিলাত বাছ চলোৱা আৰু নাপিতৰ কাম-কাজ, স্পা আৰু চেলুন খোলা বন্ধ ৰখা হ’ব৷

৮. সীমাৱদ্ধতাৰ মাজেৰে ৰে’ড জ’নত আন কিছুমান কাম-কাজৰ বাবে অনুমতি দিয়া হৈছে। অনুমতি থকা কামৰ বাবে ব্যক্তি তথা ব্যক্তিগত বাহনৰ চলাচল কৰিবলৈ দিয়া হ’ব, য’ত চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত দুজনতকৈ অধিক (চালকৰ উপৰিও)ব্যক্তি উঠিব নোৱাৰিব আৰু দুচকীয়া বাহনত অকলে যাব পাৰিব। বিশেষ অৰ্থনৈতিক খণ্ড (এচ ই জেড), ৰপ্তানিমুখী কেন্দ্ৰ (ই অ’ ইউ), ঔদ্যোগিক অঞ্চল, ঔদ্যোগিক আৱাসিক অঞ্চল আদিত থকা নগৰাঞ্চলৰ ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত নিয়ন্ত্ৰণ সাপেক্ষে কাম চলাই নিয়াৰ অনুমতি দিয়া হৈছে। ঔষধ, চিকিসা সামগ্ৰী, চিকিসা সঁজুলি, এইসমূহৰ কেঁচামাল আৰু ইন্টাৰমেডিয়েটছ আদি  অত্যাৱশ্যকীয় সামগ্ৰীৰ উপাদনৰ অনুমতি দিয়া হৈছে। যিবিলাক সামগ্ৰী উপাদনৰ ক্ষেত্ৰত অবিৰত প্ৰচেষ্টাৰ প্ৰয়োজন সেইসমূহৰ যোগান শৃংখল চলাই নিবলৈ, তথ্য-প্ৰযুক্তিৰ হাৰ্ডৱেৰ নিৰ্মাণৰ চলাই নিবলৈ, কেইবাটাও শ্বিফটত কাম কৰিব পৰাকৈ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি জুট উদ্যোগ আৰু পেকেজিং সামগ্ৰীৰ নিৰ্মাণ কাৰখানাসমূহ খুলিবলৈ দিয়া হৈছে। নগৰাঞ্চলৰ ’ত য’ত শ্ৰমিকে থাকি লৈ কাম কৰিব পাৰে আৰু শ্ৰমিকসকল বাহিৰৰ পৰা আহিব নালাগে তেনে ঠাইত আৰু পুনঃনৱীকৰণযোগ্য শক্তি প্ৰকল্পসমূহত নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। মল, বজাৰ, বজাৰ কমপ্লেক্স আদিত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে আন সামগ্ৰী ৰাখিবলৈ দিয়া নহয়। অৱশ্যে অকলশৰীয়াকৈ থকা সকলো দোকান, চুবুৰীৰ দোকান, আবাসিক কমপ্লেক্সৰ লগত থকা দোকান আদিৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ হলেও বা নহলেও, নগৰাঞ্চলতো এইসমূহ খুলি ৰখাৰ অনুমতি দিয়া হৈছে। ই বাণিজ্যৰ লগত জড়িত কামৰ বাবে ৰেড জ’নত কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতহে অনুমতি দিয়া হৈছে। ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ত প্ৰয়োজন অনুসৰি ৩৩% কৰ্মচাৰী উপস্থিত থাকিব পাৰিব আৰু বাকীসকলে ঘৰৰপৰাই কাম চলাব লাগিব। সকলো চৰকাৰী কাৰ্যালয়ত উপ সচিৱ পৰ্যায়ৰপৰা আৰম্ভ কৰি উচ্চ পৰ্যায়ৰ সকলো জ্যেষ্ঠ বিষয়া উপস্থিত থাকিব লাগিব আৰু তাৰ তলৰ পৰ্যায়ত প্ৰয়োজন অনুসৰি ৩৩% কৰ্মচাৰী উপস্থিত থাকিব পাৰিব। অৱশ্যে প্ৰতিৰক্ষা আৰু সুৰক্ষা সেৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, আৰক্ষী, কাৰাগাৰ, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা, অগ্নি নিৰ্বাপণ আৰু জৰুৰী সেৱা, দুৰ্যোগ ব্যৱস্থাপনা আৰু আনুসঙ্গিক সেৱা, ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ, আৱকাৰী বিভাগ, ভাৰতীয় খাদ্য নিগম, নেশ্যনেল কেডেট কৰ্পছ, নেহৰু যুৱ কেন্দ্ৰ আৰু পৌৰ সেৱাৰ ক্ষেত্ৰত সকলো কাম-কাজ কোনো সীমাৱদ্ধতা অবিহনে চলি থাকিব। ৰাজহুৱা সেৱা যোগান সুনিশ্চিত কৰা হব আৰু তাৰবাবে প্ৰয়োজনীয় কৰ্মচাৰী নিয়োগ কৰা হব। 

৯. ৰে’ড জ’নত আন বহু কাম-কাজৰ বাবে অনুমতি দিয়া হৈছে। এম জি এনৰেগাৰ কামকে ধৰি গ্ৰাম্যাঞ্চলত নিৰ্মাণৰ কাম, খাদ্য প্ৰস্তুতকৰণ কেন্দ্ৰ, ইটা-ভাটা আদি বহু কামৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। তদুপৰি শ্বপিং মলৰ বাদে গ্ৰাম্যাঞ্চলত সামগ্ৰীৰ প্ৰকাৰৰ ক্ষেত্ৰত কোনো বিভাজন নোহোৱাকৈ সকলো দোকান খুলিবলৈ দিয়া হৈছে। খেতি চপোৱা, পৰিষ্কাৰ কৰা, ক্ৰয়-বিক্ৰয় আৰু যোগান শৃংখলত বিপণন আদি সকলো ধৰণৰ কৃষিকৰ্মৰ বাবে অনুমতি দিয়া হৈছে। থলুৱা আৰু সাগৰীয় মাছকে ধৰি পশুপালনৰ সকলো কাম-কাজৰ অনুমতি আছে। সকলো ধৰণৰ ৰোপণ কাৰ্য, ইয়াৰ বিপণন আৰু প্ৰস্তুতকৰণৰ অনুমতি দিয়া হৈছে। আকাশী এম্বুলেন্সেৰে চিকিসাকৰ্মী আৰু ৰোগীৰ পৰিৱহণকে ধৰি সকলো স্বাস্থ্যসেৱা (আয়ুসকে ধৰি) কাৰ্যকৰী হৈ থাকিব।  বেংক, ননবেংকিং বিত্তীয় প্ৰতিষ্ঠান, বীমা আৰু কেপিটেল মাৰ্কেটৰ কাম-কাজ, ঋণদাতা সমবায় সমিতিসমূহকে ধৰি বিত্তীয় খণ্ডৰ গৰিষ্ঠভাগেই খোলা থাকিব। শিশুগৃহ, বৃদ্ধাশ্ৰম, দৰিদ্ৰ-মহিলা-বিধৱা আদি ৰখা গৃহসমূহ খোলা থাকিব আৰু অংগনৱাড়ীৰ কাম-কাজ চলি থাকিব। ৰাজহুৱা ব্যৱস্থা যেনে, শক্তি, পানী, অনাময়, পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনা, টেলিসংযোগ, ইন্টাৰনেট, কোৰিয়াৰ আৰু ডাক সেৱা আদি চলি থাকিব। 

১০. ৰে’ড জ’নত প্ৰায়ভাগ বাণিজ্যিক আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক খুলিবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ ভিতৰত প্ৰিন্ট আৰু বৈদ্যুতিন সংবাদ মাধ্যম, তথ্য-প্ৰযুক্তি আৰু ডাটা, কল-চেন্টাৰ আদি তথ্য-প্ৰযুক্তিগত সেৱা, শীতল ভঁৰাল আৰু গোদাম সেৱা, ব্যক্তিগত সুৰক্ষা আৰু ফেচিলিটী ব্যৱস্থাপনা সেৱা আৰু পূৰ্বতে উল্লেখ কৰাৰ দৰে নাপিতৰ বাদে আন সকলো স্বনিয়োজিতভাৱে সেৱা আগবঢ়োৱাসকলৰ বাবে কাম-কাজ চলাই নিবলৈ অনুমতি দিয়া হৈছে। ঔষধ, চিকিসা সামগ্ৰী, চিকিসা সঁজুলি, এইসমূহৰ কেঁচামাল আৰু ইন্টাৰমেডিয়েটছ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ উপাদনৰ অনুমতি দিয়া হৈছে। যিবিলাক সামগ্ৰী উপাদনৰ ক্ষেত্ৰত অবিৰত প্ৰচেষ্টাৰ প্ৰয়োজন, সেইসমূহৰ যোগান শৃংখল অবিৰত ৰাখিবলৈ, তথ্য-প্ৰযুক্তিৰ হাৰ্ডৱেৰ নিৰ্মাণ, কেইবাটাও শ্বিফটত কাম কৰিব পৰাকৈ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি জুট উদ্যোগ আৰু পেকেজিং সামগ্ৰীৰ নিৰ্মাণ কাৰখানাসমূহ খুলিবলৈ দিয়া হৈছে।

১১.   ৰেড জ’নত সম্পাদন কৰিবলৈ দিয়া কাৰ্যাৱলীৰ উপৰিও অ’ৰেঞ্জ জ’নত টেক্সি আৰু কেৱ সেৱা অব্যাহত ৰাখিব পাৰিব, অৱশ্যে এগৰাকী চালক আৰু দুগৰাকী যাত্ৰীহে কঢ়িয়াব পাৰিব। কেৱল অনুমোদিত কাৰ্যৰ বাবেহে ব্যক্তি আৰু বাহনে আন্তঃজিলা যাতায়াত কৰিব পাৰিব। চাৰিচকীয়া বাহনত চালকৰ উপৰিও সৰ্বাধিক দুগৰাকী লোকে যাতায়াত কৰিব পাৰিব আৰু দুচকীয়া বাহনত দুজন লোকে যাত্ৰা কৰাৰ অনুমতি দিয়া হৈছে।

১২.     সমগ্ৰ দেশতে যিবোৰ কাৰ্যত নিষেধাজ্ঞা জাৰি কৰি ৰখা হৈছে, সেই সীমিতসংখ্যক কাৰ্য বা সেৱাৰ বাদে বাকীবোৰ কাৰ্য সম্পাদনৰ ক্ষেত্ৰত গ্ৰীণ জ’নত অনুমতি প্ৰদান কৰা হৈছে। তথাপি বাছবোৰত থকা আসনৰ মুঠ সংখ্যাৰ ৫০ শতাংশ যাত্ৰীহে পৰিবহন কৰাব পাৰিব আৰু বাছ ডিপো বোৰতো ৫০ শতাংশ সামৰ্থ্যৰে বাহন চালনা কৰিব লাগিব।

১৩.     সামগ্ৰী কঢ়িওৱা সকলো বাহনলৈ অনুমতি প্ৰদান কৰা হৈছে। কোনো ৰাজ্য বা কেন্দ্ৰ শাসিত অঞ্চলেই সীমান্ত পাৰ হৈ অহা সামগ্ৰীৰ বাহন ৰখাব নোৱাৰিব। লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশতে পণ্য সামগ্ৰীৰ যোগান শৃংখলা আৰু সেৱা অব্যাহত ৰখাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই অনা বাহনৰ এনে যাতায়াতৰ বাবে কোনো পৃথক অনুমতি পত্ৰৰ প্ৰয়োজন নহ’ব।

১৪.   বিশেষভাৱে নিষিদ্ধ নোহোৱা কাৰ্যাৱলী, অথবা এইসমূহ পৰামৰ্শাৱলীৰ অধীনত বিভিন্ন মণ্ডল বা জ’নত বাধা-নিষেধৰ সৈতে অনুমতি দিয়া কামসমূহৰ বাদে অন্যান্য সকলো কাৰ্যাৱলীয়েই অনুমতিপ্ৰাপ্ত কাৰ্যৱলী হিচাপে গণ্য কৰা হ’ব। তথাপি, ৰাজ্য তথা কেন্দ্ৰ শাসিত অঞ্চলসমূহৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ প্ৰাথমিক উদ্দেশ্য আগত ৰাখি প্ৰয়োজন সাপেক্ষে তেনেধৰণৰ নিষেধাজ্ঞাৰে সৈতে ইতিমধ্যে অনুমতি দি ৰখা কাৰ্যাৱলীৰ বাহিৰেও কেৱল নিৰ্ধাৰিত কিছু কাৰ্যলৈ অনুমতি দিয়া হ’ব পাৰে।

১৫.   ৩ মে’, ২০২০ তাৰিখ পৰ্যন্ত লকডাউন সন্দৰ্ভত জাৰি কৰি ৰখা নিৰ্দেশাৱলীৰ অধীনত ইতিমধ্যেই যিবোৰ কাৰ্য সম্পাদন কৰাৰ বাবে অনুমতি দিয়া হৈছে সেইবোৰ কাৰ্য কৰাৰ বাবে নতুনকৈ বা পৃথকে কোনো অনুমতি লোৱাৰ প্ৰয়োজন নাই। ভাৰতত থকা বিদেশী লোকৰ যাতায়াতৰ ব্যৱস্থা কৰা; কোৰেণ্টাইনত থকা লোকক মোকলাই দিয়া; ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলত আবদ্ধ হৈ থকা লোকসকলৰ যাতায়াত; ভাৰতীয় নাবিকসকলৰ ছাইন-অন আৰু ছাইন-অফ, প্ৰব্ৰজনকাৰী শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য লোকসকলক স্থলপথ আৰু ৰে’লপথেৰে যাতায়াত কৰোৱাৰ দৰে দিশসমূহ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰ’ট’কল বা SOP অনুসৰিয়েই পৰিচালিত হ’ব।

১৬ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক এই লকডাউনৰ নীতি-নিৰ্দেশাৱলী কঠোৰভাৱে পালন কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু তেওঁলোকে কোনো পৰিস্থিতিতে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ অধীনত এই নিৰ্দেশাৱলী অমান্য কৰিব নোৱাৰিব।



(Release ID: 1620220) Visitor Counter : 345