মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ আৰু ‘লকডাউন’ৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষাসূচী আৰু শৈক্ষিক-দিনপঞ্জী সংক্ৰান্তীয় ‘ইউজিচি’ৰ বিধি-নিৰ্দেশনা

Posted On: 29 APR 2020 8:16PM by PIB Guwahati

ভিড-১৯ আৰু ইয়াৰ পৰৱৰ্তি পৰিস্থিতিত বলবত্ কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষৰ যাতে বিশেষ ক্ষতি নহয় সেয়া নিশ্চিত কৰি পৰীক্ষাসূচী অৰু শৈক্ষিক দিনপঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত পৰামৰ্শ দান কৰাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ(ইউজিচি)য়ে এক বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল

ইউজিচি-ৰ প্ৰাক্তন সদস্য, হাৰিয়াণাত থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভুতপূৰ্ব উপাচাৰ্য, অধ্যাপক আৰ চি কুহাড়ে এই বিশেষজ্ঞ সমিতিখনৰ নেতৃত্ব বহণ কৰিছিল। যোৱা ২৭ এপ্ৰিল, ২০২০ত অনুষ্ঠিত সভাত ইউজিচি-য়ে বিশেষজ্ঞ সমিতিখনে দাখিল কৰা প্ৰতিবেদনখনৰ সন্দৰ্ভত যাৱতীয় আলোচনা কৰাৰ লগতে পৰীক্ষা আৰু শৈক্ষিক দিনপঞ্জী সম্পৰ্কীয় বিধি-নিৰ্দেশনাৱলী গ্ৰহণ কৰে।

ভিড-১৯ আৰু ইয়াৰ পৰৱৰ্তি পৰিস্থিতিত বলবত্ কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত যুগুতোৱা এই বিধি-নিৰ্দেশনাৱলী আজি নতুন দিল্লীত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ বিভাগৰ মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল নিশাংকৰ উপস্থিতিত আনুষ্ঠানিক ভাবে ঘোষণা কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰালয়টোৰ উচ্চ শিক্ষা বিভাগৰ সচিব, শ্ৰী অমিত খাৰে আৰু অন্যান্য জ্যেষ্ঠ বিষয়া-বৰ্গ উপস্থিত থাকে।

ইউজিচিয়ে আজি ঘোষণা কৰা বিধি-নিৰ্দেশনাৱলী হ :

১. ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ-ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতাৰ সমীক্ষা বৰ্তমান আৰু পূৰ্বৰ আভ্যন্তৰীণ পৰীক্ষাৰ মূল্যয়ণৰ ভিত্তিত কৰা হব। কভিড-১৯য়ে সৃষ্টি কৰা সংকট প্ৰশমিত হোৱা ৰাজ্যসমূহত জুলাই মাহত পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হব।

২. টাৰ্মিনেল ছেমিষ্টাৰ-ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা জুলাই মাহত অনুষ্ঠিত কৰা হব।

৩. প্ৰতিখন বিশ্ববিদ্যালয়তে শৈক্ষিক দিনপঞ্জী আৰু পৰীক্ষা সম্পৰ্কীয়প্ৰসংগসমূহ চোৱা-চিতা কৰিব পৰাকৈ ভিড-১৯ কোষ গঠন কৰা হব।

৪. দ্ৰুত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ এটা ভিড-১৯ কোষ ইউজিচি-টো গঠন কৰা হব।

বিধি-নিৰ্দেশনাৱলীৰ উল্লেখনীয় দিশ :

বিধি-নিৰ্দেশনাৱলী পৰামৰ্শমূলক হ

ভিড-১৯ সংক্ৰান্তীয় প্ৰসংগসমূহৰ ক্ষেত্ৰত কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয়সমূহে নিজাববীয়া পৰিকল্পনা যুগুতাব পাৰিব।

সামাজিক ব্যৱধানবিধি মানি চলিব লাগিব।

পৰীক্ষা :

যতদূৰ সম্ভৱ কম সময়তে পৰীক্ষা সম্পন্ন কৰাৰ বাবে বিশ্ববিদ্যালসমূহে বিকল্প আৰু সৰল পন্থা গ্ৰহণ কৰিব পাৰিব।

পৰীক্ষাৰ সময় ৩ঘণ্টাৰ পৰা ২ঘণ্টালৈ হ্ৰাস কৰাৰ দৰে পাৰদৰ্শী আৰু উদ্ভাৱনী পন্থা গ্ৰহণ কৰিব।

বিশ্ববিদ্যালয়সমূহে টাৰ্মিনেল, ইণ্টাৰমিডিয়েট অথবা বাৰ্ষিক পৰীক্ষাসমূহ অফলাইন অথবা অনলাইন ব্যৱস্থাৰে সম্পন্ন কৰিব পাৰিব। সকলো ক্ষেত্ৰতে সামাজিক ব্যৱধানবিধি মানি চলিব লাগিব।

শৈক্ষিক দিনপঞ্জীত আগবঢ়োৱা পৰামৰ্শৰ আধাৰত স্নাতকোত্তৰ, স্নাতক পাঠ্যক্ৰম, কাৰ্যক্ৰম আদিৰ টাৰ্মিনেল আৰু বাৰ্ষিক পৰীক্ষসমূহ অনুষ্ঠিত কৰিব। সামাজিক ব্যৱধানবিধি মানি চলি অনুষ্ঠিত কৰিবলগীয়া এইসমূহ পৰীক্ষাৰ সময় বিশ্ববিদ্যালয়সমূহে নিৰ্দ্ধাৰণ কৰিব।

পৰিস্থিতিৰ বিস্তৃত সমীক্ষা কৰাৰ পিচত ছেমিষ্টাৰ, বাৰ্ষিক পৰীক্ষা অনুষ্ঠিতকৰণ সন্দৰ্ভত সিদ্ধান্ত বিশ্ববিদ্যালয়সমূহে।

এই সংক্ৰান্তীয় সবিশেষ তথ্যৰ বাবে তলৰ লিংক-ত সংযোজিত হব পাৰিব।

Click here for detailed UGC Guidelines on Examinations and Academic Calendar for the Universities in View of COVID-19 and Subsequent Lockdown

 

******

NB/AKJ/AK



(Release ID: 1619658) Visitor Counter : 427