ৰেল মন্ত্ৰালয়

বিনামূলীয়া খাদ্য বিতৰণত ভাৰতীয় ৰে’লৱেয়ে আজি স্পৰ্শ কৰিলে ৩ মিলিয়নৰ সীমা

ক’ভিড-১৯ৰ বাবে বলৱৎ লকডাউনৰ পৰিপ্ৰেক্ষিতত দেশৰ ৩০০টা স্থানত বিতৰণ কৰা হৈছে খাদ্য

ভাৰতীয় ৰে’লৱেৰ সংস্থাসমূহে দলগতভাৱে বিতৰণ কৰিছে গৰম ৰন্ধন খাদ্য আৰু প্ৰতিদিনে সহস্ৰাধিকক লোকক খাদ্য যোগানৰ পদক্ষেপ গ্ৰহণ কৰিছে

प्रविष्टि तिथि: 30 APR 2020 4:18PM by PIB Guwahati

ক’ভিড-১৯ৰ বাবে বলৱৎ লকডাউনৰ সময়ছোৱাত বিনামূলীয়া গৰম খাদ্য বিতৰণৰে ভাৰতীয় ৰে’লৱেয়ে আজি তিনি মিলিয়নৰ সংখ্যা স্পৰ্শ কৰিলে৷ ২০ এপ্ৰিল ২০২০ তাৰিখে ভাৰতীয় ৰে’লৱেয়ে ২ মিলিয়ন বিনামূলীয়া খাদ্য বিতৰণৰ সংখ্যা স্পৰ্শ কৰিছিল আৰু কেৱল ১০ দিনতেই আন এক মিলিয়নৰ সংখ্যা স্পৰ্শ কৰি এই লক্ষ্য পূৰণ কৰিলে৷

ভাৰতীয় ৰে’লৱেৰ কৰ্মীসকলে ২৮ মাৰ্চ ২০২০ তাৰিখৰ পৰা নিৰৱচ্ছিন্নভাৱে অভাৱগ্ৰস্ত লোকক বিনামূলীয়া গৰম খাদ্য বিতৰণ কৰি আহিছে৷ আৰপিএফ, জিআৰপি, মণ্ডলসমূহৰ বাণিজ্যিক বিভাগসমূহ, ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু এনজিঅ’সমূহৰ সহযোগিতা ৰে’লৱেয়ে এই খাদ্য বিতৰণ কৰি আহিছে৷

নতুন দিল্লী, বেংগালোৰ, হুবলি, মুম্বাই চেণ্ট্ৰেল, আহমেদাবাদ, ভুছাৱল, হাওড়া, পাটনা, গয়া, ৰাঁচী, কাতিহাৰ, দীন দয়াল উপাধ্যায় নগৰ, বালাশোৰ, বিজয়ৱাড়া, খুৰদা, কাটাপডি, তিৰুচিৰাপল্লী, ধানবাদ, গুৱাহাটী, সমষ্টিপুৰ, প্ৰয়াগৰাজ, ইটাৰ্ছি, বিশাখাপট্টনম, চেংগালপাটু, পুণে, হাজিপুৰ, ৰায়পুৰ আৰু টাটা নগৰত থকা আইআৰচিটিচিৰ পাকঘৰসমূহৰ জৰিয়তে ৩০ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত খাদ্য বিতৰণ কৰি অহা হৈছে৷

 

****

DJN/MKV/MANN


(रिलीज़ आईडी: 1619664) आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Gujarati , Odia , Telugu , Kannada , Malayalam